Child labor rescued: মহানগৰীত বনকৰা কিশোৰী উদ্ধাৰ - দিশপুৰ থানা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 18, 2023, 9:49 AM IST

বশিষ্ঠ, 18 জুলাই :  ৰাজ্যত পুনৰ বনকৰা কিশোৰী নিৰ্যাতনৰ ঘটনা । ঘোৰামৰাৰ বিষ্ণু পথৰ গৃহ নং 14 ত এই ঘটনা সংঘটিত হৈছে বুলি জানিবলৈ পৰা গৈছে । জানিব পৰা মতে বিষ্ণু পথৰ দিপশিখা বৰদলৈ নামৰ এগৰাকী মহিলাৰ ঘৰত বনকৰা হিচাবে আছিল নিৰ্যাতিতা কিশোৰীগৰাকী । কিশোৰীগৰাকীৰ বয়স প্ৰায় 15 বছৰ বুলি জানিবলৈ পৰা গৈছে । কিশোৰীগৰাকীৰ ঘৰ ওদালগুৰিৰ বাহীপুখুৰীৰ চাহ বাগিচাত । 

জানিব পৰা মচে, পূৰবী নামৰ মহিলা এগৰাকীয়ে NGO ত কাম দিয়াৰ চলেৰে গুৱাহাটীলৈ লৈ আনিছিল কিশোৰীগৰাকীক । কিন্তু গুৱাহাটী লৈ আহি ঘোৰামাৰৰ দিপশিখা বৰদলৈৰ ঘৰত শ্ৰমিক হিচাবে ৰাখিছিল 15 বছৰীয়া কিশোৰীগৰাকীক । ইয়াৰ পিচতে কিশোৰীগৰাকীক দিপশিখা বৰদলৈৰ লগতে পৰিয়ালটোৱে সদায়ে চলাই আহিছিল শাৰিৰীক আৰু মানসিক নিৰ্যাতন । লগতে ৰোগীক চোৱা চিতাৰ কামতো ব্যৱহাৰ কৰিছিল কিশোৰীগৰাকীক । 

কিশোৰীগৰাকীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত মাতৃক জনোৱাৰ পিচতে মাতৃ প্ৰথমে দিশপুৰ থানাত উপস্থিত হয় যদিও দিশপুৰ থানাই হাতীগাঁও থানালৈ প্ৰেৰণ কৰে দুৰ্ভগীয়া মাতৃগৰাকীক । ইয়াৰ পিচত নিৰ্দিষ্ট এলেকাটো বশিষ্ঠ আৰক্ষী থানাৰ অন্তৰ্গত হোৱাৰ বাবে বশিষ্ঠ আৰক্ষী থানাত হাজিৰ হৈ গোচৰ ৰুজু কৰে । 

বশিষ্ঠ আৰক্ষীৰ সহযোগত আৰু চাইল্ড লাইনে অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় কিশোৰীগৰাকীক । উল্লেখ্য যে, পূৰ্বেও কাম দিয়াৰ নামত শিশু যোগান ধৰাৰ অভিযোগ আছে পূৰবী নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে ৷ 

লগতে পঢ়ক : Opposition Bengaluru meet: 2024ত বিৰোধীৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব ৰাহুল গান্ধী !

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.