ETV Bharat / state

গাহৰি আখ্যান: কেৰাহীৰ গাহৰি উতলিছে ৰাজনীতিৰ চৌকাত - RAIJOR DAL PRESS MEET

থাইলেণ্ডৰ কোম্পানীৰ সৈতে হোৱা ৰাজ্য চৰকাৰৰ বুজাবুজিৰ চুক্তিক লৈ প্ৰতিক্ৰিয়া ৰাইজৰ দলৰ । চৰকাৰক এই চুক্তি বাতিল কৰিবলৈ আহ্বান দলটোৰ ।

Raijor Dal react over state government's MoU with Thailand companies in piggery and business
ৰাইজৰ দলৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 25, 2025, 7:08 PM IST

গুৱাহাটী: 'এডভাণ্টেজ আছাম'ৰ গইনা লৈ গাহৰি পালন আৰু ব্যৱসায়ত বিনিয়োগৰ বাবে থাইলেণ্ডৰ কোম্পানীৰ সৈতে হোৱা ৰাজ্য চৰকাৰৰ বুজাবুজি চুক্তিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাইজৰ দলে । এই সন্দৰ্ভত শনিবাৰে গুৱাহাটীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক চিন্ময় বৰাই ।

এই সন্দৰ্ভত সাধাৰণ সম্পাদকগৰাকীয়ে কয়, "থাইলেণ্ডৰ কোম্পানীটোৱে অসমত গাহৰিৰ ব্যৱসায়ৰ বাবে ৩ হাজাৰ কোটি টকা বিনিয়োগ কৰিবলৈ সাজু হৈছে । থাইলেণ্ডৰ চাৰোৱেন পৰ্ক ফাণ্ড চমুকৈ চি পি এফ গ্ৰুপ অফ কোম্পানীয়ে ইয়াত কোনো চেৰিটি কৰিবলৈ অহা নাই । কোম্পানীটোৱে ইষ্ট ইণ্ডিয়া কোম্পানীৰ দৰেই ইয়াত ব্যৱসায় কৰিবলৈ আহিছে । এই কাৰ্যৰ বাবে ১০ লাখ থলুৱা গাহৰি পালকৰ ভৱিষ্যৎ অন্ধকাৰ হৈ পৰিব ।"

ৰাইজৰ দলৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

তেওঁ পুনৰ কয়, "থাইলেণ্ডৰ কোম্পানীটোৱে আমাক গাহৰি পালনৰ প্ৰশিক্ষণ দিব নালাগে । কাৰণ আমাৰ অসমৰ জনজাতীয় লোকসকল গাহৰি পালনত সিদ্ধহস্ত । এই কোম্পানীটোৱে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বজাৰ দখল কৰিবলৈ আহিছে । ২০১২ চনৰ পশুধনৰ পিয়ল অনুসৰি ১৫.৮৯ শতাংশ গাহৰি অসমত আছিল । ২০১৯ চনত উত্তৰ-পূৰ্বাঞ্চলৰ ৫০ শতাংশ কেৱল অসমতে আছিলে ।"

ইয়াৰোপৰি সাধাৰণ সম্পাদকগৰাকীয়ে কয়, "এইটো কথা ঠিক যে গাহৰিৰ চাহিদাতকৈ আমাৰ ইয়াত উৎপাদন বহুত কম । কিন্তু, চৰকাৰে থলুৱা গাহৰি পালকসকলক বিভিন্ন ধৰণে উৎসাহিত কৰিব লাগিছিল । কিন্তু তাকে নকৰি থাইলেণ্ডৰ কোম্পানীক ৰঙা দলিচা পাৰি দিছে চৰকাৰে । চৰকাৰী তথ্য অনুসৰি ৰাজ্যত ১৯ খন গাহৰি ফাৰ্ম আছে । ইয়াৰে ৩ খন ফাৰ্ম বন্ধ আৰু ১৬খন ফাৰ্মৰ অৱস্থা বেয়া । সেই গাহৰি ফাৰ্মসমূহ ভালকৈ চলাৰ ব্যৱস্থা কৰিব লাগিছিল চৰকাৰে ।"

তেওঁ লগতে উল্লেখ কৰে, "থলুৱা গাহৰি পালকসকলক ঔষধ আৰু দানা যোগান ধৰিব লাগিছিল । তাকে নকৰি ৰাজ্যৰ হেজাৰ হেজাৰ গাহৰি পালকৰ জীবন-জীৱিকাৰ পথ বন্ধ কৰি থাইলেণ্ডৰ কোম্পানীটোক ৰাজ্যৰ গাহৰি ব্যৱসায় গতাব বিচৰা সিদ্ধান্তক মানি ল'ব নোৱাৰোঁ । থাইলেণ্ডৰ কোম্পানীটোৰ বহু বদনাম আছে । সেই কোম্পানীৰ দুৰ্নীতিৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় কাকতত বাতৰি প্ৰকাশ পাইছিল । বিজেপি চৰকাৰে বাওঁপন্থীৰ নাম শুনিলেই সাত জাপ মাৰে । কিন্তু থাইলেণ্ডৰ এই কোম্পানীটো চীনৰ বাওঁপন্থী দলৰ হিয়াৰ আমঠু ।" চৰকাৰে যদি এই চুক্তি বাতিল নকৰে, তেন্তে প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব বুলি সকীয়াই দিয়ে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক চিন্ময় বৰাই ।

লগতে পঢ়ক: বৰপেটা আছুৰ ২৬ ঘন্টীয়া অনশন - AASU HUNGER STRIKE IN BARPETA

খনিকৰ খেলপথাৰ সাজু: প্ৰথমবাৰলৈ ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে উৰুৱাব পতাকা, গাড়ী-মটৰ চলাচলৰ নতুন পথসূচী - REPUBLIC DAY 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.