Thief arrested in Guwahati: গুৱাহাটীৰ লালমাটিত ৰাইজৰ জালত গভাইত চোৰ

By

Published : Feb 12, 2023, 10:00 AM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

গুৱাহাটী,১১ ফেব্ৰুৱাৰী: অপৰাধীৰ হটস্পটলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী(Guwahati turns into a hotspot of criminals) । মহানগৰীত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে অপৰাধজনিত ঘটনা(Crime incidents are on the rise in Guwahati) । মহানগৰীৰ স্মাৰ্ট আৰক্ষীক অ’পেন চেলেঞ্জ কৰি দুৰ্বৃত্তই সংঘটিত কৰিছে ইটোৰ পিছত সিটোকৈ অপৰাধমূলক কাৰ্যকলাপ । চুৰি, ডকাইতি, হত্যা এতিয়া সাধাৰণ ঘটনাত পৰিণত হৈছে গুৱাহাটী মহানগৰীত । দিন দুপৰতে পথেৰে অতিক্ৰম কৰিবলৈ হাজাৰবাৰ চিন্তা কৰিবলগীয়া হৈছে মহানগৰবাসীয়ে । 

ইয়াৰ মাজতে মহানগৰীৰ লালমাটিত দেওবাৰে পুৱাতেই স্থানীয় ৰাইজে কৰায়ত্ত কৰে এটা গভাইত চোৰক(People arrest thieves in Lalmati ) । এটা পুৰণি ডিলাৰত চোৰ কৰাৰ উদ্দেশ্যে প্ৰৱেশ কৰিছিল চোৰটোৱে । ধৃত চোৰটো লালামাতিৰ পাপু বসুমতাৰী বুলি জানিব পৰা গৈছে(Thief arrested at Lalmati in Guwahati) । পাপু বসুমতাৰীয়ে দীৰ্ঘদিনৰে পৰা মহানগৰীৰ বিভিন্ন ঠাইত পানীৰ টেংকী, পাইপ, বেটাৰী আদি চুৰি কৰি আহিছিল । কেমেৰাৰ সন্মুখতে নিজ মুখে স্বীকাৰোক্তি দিলে গভাইত চোৰ পাপু বসুমতাৰীয়ে । পিছত ৰাইজে আটক কৰা চোৰটোক চমজাই দিয়ে আৰক্ষীক ৷ 

ইফালে শুকুৰবাৰৰ দিনটোতো মহানগৰীৰ বেলতলাৰ এটিমত কাৰ্ড ব্যৱহাৰ কৰি কৌশলেৰে ধন হৰলুকি কৰিবলৈ চেষ্টা কৰোঁতেই বিহাৰৰ অভিষেক নামৰ এটা প্ৰৱঞ্চকক ৰাইজে কৰায়ত্ত কৰি গটাই দিছিল আৰক্ষীক(ATM fraud arrested in Beltala) । লক্ষণীয়ভাৱে মহানগৰ তথা মহানগৰীৰ সমীপৱৰ্তী অঞ্চলসমূহত এতিয়া দেখা গৈছে অপৰাধীৰ মুক্ত বিচৰণ । কেতিয়াবা যদি ঘৰত কোনো নথকাৰ সুযোগ লৈ বন্ধ ঘৰত লুটপাট, আন কেতিয়াবা আকৌ দিন-দুপৰতে সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতি কাণ্ড । এক কথাত ক'বলৈ গ'লে গুৱাহাটীত মুঠেই সুৰক্ষিত নহয় মহানগৰবাসী । 

এতিয়া প্ৰশ্ন হয় ৰাজ্যৰ ৰাজধানী চহৰখনত, য'ত প্ৰতি মূহুৰ্ততে আৰক্ষী নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থাকে সেই চহৰতে যদি মহানগৰবাসী সুৰক্ষিত নহয় তেন্তে ৰাজ্যৰ পিছপৰা অঞ্চলসমূহৰ জনতাৰ নিৰাপত্তা কিমান ? অপৰাধ আৰু অপৰাধীৰ ক্ষেত্ৰ শূণ্যসহনশীল চৰকাৰখনে কেতিয়া ৰোধ কৰিবলৈ সক্ষম হ'ব গুৱাহাটী মহানগৰীত অবাধ গতিত বাঢ়ি অহা অপৰাধজনিত ঘটনা ? পাৰিবনে মহানগৰীৰ অলিয়ে-গলিয়ে নিৰ্বিঘ্নে ঘূৰি ফুৰা অপৰাধীক নাকি লগাব ?

লগতে পঢ়ক: Lurinjyoti Gogoi In Nalbari: প্ৰতিবাদৰ ভাষা নুবুজে চৰকাৰেঃ লুৰিণজ্যোতি গগৈ

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.