ETV Bharat / state

মুছলমান মানুহে যদি বিজেপিক ভোট দিয়ে সেয়া ভুল বুলি ক'ম: মনোৰঞ্জন তালুকদাৰ - CPIM MEETING AT RUPOHIHAT

কংগ্ৰেছৰ দখলত থকা ৰূপহীহাটত তৎপৰতা বাওঁদল চি পি আই এমৰ । নুৰুল হুদাৰ ৰূপহীহাটত সাংগঠনিক শক্তি বৃদ্ধিৰ বাবে তৎপৰ চি পি আই এম ।

CPIM held a meeting to enhance organizational strength in Rupohihat
ৰূপহীহাটত চি পি আই এমৰ সভা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 25, 2025, 8:01 PM IST

নগাঁও: ৰাজ্যৰ শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ নেতৃত্বত আঞ্চলিক দল অসম জাতীয় পৰিষদ, ৰাইজৰ দল, চি পি আই এমকে ধৰি বিৰোধী ৰাজনৈতিক দলক লৈ গঠন হৈছিল অসম সন্মিলিত মৰ্চা ।

কিন্তু বিগত উপ-নিৰ্বাচনত বিহালী বিধানসভা সমষ্টিত বিৰোধী ঐক্যৰ প্ৰাৰ্থীক উপেক্ষিত কৰি কংগ্ৰেছে নিজাববীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰাক লৈয়েই ফাঁট মেলিছিল বিৰোধী ঐক্য অসম সন্মিলিত মৰ্চাত ।

ৰূপহীহাটত চি পি আই এমৰ সভা (ETV Bharat Assam)

উপ-নিৰ্বাচনৰ পাছৰ পৰাই এফালে যদি ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আনটো দিশত অৱস্থান অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ অথবা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । উপ-নিৰ্বাচনত বিহালী সমষ্টিত চি পি আই এমৰ প্ৰাৰ্থীক বিৰোধী সন্মিলিত মৰ্চাই সমৰ্থন কৰাৰ পাছ়তো কংগ্ৰেছে নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পাছত এতিয়া নিজা নিজা দলৰ শক্তি বৃদ্ধি কৰিবলৈ তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ ।

বিশেষকৈ বিগত কিছুদিন ধৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৰাজ্যৰ বিভিন্ন সমষ্টিত সভা-সমিতিত অংশগ্ৰহণ কৰি দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত গুৰুত্ব প্ৰদান কৰাৰ সমান্তৰালকৈ শেহতীয়াকৈ চি পি আই এমেও আৰম্ভ কৰিছে সাংগঠনিক তৎপৰতা । কংগ্ৰেছৰ সৈতে থকা মিত্ৰতা ভংগ হোৱাৰ পাছতেই কংগ্ৰেছৰ দখলত থকা সমষ্টিত তৎপৰতা আৰম্ভ কৰিছে বাঁওদল চি পি আই এমেও ।

দলটোৰ সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ উপস্থিতিত কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই প্ৰতিনিধিত্ব কৰা ৰূপহীহাট বিধানসভা সমষ্টিত শুকুৰবাৰে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে চি পি আই এমে । ৰূপহীহাট সমষ্টিৰ জুৰীয়া বজাৰত এখনি ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি বিজেপিক সমালোচনাৰে থকাসৰকা কৰে চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে ।

কংগ্ৰেছৰ দখলত থকা ৰূপহীহাট সমষ্টিত ৰজহুৱা সভা অনুষ্ঠিত কৰি চি পি আই এমে সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছে যদিও ৰূপীহাট সমষ্টিত আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সম্ভাৱনা নথকা বুলিয়েই সংবাদ মাধ্যমক জানিবলৈ দিয়ে বিধায়ক মনোৰঞ্জন তালুকদাৰে । অৱশ্যে তেওঁ আগন্তক পঞ্চায়ত নিৰ্বাচনত ৰূপহীহাট সমষ্টিৰ ৱাৰ্ডতহে প্ৰাৰ্থিত্ব দিয়াৰ ইংগিত দিলে ।

বিধায়ক তালুকদাৰে সভাখনত অংশগ্ৰহণ কৰি কয়, "আজি মুছলমান মানুহে যদি বিজেপিক ভোট দিয়ে এইটো মই নিশ্চিতভাৱে ভুল বুলি ক'ম । কৰ'বাত তেওঁলোকৰ অভিযোগ আছে ৰকিবুলৰ বিৰুদ্ধে সেইটো বেলেগ কথা । কিন্তু নিৰ্বাচন এটাত ভাৰতীয় জনতা পাৰ্টী জয়ী হোৱাৰ বাবে কাম-কাজ কৰিব মুছলমান মানুহে, সেইটো মই উচিত বুলি নাভাবো ।" আগন্তুক নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে সকলোকে সংগঠিত হোৱাৰ বাবে আহ্বান জনাই বিধায়ক মনোৰঞ্জন তালুকদাৰে ।

লগতে পঢ়ক: গাহৰি আখ্যান: কেৰাহীৰ গাহৰি ৰাজনীতিৰ চৌকাত উতলিছে - RAIJOR DAL PRESS MEET

হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিক শিপাসহ ব্ৰহ্মপুত্ৰলৈ দলিয়াব কংগ্ৰেছে : ভূপেন বৰা - SAMVIDHAN RAKSHAK ABHIYAAN

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.