Unique Bhelaghar in Lakhimpur : প্ৰদূষণমুক্ত পৃথিৱী বিচাৰি লখিমপুৰত ভেলাঘৰ নিৰ্মাণ - Magh Bihu Assam

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 12, 2023, 7:35 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ দুটা দিন ৷ ৰাজ্যৰ চৌদিশে এতিয়া ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷ বিভিন্ন আৰ্হিত নিৰ্মান কৰি থকা হৈছে ভেলাঘৰ ৷ ইয়াৰ মাজতে কিছু ব্যতিক্ৰম লখিমপুৰ জিলাৰ পথালিপাহাৰৰ পিঠাগুৰি মিছিং গাঁও (Pathalipahar Bheleghar Lakhimpur)৷ গাঁওবাসীয়ে প্ৰতিবছৰে ব্যতিক্ৰমী আৰ্হিৰে নিৰ্মাণ কৰি আহিছে ভেলাঘৰ ৷ এইবাৰ তেওঁলোকৰ ভেলাঘৰৰ আৰ্হি হৈছে সমাজ জীৱনৰ পৰা হেৰাই যাবলৈ ধৰা গৰুগাড়ী, ঘোৰাগাড়ীৰ লগতে চাইকেল ৷ প্ৰদূষণমুক্ত এইসমূহ বাহনৰ আৰ্হিত বৃহত্তৰ পিঠাগুৰি মিছিং গাঁৱৰ ৰাইজে নিৰ্মাণ কৰি আছে ভেলাঘৰ (Unique Bhelaghar at Pathalipahar)৷ তদুপৰি পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ কৰিছে বহুকেইটা সৰু-বৰ মেজি ৷ এনেধৰণৰ চিন্তাৰে গাঁওবাসীয়ে কামনা কৰিছে একোখন প্ৰদূষণমুক্ত পৃথিৱী (Lakhimpur Bhelaghar)৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.