Tingkhong road accident: বিশ্বকৰ্মা পূজাৰ উল্লাসৰ মাজতে টিংখাঙত শোকাৱহ দুৰ্ঘটনা, থিতাতে নিহত 2 - মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ
🎬 Watch Now: Feature Video
Published : Sep 19, 2023, 8:51 AM IST
ডিব্ৰুগড়, 19 ছেপ্টেম্বৰ : বিশ্বকৰ্মাৰ আনন্দ উল্লাসৰ মাজতে টিংখাঙত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা । এই দুৰ্ঘটনাত থিতাতে নিহত হৈছে দুজন ৷ আনহাতে, আহত হৈছে কেইবাজনো লোক । নাহৰকটীয়াৰ পৰা টিংখাং অভিমুখে আহি থকা এখন ইক’ বাহন দুৰ্ঘটনাত পতিত হোৱাৰ ফলত এই অঘটনটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হৈছে AS 06 AG 3176 ৷
বিৱৰণি অনুসৰি, নাহৰকটীয়াৰ পৰা টিংখাং অভিমুখে আহি থকা ইক’ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই টিংখাং কুঁৱৰীগাঁৱত পথৰ দাঁতিত থকা কাটাতাঁৰত খুন্দা মাৰে ৷ তাৰ পাচত বাহনখনে ৰাজপথত কেইবা লুটি খাই বাগৰি যায় ৷ ফলত দুজন আৰোহী থিতাতে নিহত হোৱাৰ লগতে বাহনখনত থকা আন কেইবাজনো লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷
ইফালে এই ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত টিংখাং আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাত নিহত দুই ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ লগতে আহত ব্যক্তিসকলক ততাতৈয়াকৈ নাহৰণি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক চিকিৎসা কৰি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : Urea fertilizer scam: দুই হেজাৰোধিক মেট্ৰিকটন ইউৰিয়া কেলেংকাৰীৰ তদন্তৰ ফলাফল আজিও নোলাল !