গুৱাহাটী: এটা সময় আছিল যেতিয়া সমগ্ৰ অসমখনেই সন্ত্রাসেৰে জৰ্জৰ হৈ আছিল । সঘন বোমা বিস্ফোৰণ, আৰক্ষী-উগ্ৰপন্থীৰ সংঘৰ্ষৰে ৰাজ্যখন অস্থিৰ হৈ আছিল । বৰ্তমান সময়ত পূৰ্বৰ সেই পৰিৱেশ নাই যদিও ৰাজ্যখনত উগ্ৰপন্থী সমস্যাৰ একেবাৰে অন্ত পৰা নাই । ৰাজ্যখনৰ এতিয়াও সময়ে সময়ে উগ্রপন্থী সমস্যাই গা কৰি উঠে আৰু যাৰ বাবে ৰাজ্যখনত আজিও নিৰাপত্তা বাহিনীৰ উগ্ৰপন্থী বিৰোধী অভিযান অব্যাহত আছে ।
বিগত বৰ্ষত সংঘটিত উগ্ৰপন্থী সম্পৰ্কীয় ঘটনাৰ পৰিসংখ্যা :
বিগত বৰ্ষটোত ৰাজ্যখনত উগ্ৰপন্থী সম্পর্কীয় ৭৫টাৰো অধিক ঘটনা সংঘটিত হৈছে । ইয়াৰ বিপৰীতে ২০২৩ চনত এই সংখ্যা আছিল ৮১টা আৰু ২০২২ চনত আছিল ৮২টা । এই তথ্য সদৰী কৰিছে অসম আৰক্ষীৰ ডি আই জি পৰ্যায়ৰ এগৰাকী বিষয়াই । নাম প্ৰকাশত অনিচ্ছুক বিষয়াগৰাকীয়ে দিয়া তথ্য অনুসৰি বিগত বৰ্ষত অৰ্থাৎ ২০২৪ চনৰ জানুৱাৰী মাহত ৰাজ্যত উগ্ৰপন্থী সংক্ৰান্তীয় ছটা ঘটনা সংঘটিত হৈছিল । সেইদৰে ফেব্ৰুৱাৰী মাহত ৩টা, মাৰ্চত ২টা, এপ্ৰিলত ৪টা, মে'ত ৪টা, জুনত ৬টা, জুলাইত ৪টা, আগষ্টত ১১টা, ছেপ্টেম্বৰত ৯টা, অক্টোবৰত সর্বাধিক ১২টা, নৱেম্বৰত ৭টা আৰু ডিচেম্বৰৰ প্ৰায় ৭টা ঘটনা সংঘটিত হৈছিল ।
আনহাতে বিগত বৰ্ষটোত নিৰাপত্তা বাহিনীয়ে উগ্ৰপন্থী আৰু উগ্ৰপন্থীৰ হৈ কাম কৰা ১৩০ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল । ইয়াৰে ছেপ্টেম্বৰ মাহত সৰ্বাধিক ২৫ জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰা হৈছিল । গ্ৰেপ্তাৰ হোৱা উগ্রপন্থী সংগঠনৰ ভিতৰত আলফা স্বাধীনৰ সদস্যৰ সংখ্যাই বেছি । গ্ৰেপ্তাৰ হোৱা সদস্যসমূহ ক্রমে আলফা স্বাধীন, কে এল অ', কে এল অ’-কে এন, ইছলামিক ষ্টেট, এ বি টি, ইউ কে এন এ, এন এছ চি এন-কে, এন এছ চি এন-আই-এম, আনলা, জৈইছ-ই-মহম্মদ আদি সংগঠনৰ । বৰ্ষটোত উগ্ৰপন্থী সংগঠনৰ চাৰিজন সদস্যই আত্মসমৰ্পণ কৰে । ইয়াৰে তিনিজন কে পি এল এৰ আৰু এজন আলফা স্বাধীনৰ ।
ইফালে সংঘৰ্ষত উগ্রপন্থী নিহত হোৱা ঘটনা বিগত বৰ্ষটোত এটা হৈছে । কাছাৰ জিলাৰ ভুৱন পাহাৰত ১৫ জুলাইত আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত এজন মাৰ উগ্ৰপন্থী নিহত হৈছিল । বৰ্ষটোত বোমা-বাৰুদ, অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হোৱা ৩৫ টাৰো অধিক ঘটনা সংঘটিত হৈছিল ।
কোন মাহত কিমান ঘটনা সংঘটিত হৈছিল :
বিগত বৰ্ষটোৰ আৰম্ভণিতে অসম আৰক্ষীয়ে বৃহৎ সাফল্য লাভ কৰি ১৭ জানুৱাৰীত গোৱালপাৰা জিলাত বিপুল পৰিমাণৰ বিস্ফোৰক জব্দ কৰিছিল । উদ্ধাৰৰ ভিতৰত ২০০০টা জেলেটিন ষ্টিক, ১৮০০ টা ডিট'নেটৰ, ৮ বাণ্ডিল ব্লাষ্টিং তাঁৰ আৰু এটা বেটাৰী জব্দ কৰিছিল আৰক্ষীয়ে । ২৭ জানুৱাৰীত কোকৰাঝাৰ জিলাৰ গোসাইগাঁও অঞ্চলত কমতাপুৰ লিবাৰেশ্যন অর্গেনাইজেশ্যনৰ ধৃত দুই কেডাৰৰ পৰা প্ৰায় ৫ কিল'গ্ৰাম ওজনৰ এটা হস্তনির্মিত বোমা জব্দ কৰিছিল । ১১ ফেব্ৰুৱাৰীত সেনা আৰু অসম আৰক্ষীয়ে তিনিচুকীয়া জিলাৰ বাঘজানত অভিযান চলাই দুজন ব্যক্তিক আটক কৰি এটা পিষ্টলৰ লগতে কেইবাটাও সজীৱ গুলী জব্দ কৰিছিল । সিদিনাই অসম আৰক্ষীয়ে বৰপেটা জিলাৰ লাছাঙাত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ লগতে অভিযান স্থানৰ পৰা হস্তনির্মিত পিষ্টল, সজীৱ গুলী আৰু কিছু বিস্ফোৰক সামগ্রী উদ্ধাৰ কৰিছিল ।
কাৰ্বি আংলং জিলাৰ ডিফুত ২৫ ফেব্ৰুৱাৰীত তিনিজন ব্যক্তিৰ হাতত থকা অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰকৰ বিশাল ভাণ্ডাৰ উদ্ধাৰ হৈছিল । উদ্ধাৰ হোৱা অস্ত্ৰসমূহৰ ভিতৰত আছিল এটা এ কে ৪৭ এছাল্ট ৰাইফল, তিনিটা ০.৩২ মিঃমিঃ পিষ্টল, এটা হস্তনির্মিত পিষ্টল, সজীৱ গুলী থকা মেগজিন আৰু হেণ্ড গ্রেনেড । ৩ মাৰ্চত সেনা আৰু অসম আৰক্ষীৰ এটা দলে মিজোৰাম সীমান্তৰ সমীপৰ কাছাৰ জিলাৰ ৰাজঘাটৰ এটা স্থানত অভিযান চলাই মাটিৰ তলত পুতি থোৱা বিস্ফোৰক সামগ্ৰীৰ বৃহৎ ভঁৰাল উদ্ধাৰ কৰিছিল । উদ্ধাৰৰ ভিতৰত আছিল ২৯০০টা ডিট'নেটৰ আৰু ১৩ কেজি বিস্ফোৰক । ৭ এপ্ৰিলত অসম আৰক্ষীয়ে কাৰ্বি আংলং জিলাৰ খটখটিৰ বালিজান অঞ্চলৰ পৰা দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ হাতৰ পৰা ০.৩২ আৰু ০.২২ কেলিবাৰ পিষ্টলৰ লগতে ১৩ জাঁই গুলী উদ্ধাৰ কৰিছিল ।
অসম আৰক্ষীয়ে ২ মে'ত গুৱাহাটীৰ পৰা নগালেণ্ডৰ ডিমাপুৰৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি এটা ০.২২ পিষ্টলৰ লগতে এটা মেগজিন আৰু ২১টা সজীৱ গুলী জব্দ কৰিছিল । ৮ মে'ত অসম আৰক্ষীয়ে তিনিচুকীয়া জিলাৰ ডুমডুমাৰ কৰ্দৈগুৰি বগড়াৰ পৰা আলফা স্বাধীনৰ এজন প্রাক্তন কেডাৰক গ্ৰেপ্তাৰ কৰি পিষ্টলসহ ১২ ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰিছিল । ২৬ মে'ত অসম আৰক্ষীয়ে বঙাইগাঁও জিলাৰ ক'কিলা থানাৰ অধীনস্থ গোলাপাৰা চতুর্থ খণ্ডত অভিযান চলাই তিনিটা হাতেৰে নির্মিত বোমা, ১৫ পেকেট ডিট'নেটৰ, ৫ পেকেট ফটকা জব্দ কৰিছিল । ১৯ জুনত কৰিমগঞ্জ জিলাৰ শুল্ক বিভাগৰ সৈতে যৌথ অভিযান চলাই আদামটিলা এলেকাত আছাম ৰাইফলছে মেগজিনসহ এটা দেশত নির্মিত ৯ এম এম পিষ্টল, চাৰিটা ৯ এম এমৰ সজীৱ গুলী, চাৰিটা ৭.৬২ এম এমৰ সজীৱ গুলী আৰু এটা ছিংগল বেৰেল ৰাইফল উদ্ধাৰ কৰিছিল ।
৭ জুলাইত অসম আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীয়ে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি থানাৰ অন্তৰ্গত সিংৰিৰ কুট্টামাৰী চৰত অভিযান চলাই এটা পিষ্টল, এটা মেগজিন আৰু ৫টা ০.২২ কেলিবাৰৰ সজীৱ গুলী উদ্ধাৰ কৰিছিল । ১৫ জুলাইত কাছাৰ জিলাৰ ভুৱন পাহাৰত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত তিনিজন উগ্ৰপন্থী নিহত হৈছিল আৰু আৰক্ষীয়ে এটা এ কে-৪৭ ৰাইফল জব্দ কৰিছিল । ২৩ জুলাইত কোকৰাঝাৰ জিলাৰ কোকৰাঝাৰ থানাৰ অন্তৰ্গত দক্ষিণ গ’লাজোড়াত সেনা আৰু অসম আৰক্ষীয়ে যৌথ অভিযান চলাই ১১ টা দেশত নিৰ্মিত ৰাইফল উদ্ধাৰ কৰিছিল ।
১২ আগষ্টত ঢেকীয়াজুলি থানাৰ অন্তৰ্গত বিলাসীগুৰি-বাতাসীপুৰ গাঁৱত আৰক্ষীয়ে গ্রেনেড আৰু আগ্নেয়াস্ত্ৰৰ ভঁৰাল উদ্ধাৰ কৰিছিল । য'ত আছিল চীনত নিৰ্মিত পাঁচটা হেণ্ড গ্রেনেড, পাঁচটা হস্তনির্মিত গ্রেনেড, এটা পিষ্টল, এটা ৰিভলভাৰ আৰু মাটিত পুতি থোৱা এটা ডিট'নেটৰ । সেই সময়ত অসমৰ আৰক্ষী সঞ্চালক প্রধান জি পি সিঙে নেশ্যনেল ডেম'ক্রেটিক ফ্রণ্ট অব বড়োলেণ্ডৰ বিদ্ৰোহীৰ দিনত এই অস্ত্ৰসমূহ লুকুৱাই ৰখাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছিল । ১৩ আগষ্টত নিৰাপত্তা বাহিনীয়ে এটা নতুনকৈ জন্ম হোৱা উগ্ৰপন্থী সংগঠনৰ শিবিৰ চিৰাং জিলাৰ ঘন অৰণ্যত অভিযান চলাই উৎখাত কৰিছিল । এই অভিযানত অট'মেটিক ৰাইফল, চাৰিটা ৰাইফল, মেগজিন থকা তিনিটা পিষ্টল, পাঁচটা ৩৬ নম্বৰৰ উচ্চ বিস্ফোৰক গ্রেনেড, ৫৪ ৰাউণ্ড এ কে ৰাইফলৰ গুলী আৰু ৯ ৰাউণ্ড পিষ্টলৰ গুলী উদ্ধাৰ কৰিছিল ।
আনহাতে ১৫ আগষ্টত আলফা স্বাধীনে সশস্ত্র প্রতিবাদৰ ৰূপত অসমৰ ১৯টা স্থানত বোমা স্থাপন কৰা বুলি দাবী কৰিছিল । সমগ্ৰ অসমৰ ১৯টা স্থান ক্রমে গুৱাহাটী, লখিমপুৰ, শিৱসাগৰ, নলবাৰী আৰু নগাঁৱৰ একাধিক স্থানত সন্দেহজনক সামগ্রী উদ্ধাৰ কৰা হৈছিল । সিদিনাই লখিমপুৰ জিলাৰ দুটা পৃথক স্থানত আৰক্ষীয়ে আই ই ডিৰ কিছু অংশ উদ্ধাৰ কৰিছিল । ২৭ আগষ্টত আৰক্ষী আৰু সামৰিক চোৰাংচোৱাৰ যৌথ অভিযানত কোকৰাঝাৰ জিলাৰ কচুগাঁও থানাৰ অধীনৰ সুদেমপুৰ জংঘল অঞ্চলৰ পৰা মেগজিনসহ এছাল্ট ৰাইফলকে ধৰি আঠটা ৰাইফল উদ্ধাৰ কৰা হৈছিল । ৩১ আগষ্টত তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ পৰা আৰক্ষীয়ে এটা অত্যাধুনিক হেলাৰ এণ্ড ক'চ ছাব মেচিনগান, দুটা মেগজিন, ১৩০ জাঁই গুলী আৰু প্ৰায় এক কিল'গ্রাম পি ই কে বিস্ফোৰক পাউদাৰ উদ্ধাৰ কৰিছিল ।
পহিলা ছেপ্টেম্বৰত আৰক্ষীয়ে আব্দুল সত্তাৰ আৰু নিৰঞ্জন বুঢ়াগোঁহাই নামৰ দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ হাতৰ পৰা এটা পিষ্টল, সজীৱ গুলী, দুখন বাহন, চাৰিটা ম'বাইল ফোন জব্দ কৰিছিল । ১১ ছেপ্টেম্বৰত ভূটান সীমান্তৰ সমীপৰ তামুলপুৰ জিলাৰ পামখেদী দৰঙামেলাৰ পৰা আৰক্ষীয়ে বি এছ এফৰ সৈতে অভিযান চলাই আঠটা গ্রেনেড, দুটা হাতেৰে নিৰ্মিত বন্দুক আৰু কেইবাখনো ধনু-কাঁড় উদ্ধাৰ কৰিছিল । ১২ ছেপ্টেম্বৰত তিনিচুকীয়াৰ পেঙেৰী থানা আৰু ৬ শিখ ৰেজিমেণ্টৰ জোৱানৰ যৌথ অভিযানত এন এছ চি এন-আই এমৰ এজন সক্ৰিয় কেডাৰক গ্ৰেপ্তাৰ কৰি দুটা পিষ্টল, তিনিটা গ্রেনেড আৰু কেইবাটাও গুলী উদ্ধাৰ কৰিছিল । ১২ ছেপ্টেম্বৰত আৰক্ষীয়ে ডিব্ৰুগড় জিলাত দুটা গ্রেনেড উদ্ধাৰ কৰিছিল । ১ অক্টোবৰত 'নিয়া'ই লখিমপুৰ জিলাৰ পৰা এটা আই ই ডি উদ্ধাৰ কৰিছিল ।
১২ নৱেম্বৰত গোলাঘাট জিলাৰ ৰঙাজানত অল আদিবাসী নেশ্যনেল লিবাৰেশ্যন আৰ্মীৰ দুই প্রাক্তন কেডাৰক অসম আৰক্ষী আৰু আছাম ৰাইফলছে আটক কৰি আই ই ডি জব্দ কৰিছিল । ১৫ ডিচেম্বৰত অসম আৰক্ষীয়ে মানকাচৰ জিলাৰ দক্ষিণ শালমাৰাৰ পৰা এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি তেওঁৰ হাতৰ পৰা ৭৬০টা এক্সপ্ল'ছিভ ষ্টিক, ৪০০টা চি ডি ই টি আলফা ডিট'নেটৰ, ১২৫টা চি ডি ই টি ইলেক্ট্ৰা ডিট'নেটৰ, ৫৫টা বাণ্ডিল নীলা বিস্ফোৰক তাঁৰ, তিনি বাণ্ডিল বৈদ্যুতিক তাঁৰ আৰু বিস্ফোৰকত ব্যৱহাৰ কৰা কেঁচী আৰু কাটাৰৰ দৰে সঁজুলি জব্দ কৰিছিল । আনহাতে 'অপাৰেচন প্ৰাঘাত'ৰ অধীনত অসম আৰক্ষীৰ এছ টি এফে বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ ১৭ আৰু ১৮ তাৰিখে অসমৰ লগতে পশ্চিমবংগ আৰু কেৰালাত অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল ৮ টাকৈ জেহাদী । গ্ৰেপ্তাৰ হোৱা জেহাদীকেইটাৰ বাংলাদেশৰ জেহাদী সংগঠনৰ সৈতে লিংক বিচাৰি পাইছিল অসম আৰক্ষীয়ে ।
বিশ্বৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰ এটা শাখা 'আনচাৰুল্লাহ বাংলা টীম'ৰ হৈ তেওঁলোকে কাম কৰিছিল । গ্ৰেপ্তাৰ হোৱা ৮ জেহাদী আছিল বাংলাদেশী নাগৰিক মহম্মদ ছাদ ৰাদি, পশ্চিমবংগৰ মিনাৰুল শ্বেইখ আৰু আব্বাছ আলী, অসমৰ নুৰুল ইছলাম মণ্ডল, আব্দুল কৰিম মণ্ডল, মজিবৰ ৰহমান, হামিদুল ইছলাম আৰু ইনামূল হক । ইফালে এই জেহাদীকেইটাক কৰা জেৰাৰ ভিত্তিত ২৪ ডিচেম্বৰৰ নিশা অভিযান চলাই আৰক্ষীয়ে কোকৰাঝাৰৰ নামাপাৰাত বহু বিস্ফোৰকসহ দুই জেহাদীক গ্ৰেপ্তাৰ কৰিছিল । ধৃত দুই জেহাদী বিশ্বৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰ এটা শাখা বাংলাদেশৰ মৌলবাদী সংগঠন ‘আনচাৰুল্লাহ বাংলা টীম’ৰ সদস্য । এই দুই জেহাদীয়ে সংগঠনটোৰ শ্লিপাৰ চেল হিচাপে কাম কৰি আছিল ।
গ্ৰেপ্তাৰ কৰা দুই জেহাদী আছিল কোকৰাঝাৰৰ নামাপাৰাৰ আব্দুল জাহিৰ শ্বেইখ আৰু চেৰফাংগুৰিৰ চাব্বিৰ মিৰ্ধা । এই দুই জেহাদীৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ এক বৃহৎ ভাণ্ডাৰ আৰু যুদ্ধসদৃশ সামগ্ৰী উদ্ধাৰ কৰা হৈছিল । আৰক্ষীয়ে তেওঁলোকৰ পৰা চাৰিটা হস্তনিৰ্মিত ৰাইফল (দেখাত এ কে ৰাইফলৰ দৰে), ৩৪ ৰাউণ্ড সজীৱ গোলাবাৰুদ, ২৪ ৰাউণ্ড খালী কাৰ্ট্ৰিজ, কৰ্টেক্সৰ সৈতে এযোৰ লাইভ আন-প্ৰাইমড আই ই ডি, এটা বিস্ফোৰকেৰে নিৰ্মিত গ্ৰেনেড, কৃষি সঁজুলিৰ পৰা তৈয়াৰ কৰা ডিট'নেটৰৰ এটা বৰ্তনী, ১৪ টা ইলেক্ট্ৰনিক ছুইচ, ২০টা লোৰ টুকুৰা আৰু প্লেটৰ সৈতে আই ই ডি তৈয়াৰ কৰাৰ বাবে তিনিটা লোৰ কেচ (সৰ্বাধিক ক্ষতি/ধ্বংস কৰাৰ বাবে ব্যৱহাৰ কৰা হয়), ফায়াৰ ক্ৰেকাৰত ব্যৱহৃত বিস্ফোৰকৰ সৈতে বৃহৎসংখ্যক ছুইচ আৰু তাঁৰসহ অন্যান্য আপত্তিজনক সামগ্ৰী জব্দ কৰিছিল ।
আনহাতে ২৭ ডিচেম্বৰত অসম আৰক্ষীৰ বিশেষ টাস্ক ফৰ্চে ধুবুৰী জিলাৰ বিলাসীপাৰাৰ বান্ধৱগাঁৱৰ পৰা চাহিনুৰ ইছলাম (বয়স ৩৬) নামৰ এটা দুধৰ্ষ জেহাদীক কৰায়ত্ব কৰিছিল । দুধৰ্ষ জেহাদীটোৰ পৰা আৰক্ষীয়ে উর্দু ভাষাত লিখা "নুৰিলিজা" নামৰ ৮২৯ পৃষ্ঠাৰ এখন কিতাপ, শ্বেইখ নজিবুল্লাহ হাকানীয়ে লিখা "জানা ৱাহিদ” নামৰ ৪৭ পৃষ্ঠাৰ আন এখন কিতাপ, আধাৰ কাৰ্ড, পাছপৰ্ট, পান কাৰ্ড আৰু এটা মোবাইল ফোনৰ লগতে অন্যান্য আপত্তিজনক নথি-পত্রও জব্দ কৰিছিল । লক্ষণীয় বিষয় যে জেহাদীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে ।