Self reliant youth: কৃষিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ সপোন মাজুলীৰ যুৱকৰ

By

Published : Jun 12, 2023, 2:02 PM IST

thumbnail

মাজুলী, ১২ জুন: যি সময়ত ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে কর্ম সংস্থাপনৰ আশাত নিজ ঘৰ এৰি বহিঃৰাজ্যলৈ গতি কৰিছে সেই সময়তে মাজুলীৰ মহৰিচুকৰ দীপক দলে নামৰ এজন যুৱকে কৃষিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ সপোন দেখিছে (Self reliant youth in Majuli)। ২০০১ চনতে "দ্বীপজ্যোতি বহুমুখী জৈৱিক ফাৰ্ম" নামেৰে এখন ফাৰ্ম খুলি কৃষি কৰিবলৈ আৰম্ভ কৰিছিল যুৱকজনে (Dwipjyoti Multipurpose Organic Farm in Majuli) । প্ৰথম অৱস্থাত তেওঁৰ এই বহুমুখী জৈৱিক ফাৰ্মখনত বিলাহী, বেঙেনা, বিভিন্ন ধৰণৰ কবিৰ খেতি কৰিছিল । দিন বাগৰাৰ লগে লগে এই ফাৰ্মখনৰ পৰিসৰ বৃদ্ধি হৈ থাকিল ।  

এতিয়া এই ফাৰ্মখনত ৩২ বিঘা বড়ো ধান ,২ বিঘা ভোট জলকীয়া, ৫০ বিঘা মিলেট আছে (Millet Farming in Majuli)। ফাৰ্মখনৰ জৰিয়তে নিজৰ লগতে আন তিনি জন যুৱককো কর্ম সংস্থাপন দিছে যুৱকজনে । ২০২২ চনত এই যুৱকজনে ১৫ লাখ টকা ফাৰ্মখনৰ জৰিয়তে অর্জন কৰিবলৈ সক্ষম হৈছে । সেইদৰে এই বছৰত ৪৫ লাখ টকা এই ফাৰ্মখনৰ পৰা অর্জন হ'ব বুলি তেওঁ কয় । মহৰিচুকৰ এই যুৱকজনে আহ্বান জনাইছে যে কর্ম সংস্থাপনৰ বাবে বাহিৰলৈ নগৈ নিজ ঘৰতে থাকি কাম কৰক নিজৰ লগতে আন দহজনকো সংস্থাপন দিব পাৰিব । মাথো কিবা এটা কৰিবলৈ মন থাকিব লাগিব আৰু সাহস কৰিব লাগিব । মহৰিচুকৰ এই যুৱকজন এতিয়া হাজাৰজনৰ বাবে আদর্শ হৈ পৰিছে ।  

লগতে পঢ়ক:UPSC result 2023: UPSC ত স্থানপ্ৰাপ্তক জোনাইত ৫ মিচিং সংগঠনৰ সম্বৰ্ধনা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.