Vijaya dashami: নলবাৰীৰ সন্ধা পাগলাদিয়াৰ ঘাটত জিলা প্ৰশাসনৰ উদ্যোগত দেৱী বিসৰ্জন - পূজাৰ প্ৰতিমা বিসৰ্জন

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 7:23 PM IST

নলবাৰী, ২৪ অক্টোবৰ : আজি বিজয়া দশমী । ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা হোৱা দুৰ্গতি নাশিনী দেৱী দুৰ্গাক অশ্ৰুশিক্ত নয়নৰে ভক্তসকলে দিলে বিসৰ্জন । দূৰ্গতিনাশিনী, দশভূজাক ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে নৈ সমূহত দিয়া হৈছে বিসৰ্জন । নলবাৰীতো জিলা প্ৰশাসনৰ উদ্যোগত পূব প্ৰান্তস্থিত সন্ধা-পয়লা পাগলাদিয়া ঘাটত দেৱী বিসৰ্জন দিয়া হয় ।

জিলাখনৰ প্ৰায় ৭৫ খনকৈ পূজা মণ্ডপৰ দেৱী বিসৰ্জন দিয়া হয় নলবাৰীৰ পাগলাদিয়াত । অশ্ৰুশিক্ত নয়নৰে, দেৱীক আৰাধানা কৰি সম্পূৰ্ণ নিয়াৰিকৈ আৰক্ষী-প্ৰসাশনৰ সহযোগত ভক্তসকলে দেৱীক বিসৰ্জন কৰে পাগলাদিয়াত । সকলো পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰাকৈ আৰক্ষী, চি আৰ পি এফ বাহিনী, এছ দি আৰ এফ, স্বাস্থ্য বিভাগ আদি সষ্টম হৈ থকা পৰিলক্ষিত হয় নলবাৰীৰ এই দেৱী বিসৰ্জন ঘাটত ।

আনহাতে সম্পূৰ্ণ পৰিৱেশ নিৰীক্ষণ কৰে জিলা আয়ুক্তকে ধৰি জিলা প্ৰসাশন, আৰক্ষী বাহিনীৰ উচ্চ পদস্থ বিষয়াসকলে । উল্লেখ্য যে, প্ৰতিমা বিসৰ্জনস্থলীত প্লাষ্টিকজাতীয় সামগ্ৰী আৰু ৰাসায়নিক সামগ্ৰী নেপেলাবলৈ জিলা প্ৰশাসনৰ পৰা নিৰ্দেশনা জাৰি কৰা হয় ৷ ইয়াতে গ্ৰীণগ্লোৱ নামৰ এটা বেচৰকাৰী সংস্থাই নদীৰ পানী কলুষিত কৰিব পৰা সামগ্ৰীসমূহ আঁতৰ কৰি চৰ্চাত অহাও পৰিলক্ষিত হয় । মন কৰিবলগীয়া যে, এন্ধাৰ হোৱাৰ আগতেই নলবাৰীৰ সকলো দেৱী সুকলমে বিসৰ্জন দিয়া হয় ।

লগতে পঢ়ক : Durga immersion in Guwahati : চূণচালি জয়পুৰ ঘাটত প্ৰায় ৪০ খন পূজাৰ প্ৰতিমা বিসৰ্জন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.