Dokmoka police detained two car thieves: ডকমকাত বিলাসী ক্ৰেটা বাহনসহ দুই গভাইত গাড়ী চোৰ আৰক্ষীৰ জালত - গাড়ী চোৰ আৰক্ষীৰ জালত
🎬 Watch Now: Feature Video
ডিফু, ২৬ মে’ : কাৰ্বি আংলং আৰক্ষীয়ে আন্তঃৰাজ্যিক গাড়ীচোৰৰ বিৰুদ্ধে লাভ কৰিছে এক বৃহৎ সফলতা ৷ প্ৰাপ্ত খবৰ অনুসৰি শুকুৰবাৰৰ সন্ধিয়া ৫-৩০ মান বজাত ডকমকা আৰক্ষীৰ নিয়মীয়া তালাচীত দিল্লীৰ ছাউথ-ইষ্ট ডিষ্ট্ৰিক্ট হজৰত নিজামুদমদিনৰ পৰা এখন ক্ৰেটা বিলাসী বাহনসহ দুই গভাইত চোৰক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ তালাচী অভিযানটো ডকমকা থানাৰ অ’চি চনত কুমাৰ মুদৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলাইছিল ৷
চোৰ দুটাই বাহনখনৰ প্ৰকৃত নম্বৰ প্লেট DL 4CB 7932 সলাই কৌশলগতভাৱে DL 5C T 7304 নম্বৰ লগাই কাৰ্বি আংলঙৰ মাজেৰে সৰবৰাহৰ চেষ্টা কৰি থাকোতেই চুৰি বাহনসহ ডকমকা আৰক্ষীৰ জালত পৰে বুলি জানিব পৰা গৈছে (Dokmoka police detained two car thieves) ৷ ধৃত চোৰ দুটা ক্ৰমে মণিপুৰ ইম্ফলৰ এনড্ৰিউ থানা এলেকাৰ ইয়াৰিপকনিংথাউনাইৰ এনামুদ্দিনৰ পুত্ৰ আব্বাছ খুলাপান (২৯) আৰু আনটো মণিপুৰ ইম্ফল মায়াং থানা এলেকাৰ ছানখেল আৱাং লেইকেইৰ আজিজুৰ ৰহমানৰ পুত্ৰ ওৱাছিম ৰহমান বুলি চিনাক্ত কৰা হৈছে (Two car thieves in police net at Dokmoka) ৷
এই সন্দৰ্ভত ডকমকা আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭৯/৪১১/৩৪ অধীনত ডিফু থানাত ২৭/২৩ নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ দিল্লীৰ পৰা নম্বৰ প্লেট সলাই চুৰি কৰি অনা কাৰ্যত ইয়াৰ আঁৰত এক বৃহৎ চক্ৰ জড়িত হৈ থকাৰ কথা সন্দেহ কৰিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক : Gold Mafia Surrendered : থৰ-কাছুটি হেৰুৱাইছে অপৰাধী চক্ৰই; লখিমপুৰত আকৌ হাত দাঙিলে ৬ অভিযুক্তই