TMC protests against price hike: মূল্যবৃদ্ধিৰ বিৰুদ্ধে সামাজিক মাধ্যমত TMC ৰ প্ৰতিবাদ - সামাজিক মাধ্যমত TMC ৰ প্ৰতিবাদ
🎬 Watch Now: Feature Video
গুৱাহাটী, ২৫ এপ্ৰিল: অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি সকলো ক্ষেত্ৰতে আকাশলংঘী মূল্যবৃদ্ধিৰে বিজেপি চৰকাৰক ৰাইজক শোষণ কৰাৰ সন্দৰ্ভত এক চ'ছিয়েল মিডিয়া ট্ৰেণ্ডিং অভিযানৰ জৰিয়তে অসম তৃণমূল কংগ্ৰেছ দলে ৰাজ্যজুৰি সাব্যস্ত কৰে ব্যতিক্ৰমী প্ৰতিবাদ (TMC protests on social media against price hike) । এই সন্দৰ্ভত ট্ৰেণ্ডিঙত অংশ লৈ মূল্যবৃদ্ধিৰে ৰাইজক জলা-কলা খুওৱা বুলি বিজেপি চৰকাৰৰ সমালোচনাত সৰৱ হৈ পৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ।
বৰাই কয় যে খাদ্য সামগ্ৰী, পৌৰ কৰ, সম্পত্তি কৰ আদি সকলোতে অভাৱনীয় হাৰত মূল্যবৃদ্ধিৰে ৰাইজক হাৰাশাস্তি কৰিছে বিজেপি চৰকাৰে । ইফালে বছৰি ২ লাখ চাকৰি দিম বুলি মহা প্ৰতিশ্ৰুতি দি চৰকাৰে একো কৰিব নোৱাৰাত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ লৈছে ৰাজ্যত (TMC protests against price hike) । ফলত জনসাধাৰণৰ অৱস্থা তথৈবচ হৈ পৰিছে । কিন্তু এই ক্ষেত্ৰত কেন্দ্ৰ-ৰাজ্য উভয় চৰকাৰৰে কোনো কাণসাৰ দিয়া নাই । সেয়ে সকলোৱে এতিয়া বিজেপিৰ জনবিৰোধী অপশাসনৰ পৰা মুক্তি বিচাৰিছে বুলি তেওঁ উল্লেখ কৰে (Ripun Bora react on price hike) ।
আনহাতে, দলৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মায়ো অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ হৈ পৰে । সকলো দেখি শুনিও বিজেপি চৰকাৰৰ নিৰ্বিকাৰ নিৰ্লিপ্ততাত ক্ষোভ প্ৰকাশ কৰে তৃণমূল কংগ্ৰেছৰ নেতাজনে । আনহাতে মঙলবাৰে অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে চ'ছিয়েল মিডিয়া ট্ৰেণ্ডিঙত অংশ লোৱা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমূহ দলীয় নেতা-কৰ্মীক ধন্যবাদ জ্ঞাপন কৰে । দিনৰ ১২ বজাৰ পৰা আৰম্ভ কৰা এই ট্ৰেণ্ডিঙে চ'ছিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰা বুলি দিলীপ কুমাৰ শৰ্মাই জানিবলৈ দিয়ে ।