মৰিগাঁও: ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি শনিবাৰে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু লাহৰীঘাট সমজিলাৰ সহযোগত লাহৰীঘাট সমজিলাৰ খেলপথাৰৰ পৰা এক বিশাল মটৰচাইকেল ৰেলী উলিওৱা হয় । লাহৰীঘাট সমজিলাৰ খেলপথাৰৰ পৰা লাহৰীঘাট বজাৰ হৈ হাঁহচৰা, দলৈগাঁও, মৈৰাবাৰী টাউনৰ মাজেদি চহৰীয়াগাঁও, গৰুখটি, বৰচলা, নগাবন্ধা, ভুৰবন্ধা হৈ প্ৰায় ৪০ কিলোমিটাৰ দীঘল ৰাস্তা মটৰচাইকেল চলাই মৰিগাঁও তৰুণৰাম খেলপথাৰত এই ৰেলী সমবেত হয় ।
প্ৰত্যেকজন বাইক চালকে নিজৰ নিজৰ বাইকত জাতীয় পতাকা লগাই সুন্দৰকৈ শৃংখলাবদ্ধভাৱে বাইক চলাই যায় । এই বৃহৎ বাইক ৰেলী আকৰ্ষণীয় হৈ পৰে মৰিগাঁও জিলাত । এই ৰেলীৰ প্ৰথম শাৰীত মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য, ধ্ৰুৱজ্যোতি নাথে নিজৰ নিজৰ মটৰচাইকেল চলাই যায় ।
মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই এই মটৰচাইকেল ৰেলীত অংশগ্ৰহণ কৰি কয়, "আজি এই বিশাল বাইক ৰেলীয়ে সাতামপুৰুষীয়া ভাৰতীয় সংস্কৃতি অধিক শক্তিশালী হিচাপে গঢ়ি তোলাত সহায় কৰিছে । বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক আজি মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত একত্ৰিত হৈ দেশৰ প্ৰতি ভালপোৱা আৰু মৰমৰ এক স্পষ্ট নিৰ্দশন দাঙি ধৰিছে । লাহৰীঘাট-মৈৰাবাৰীবাসী আজি সংবিধান প্ৰৱৰ্তনৰ স্মৃতিত বাইক ৰেলীৰে ৰাজপথত ওলাই আহিছে ।"
তেওঁ লগতে কয়, "এই মটৰচাইকেল ৰেলীত মৰিগাঁও জিলাৰ বিভিন্ন শ্ৰেণীৰ যুৱক-ৰাইজে অংশগ্ৰহণ কৰি একতাৰ শক্তি আৰু অধিক বৃদ্ধি কৰে । আজি আমাৰ ভাৰতবৰ্ষ বা আইমাতৃক যদি কোনোবাই বেয়া চকুৰে চায়, গোটেই ভাৰতবৰ্ষৰ নাগৰিক একত্ৰিত হৈ সেই একতা আৰু অখণ্ডতা কেতিয়াও বিফলে যাবলৈ নিদিয়ে, তাকে আজি একত্ৰিত হৈ সংকল্প লোৱাৰ সময় আৰু আজি তাৰবাবেই আমি একত্ৰিত হৈছো ৷"
লগতে পঢ়ক: দিল্লীৰ গণৰাজ্য দিৱসৰ পেৰেডত জিলিকিব ঐতিহাসিক চৰাইদেউ মৈদাম