thumbnail

Spiral Potato in Sarupothar: সৰুপথাৰত দুই যুৱতীৰ স্বাৱলম্বিতাৰ নিদৰ্শন

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 8:55 PM IST

সৰুপথাৰ,৬ ছেপ্টেম্বৰ: ভগৱান শ্ৰীকৃষ্ণই যিদৰে ৰথৰ সাৰথি হৈ কুৰুক্ষেত্ৰৰ নেতৃত্ব দিছিল, ঠিক একেদৰে দুগৰাকী অসমীয়া যুৱতীৰ বাবে 'সাৰথি' হৈ পৰিছে সমাজ পৰিৱৰ্তনৰ এক কুৰুক্ষেত্ৰ  ৷ অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ পথত নিজা প্ৰচেষ্টাৰে সৰুপথাৰত 'সাৰথি' নামেৰে এখন খাদ্যৰ বিপণী খুলি সপোন দেখিছে সৰুপথাৰৰ হিমাশ্ৰী গগৈ আৰু বাৰ্বী দাস নামৰ দুগৰাকী শিক্ষিত যুৱতীয়ে ।  

'স্বাৱলম্বী হোৱাৰ পথত এখোজ', 'পথাৰ আমাৰ, বজাৰ আমাৰ' এনেধৰণৰ মূল মন্ত্ৰ লৈ 'সাৰথি'য়ে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ নিদৰ্শন দাঙি ধৰিছে । সৰুপথাৰত নগৰত হিমাশ্ৰী আৰু বাৰ্বীয়ে ৰাইজক Spiral Potato ৰ সোৱাদ দিছে । প্ৰথম দিনটোৰ পৰাই সাৰথি বিপণীখনত দেখা গ'ল গ্ৰাহকৰ ভিৰ । বিপণীখনত Spiral Potato নিমিষতে শেষ হয় ।  

উল্লেখযোগ্য যে, গ্ৰাহকসকলৰ মাজতে সৰুপথাৰৰ এজন গ্ৰাহকৰ ব্যতিক্ৰম চিন্তা, দুয়োগৰাকীকে শুভেচ্ছা জনাই অনাগত দিনত অসমৰ থলুৱা পিঠা-পনাৰ ব্যৱস্থা কৰি অন্যান্য থলুৱা খাদ্য উপলব্ধ কৰিবলৈ পৰামৰ্শ দিয়ে গ্ৰাহকগৰাকীয়ে । হিমাশ্ৰী আৰু বাৰ্বীয়ে সৰুপথাৰত অসমৰ থলুৱা খাদ্যৰ যোগান ধৰিবলৈও চিন্তা-চৰ্চা কৰিছে ।  

লগতে পঢ়ক: AASU protest in Duliajan: ৰামেশ্বৰ তেলীৰ গৃহ সমষ্টিত আছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.