thumbnail

By

Published : Feb 8, 2023, 9:54 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

ETV Bharat / Videos

Attempt to Kidnap: অপহৰণকাৰীৰ হাতত কামুৰি ৰক্ষা পৰিল নাবালিকা; গুৱাহাটীত আলিয়ে গলিয়ে ঘূৰিছে অপহৰণকাৰী

গুৱাহাটী, ৮ ফেব্ৰুৱাৰী: আৰক্ষীৰে গিজগিজাই থকা ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে চুৰি, ডকাইতি, ধৰ্ষণ, হত্যা, অপহৰণৰ দৰে বিভিন্ন অপৰাধজনিত ঘটনা (Crime rate increasing in Guwahati)। ১৫ খনতকৈ অধিক আৰক্ষী থানা থকা গুৱাহাটী মহানগৰীত দিন দুপৰতে অপহৰণৰ ঘটনা সংঘটিত হোৱা কাৰ্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ৰাজধানী চহৰখন এতিয়া কণমানি শিশুও সুৰক্ষিত নহয় । অংকুৰ চুৰাণাৰ অপহৰণৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই মহানগৰীত বুধবাৰে পুনৰ আন দুটা অপহৰণৰ ঘটনা সংঘটিত হয় (Abduction case in Guwahati) । অৱশ্যে অপহৰণৰ চেষ্টাত সফল হ'ব নোৱাৰিলে অপহৰণকাৰী (Crime in Guwahati city)।  

বুধবাৰে দিনত মহানগৰীৰ কামাখ্যা গেট আৰু ডাউন টাউনত অপহৰণৰ অপচেষ্টাৰ ঘটনা সংঘটিত হয় (Attempt to kidnap in Guwahati) । কামাখ্যা গেটত স্কুলীয়া ছাত্ৰীক অপহৰণৰ অপচেষ্টা চলায় বাইকত অহা এটা দুৰ্বৃত্তৰ দলে । স্কুলৰ পৰা আহি আছিল দ্বিতীয় শ্ৰেণীৰ ছাত্ৰীগৰাকী । প্ৰত্যক্ষদৰ্শীয়ে চিঞৰ-বাখৰ কৰাত পলায়ন কৰে অপহৰণকাৰীয়ে । ইপিনে অনুৰূপ ঘটনা ডাউন টাউনৰ দ্বাৰকা নগৰতো সংঘটিত হয় । স্কুলৰ পৰা আহি থকা অৱস্থাত এগৰাকী ১০/১২ বছৰীয়া ছাত্ৰীক অপহৰণৰ চেষ্টা চলায় দুৰ্বৃত্তৰ দলে । স্থানীয় লোকৰ তৎপৰতাত কথমপি ৰক্ষা পৰে ছাত্ৰীগৰাকী (Minor attempt to be kidnapped in Guwahati)।  

ছাত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, মুখত ক’লা কাপোৰ পিন্ধি বাইকত অহা এটা দুৰ্বৃত্তৰ দলে ছাত্ৰীগৰাকীক বাইকত উঠিবলৈ কয় । কণমানি ছাত্ৰীগৰাকীয়ে অস্বীকাৰ কৰাত দুৰ্বৃত্তৰ দলটোৱে ছাত্ৰীগৰাকীক জোৰ কৰি বাইকত উঠাবলৈ চেষ্টা চলায় । লগে লগে ছাত্ৰীগৰাকীয়ে অতি চতুৰতাৰে দুৰ্বৃত্তৰ হাতত কামুৰি চিঞৰ-বাখৰ লগাই দৌৰ মাৰে (Crime rate in Guwahati city) । সেইসময়তে ঘটনাস্থলীত স্থানীয় লোক গোট খোৱাত কথমপি ৰক্ষা পৰে ছাত্ৰীগৰাকী । এই সন্দৰ্ভত আৰক্ষীক অৱগত কৰা হৈছে যদিও এই পৰ্যন্ত ধৰা পৰা নাই দুয়োটা ঘটনাত জড়িত দুৰ্বৃত্ত ।

মনকৰিবলগীয়া যে, অসম আৰক্ষীৰ তথ্য মতে যোৱা ছবছৰত মহানগৰীত অপৰাধৰ ঘটনা বৃদ্ধি পাইছে । তথ্য মতে, ২০১১ চনৰ পৰা ২০১৫ চনলৈ গুৱাহাটী মহানগৰীত মুঠ ১৮,৬৬৬ টা হত্যা, অপহৰণ, ডকাইতি, চুৰি আদি বিভিন্ন অপৰাধৰ ঘটনা সংঘটিত হৈছিল । তাৰ বিপৰীতে ২০১৬ চনৰ পৰা ২০২২ চনলৈকে গুৱাহাটী মহানগৰীত মুঠ ৩১,০০৫ টা হত্যা, অপহৰণ, ডকাইতি, চুৰি আদি বিভিন্ন অপৰাধৰ ঘটনা সংঘটিত হৈছে । ইয়াৰে ভিতৰত ২০১৬ চনৰ পৰা ২০২২ চনলৈ ৩৬৪৮ টা অপহৰণৰ ঘটনা সংঘটিত হৈছে (Crime statistics of Guwahati) ।  

উল্লেখ্য যে, শেহতীয়া বিধানসভাৰ শীতকালীন অধিবেশনত ৰাজ্য তথা গুৱাহাটীত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাই চৰ্চা লাভ কৰিছে । ইয়াৰ পিচত গুৱাহাটীৰ আৰক্ষী আয়ুক্তক বদলি কৰি নতুন আৰক্ষী আয়ুক্ত নিযুক্ত কৰা হৈছিল । কিন্তু এই ক্ষেত্ৰত চৰকাৰৰ এই পদক্ষেপে গুৱাহাটীবাসীক নিৰাপত্তা দিব পৰা নাই । 

লগতে পঢ়ক: Ankur Surana Kidnap Case: অংকুৰ চুৰাণাৰ অপহৰণকাণ্ডত ব্যৱহৃত গাড়ী উদ্ধাৰ

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.