Puri Jagannath Temple: পুৰীৰ জগন্নাথ মন্দিৰত পদপিষ্ট হৈ আহত ২ ভক্ত

By

Published : Jan 15, 2023, 8:28 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

দেওবাৰে পুৰী শ্ৰীজগন্নাথ মন্দিৰৰ ভিতৰত পদপিষ্ট হৈ কমেও দুজন ভক্ত অজ্ঞান হৈ পৰে (devotees injured in stampede in Jagannath temple) । তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় । আৰক্ষী সূত্ৰত এইকথা প্ৰকাশ ।

এই ঘটনাত পুৰী জিলাৰ হাতগাদিয়া চাহীৰ এগৰাকী মহিলা আৰু কটক জিলাৰ পিঠাপুৰ অঞ্চলৰ এগৰাকী নাবালিকাক জিলা সদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । অৱশ্যে দুয়ো ভক্তৰ অৱস্থা সুস্থিৰ বুলি চিকিৎসালয় সূত্ৰত প্ৰকাশ ।

ভক্তসকলৰ বাবে মুকলি কৰাৰ পূৰ্বে সিংহদুৱাৰৰ ওচৰত বৃহৎ সংখ্যক লোক একত্ৰিত হোৱাৰ বাবেই এই ঘটনাটো সংঘটিত হয় (Puri Jagannath temple) । মন্দিৰৰ এজন বিষয়াই প্ৰকাশ কৰা মতে, দেওবাৰে পুৱা মন্দিৰৰ দুৱাৰখন খোলাত অলপ পলম হৈছিল । কিয়নো মকৰ সংক্ৰান্তিৰ ৰীতি-নীতিৰ বাবে আগদিনা নিশা যথেষ্ট সময় লৈছিল (Makar Sankranti rituals in Jagannath Temple) ।

সিংহদ্বাৰ খোলাৰ লগে লগে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি ভগৱানৰ 'মঙ্গলা আৰতি' চাবলৈ ভক্তৰ দৌৰা-দৌৰি লাগে । তেনে সময়তে ভক্ত দুজন বাগৰি পৰে । পিছত পুৰী জিলা উপায়ুক্ত সমৰ্থ বাৰ্মাই মন্দিৰটো পৰিদৰ্শন কৰি চিকিৎসাধীন ভক্তসকলৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লয় ।  

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.