Dhol ready for Bihu: প্ৰতিকূল বতৰক লৈ চিন্তিত ধেমাজি মাছখোৱাৰ ঢোলৰ ব্যৱসায়ী - Traders busy with making Assamese Dhol

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 21, 2023, 8:08 PM IST

ধেমাজি,২১ মাৰ্চ: পদুলিমুখত হেপাঁহৰ ৰঙালী বিহু (Rangali Bihu 2023) ৷ চেনেহৰ বিহুটিক আদৰিবলৈ প্ৰতিজন অসমীয়াই চলাইছে ব্যাপক প্ৰস্তুতি ৷ শিপিনীয়ে যদি তাঁতশালত ব্যস্ত হৈ পৰিছে আনফালে ঢোল নিৰ্মাতাসকলেও সাজু কৰি তুলিছে ঢোল (Dhol traders busy making Dhol in Dhemaji) । কাৰণ এই বিহুতেই গুৱাহাটীত প্ৰধানমন্ত্ৰীৰ সন্মুখত একেলগে নাচিব দহ হাজাৰ নাচনীয়ে । সেয়ে এইসকল নাচনীক নচুৱাবলৈ প্ৰযোজন হ’ব শতাধিক ঢোল ।  

সেয়ে ধেমাজিৰ ঢোলৰ বাবে বিখ্যাত মাছখোৱা ঢোলৰ বিপনী তথা ঢোল নিৰ্মাতাসকলেও দিনে নিশাই ব্যস্ত হৈ পৰিছে ঢোল নিৰ্মাণ কৰাত (Assam about to set world record for Bihu) ৷ মাছখোৱা চাৰিআলিৰ যুৱক শম্ভূ দাসৰ ঢোলৰ দোকান খনত উখল-মাখল পৰিৱেশ ৷ বাহিৰে ভিতৰে কেৱল ঢোল আৰু ঢোল ৷ মুঠৰ ওপৰত বিহুৰ পূৰ্বেই সৰু-বৰ সকলো প্ৰকাৰৰ ঢোল পূৰ্ণাংগ হৈ উঠিব লাগিব ৷ বৰতি, মলুৱা ফৰিং আদি প্ৰস্তুত কৰিছে ৷ ঢোল সাঁজিছে, মেৰামতি কৰিছে ৷  

মাছখোৱা ঢোল উন্নতমানৰ হোৱাৰ বাবে উজনি অসমত এই ঢোলৰ চাহিদা বেছি থকা বুলি ব্যক্ত কৰে শম্ভূ দাসে ৷ ধেমাজি মাছখোৱাৰ পৰা ডিব্ৰুগড়, শিৱসাগৰ যোৰহাটৰ পৰা অহা বিহুৱা দলেও মাছখোৱাৰ পৰা ঢোল ক্ৰয় কৰি লৈ যায় ৷ অৱশ্যে এইবাৰ কেচাঁমালৰ নাটনি আৰু প্ৰতিকূল বতৰক লৈ চিন্তিত হৈ পৰিছে শম্ভূ দাসৰ দৰে আন আন ঢোলৰ ব্যৱসায়ীসকল (Dhol traders worried about inclement weather) ৷  

এতিয়ালৈকে লাভ কৰিছে বহুকেইটা ঢোলৰ অৰ্ডাৰ ৷ বৰ্তমান পাঁচ হাজাৰৰ পৰা আঠ হাজাৰ টকাৰ ভিতৰত ঢোলৰ মূল্য নিৰ্ধাৰণ কৰিছে ৷ আশা কৰা হৈছে অহা ১৪ এপ্ৰিলত গুৱাহাটীত আয়োজিত প্ৰধানমন্ত্ৰীৰ আগত নাচিবলগীয়া দহ হাজাৰ নাচনীক নচুওৱাত সহায় কৰিব ধেমাজি মাছখোৱাৰ অঞ্চলৰ ঢোলে ৷ 

লগতে পঢ়ক: Lok sabha 2024 : আজমলৰে মিত্ৰতা অবিহনে কংগ্ৰেছে আসন লাভ কৰাতো অসম্ভৱ; বিধায়ক শ্বেৰমানৰ দাবী

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.