ডিব্ৰুগড়: দক্ষিণ কোৰিয়া আৰু জাপানৰ ভ্ৰমণ সামৰি পোনে পোনে শনিবাৰে সন্ধিয়া ডিব্ৰুগড়ত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰীক মন্ত্ৰী প্ৰশান্ত ফুকন, মন্ত্ৰী ৰূপেশ গোৱালাকে ধৰি ডিব্ৰুগড় জিলাৰ প্ৰায়সকল বিধায়কে আদৰণি জনায় ।
ইয়াৰ পাছতে পোনে পোনে ডিব্ৰুগড়ৰ সচিবালয়লৈ ৰাওনা হয় মুখ্যমন্ত্ৰী । তেওঁ ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ পৰা আজিৰে পৰা তিনিদিন ৰাজ্য চৰকাৰৰ কাম-কাজ তদাৰক কৰিব ৷
যোৱা বৰ্ষত ৬ ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ মাইজানত থকা জলসম্পদ বিভাগৰ অতিথিশালাটো মিনি সচিবালয় হিচাপে উদ্বোধন কৰাৰ পূৰ্বৰে পৰা ডিব্ৰুগড় সচিবালয়ৰ পৰাই ৰাজ্য চৰকাৰৰ কাম-কাজ তদাৰক কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে । বিশেষকৈ উজনি অসমৰ ৯ খন জিলাৰ কাম-কাজ দ্ৰুতগতিত কৰি তোলাৰ বাবে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় আৰম্ভ কৰা হৈছে, যিটো উজনি অসমৰ ৰাইজৰ বাবে ভাল খবৰ হিচাপে বিবেচিত হৈছে । তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ, মাজুলী, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাটকে কৰি প্ৰায় ৯ খন জিলাৰ কাম-কাজ তদাৰক কৰা হৈছে ডিব্ৰুগড়ৰ সচিবালয়ৰ পৰা ।
ডুমডুমা সমজিলাৰ পৰ্যালোচনা বৈঠক:
উন্নয়নৰ বাৰ্তা লৈ তিনিদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড়ৰ সচিবালয়ত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । দক্ষিণ কোৰিয়া আৰু জাপানৰ ভ্ৰমণ সামৰি ডিব্ৰুগড়ৰ মিনি সচিবালয়ত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে শনিবাৰে নিশা অংশগ্ৰহণ কৰে ডুমডুমা সমজিলাৰ পৰ্যালোচনা বৈঠকত । নৱগঠিত ডুমডুমা সমজিলাৰ সকলো বিভাগৰ শীৰ্ষ বিষয়াৰ লগতে ডুমডুমাৰ বিধায়ক তথা মন্ত্ৰী ৰূপেশ গোৱালাৰ উপস্থিতিত অনুষ্ঠিত হোৱা পৰ্যালোচনা সভাত সমজিলাৰ সকলো উন্নয়নমূলক কাম-কাজৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে । সমজিলাখনত ৰূপায়ণ হৈ থকা প্ৰতিখন আঁচনিৰ কামৰ অগ্ৰগতিৰ বুজ লয় মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷
উৎফুল্লিত ডিব্ৰুগড়ৰ ৰাইজ:
২৬ জানুৱাৰীত মুখ্যমন্ত্ৰীয়ে প্ৰথমবাৰলৈ ডিব্ৰুগড়ত উৰুৱাব গণৰাজ্য দিৱসৰ পতাকা । ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত অনুষ্ঠিত হ'বলগা গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক সম্বোধন কৰিব । ইতিমধ্যে সম্পূৰ্ণ সাজু কৰা হৈছে খনিকৰ খেলপথাৰ । গণৰাজ্য দিৱসৰ কাৰ্য্যসূচীক লৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ডিব্ৰুগড় জিলা প্ৰশাসনে । এই সন্দৰ্ভত ডিব্ৰুগড়ৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাই কয়, "আমি অতি আনন্দিত হৈছো ডিব্ৰুগড়বাসী হিচাপে । মুখ্যমন্ত্ৰীয়ে যেনেদৰে কথা দিছিল তেনেকৈ মিনি সচিবালয়ল খুলি ৰাইজক উপকৃত কৰিছে । উজনি অসমৰ ৰাইজৰ অভাৱ অভিযোগ ইয়াতেই সমাধান হৈছে । তেওঁ গণৰাজ্য দিৱস ডিব্ৰুগড়ত পালন কৰিম বুলি ৰাইজক যি প্ৰতিশ্ৰুতি দিছিল সেয়া বাস্তৱ হ'ব । ইয়াৰ জড়িয়তে মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী কৰিবলৈ যি চেষ্টা কৰিছে তাৰ বাবে তেওঁক ধন্যবাদ জনাইছো ।"
লগতে পঢ়ক: খনিকৰ খেলপথাৰ সাজু: প্ৰথমবাৰলৈ ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে উৰুৱাব পতাকা, গাড়ী-মটৰ চলাচলৰ নতুন পথসূচী