Tea Labourer Protest:শ শ চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদত কঁপিল কলিয়াবৰৰ বুঢ়াপাহাৰ চাহ বাগিচা - Tea Labourer Protest at Kaliabor

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 11, 2023, 8:58 PM IST

কলিয়াবৰ, 11 আগষ্ট : শুকুৰবাৰে অসম চাহ মজদুৰ সংঘৰ বুঢ়াপাহাৰ চাহ বাগিচা প্ৰাথমিক গোটৰ শ্ৰমিকসকলে সাব্যস্ত কৰে প্ৰতিবাদ । চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি বৃদ্ধি, অন্যান্য সমস্যা সমাধানৰ দাবীত এই প্ৰতিবাদ ।

বৰ্তমানৰ ২৩২ টকাৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধিৰ প্ৰতিশ্ৰুতি ৰক্ষা নকৰা চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে প্ৰতিবাদী চাহ শ্ৰমিকসকল । নিৰ্বাচনৰ সময়ত বিভিন্ন প্ৰতিশ্ৰুতিৰে আভূৱা ভাৰি চাহ শ্ৰমিকৰ ভোট আদায় কৰি গাদী দখল কৰাৰ পাচত চাহ শ্ৰমিকসকললৈ পিঠি দিয়া পূৰ্বৰ চৰকাৰৰ নিয়ম এই চৰকাৰেও পালন কৰি আহিছে বুলি তীব্ৰ ভাষাৰে চৰকাৰক গৰিহণা দিয়ে প্ৰতিবাদী শ্ৰমিকে ।

তদুপৰি, অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবী তোলে প্ৰতিবাদী চাহ শ্ৰমিকে । অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ বিৰুদ্ধেও ক্ষোভ উজাৰে প্ৰতিবাদী শ্ৰমিকে । আনহাতে, চাহ বাগিচাৰ কৰ্মচাৰীসকলৰ ভৱিষ্যত নিধিৰ ধন কৰ্তন নকৰা আৰু অন্যান্য প্ৰাপ্য সা-সুবিধাৰ দাবীত অনিৰ্দিষ্টকালীন কৰ্মবিৰতিৰে প্ৰতিবাদত বহিল বুঢ়াপাহাৰ চাহ বাগিচা কৰ্মচাৰীসকল ।

লগতে পঢ়ক : Tea workers protest: প্ৰাপ্যৰ দাবীত টীয়কত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.