thumbnail

By

Published : Mar 29, 2023, 9:55 PM IST

ETV Bharat / Videos

Suicide in Dibrugarh : বুঢ়ীদিহিং নৈত জাপ দি আত্মহত্যা ১৮ বছৰীয়া যুৱকৰ

ডিব্ৰুগড়, 29 মাৰ্চ : ডিব্ৰুগড়ৰ টেঙাখাতৰ তেলপানী দিহিংহোলাত সংঘটিত হ'ল এক শোকাৱহ ঘটনা । মঙলবাৰে তেলপানী দিহিংহোলাৰ বুঢ়ীদিহিং নৈত জাপ দি আত্মহননৰ পথ বাছি লয় ১৮ বছৰীয়া এগৰাকী যুৱকে । ঘটনা অনুসৰি টেঙাখাতৰ তেলপানী দিহিংহোলাৰ ৰাজু ঠাকুৰীৰ পুত্ৰ মোহিত ঠাকুৰীয়ে মঙলবাৰৰ সন্ধিয়া প্ৰায় ৬-৩০ বজাত বুঢ়ীদিহিং নদীত জপিয়াই আত্মহত্যা কৰে (Suicide in Dibrugarh)। 

ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী আৰু SDRF বাহিনী উপস্থিত হৈ যুৱকজনক উদ্ধাৰৰ চেষ্টা কৰে যদিও সফল নহ'ল । কিন্তু আজি অৰ্থাৎ বুধবাৰে সম্পূৰ্ণ এটা দিন অভিযান চলাই বুঢ়ীদিহিং নৈ পৰা SDRF য়ে উদ্ধাৰ কৰিলে টেঙাখাতৰ মোহিত ঠাকুৰীৰ মৃতদেহ । এই শোক বাৰ্তা বিয়পি পৰাৰ পিছতে ঘৰৰ একমাত্ৰ পুত্ৰ ৰাজু ঠাকুৰীৰ ঘৰখনত এক শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে (SDRF rescued missing death body in Dibrugarh)। 

অৱশ্যে ঘৰখনৰ একমাত্ৰ পুত্ৰ মোহিত ঠাকুৰীয়ে কিয় এনে পথ বাছি ল'লে সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্তৰ (Mysterious suicide in Dibrugarh ) ৷ 

লগতে পঢ়ক : Rahul Gandhi Disqualification: ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ উত্তাল‌ বিধানসভা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.