Rhino menace at Golaghat: গোলাঘাটৰ জনাঞ্চলত গঁড়ৰ মুক্ত বিচৰণ - কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 5, 2023, 9:10 PM IST

গোলাঘাট, 5 মাৰ্চ: পুনৰ গোলাঘাটৰ জনাঞ্চলত গঁড়ৰ মুক্ত বিচৰণ (Rhino Terror in Assam) । দেওবাৰে গোলাঘাট জিলাৰ বোকাখাত সমষ্টিৰ দুসুঁতিমুখ পঞ্চায়তৰ অন্তৰ্গত বৃহত্তৰ আলামি অঞ্চলত এটা এশিঙীয়া গঁড়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। অতি খঙাল হৈ গাঁৱৰ মাজে মাজে ঘূৰি ফুৰা গঁড়টোৱে সঘনাই সলনি কৰিছে স্থান (Rhino Terror in Golaghat)। গঁড়টো জনাঞ্চলত এনেদৰে মুক্তভাৱে বিচৰণ কৰি ফুৰাত আতংকিত হৈ পৰিছে গঞা । 

গঁড়টোৱে অঞ্চলটোৰ খেতি পথাৰসমূহত বিস্তৰ ক্ষতিসাধন কৰিছে । বনবিভাগক অতি শীঘ্ৰেই উচিত ব্যৱস্থা গ্ৰহণ কৰি গঁড়টোক পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ লৈ ওভতাই পঠাবলৈ আহ্বান জনায় গঞাই । অন্যথা এইদৰে ঘন জনবসতিপূৰ্ণ অঞ্চলত গড়টো সোমাই আহিলে পুনৰ কাজিৰঙা লৈ ঘূৰি যোৱাৰ দিশ হেৰুৱাব বুলি আশংকা কৰিছে স্থানীয় লোকে। 

বৰ্তমান ব্ৰহ্মপুত্ৰ চৰ অঞ্চলৰ আলামিৰ এঠাইৰ পৰা আন ঠাইলৈ ঢপলিয়াই ফুৰিছে গঁড়টো । সময় থাকোঁতেই গঁড়টোক পুনৰ কাজিৰঙা লৈ উভতাই নিয়াৰ বাবে আহ্বান জনায় । পূৰ্বৰ দৰে যদিহে এইবাৰো বনবিভাগ, প্ৰশাসনে অৱহেলা কৰে পুনৰ এইটো গঁড়ৰ লগতো গোলাঘাটৰ ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে স্থানীয় লোকে ৷  

লগতে পঢ়ক: Clean village competition: গোলাঘাটত দেশৰ প্ৰথমখন স্বচ্ছ গাঁও প্ৰতিযোগিতা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.