বোকাখাতৰ বিহৰাত উদ্ধাৰ এডাল প্ৰকাণ্ড অজগৰ

By

Published : Aug 16, 2022, 4:50 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

ৰাজ্য়ৰ বিভিন্ন ঠাইত সঘনাই উদ্ধাৰ হৈছে অজগৰ । ক্ৰমাৎ বিলুপ্ত হ'বলৈ ধৰা এই সৰীসৃপ বিধৰ সংখ্য়া ৰাজ্য়খনত বৃদ্ধি পোৱাটো প্ৰকৃতিক ভাৰসাম্য় ৰক্ষাৰ বাবে এক শুভ লক্ষণ বুলি গণ্য় কৰা হৈছে । ইয়াৰ মাজতেই মঙলবাৰে প্ৰকাণ্ড অজগৰ এডালক লৈ বোকাখাতৰ বিহৰাত জনতাৰ উৎসুকতা পৰিলক্ষিত হয় (python rescued Bihara in Bokakhat)। বিহৰা গৰু বজাৰৰ সমীপত জংঘল চাফা কৰি থাকোতেই যুৱকৰ দল এটাই দেখা পায় অজগৰডাল । ইয়াৰ পিছতেই প্ৰায় ১৫ ফুট দৈৰ্ঘৰ অজগৰডাল যুৱকৰ দলটোৱে ধৰি আনে মুকলি ঠাইলৈ । ইয়াৰ পাছতেই ৰাইজে নুমলীগড় বন বিভাগ(Numaligarh Forest Department)আৰু বোকাখাত আৰক্ষীক এই বিষয়ে অৱগত কৰে । কিছু সময় পিছত বন বিভাগৰ কৰ্মী আৰু বোকাখাত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি অজগৰডাল এটা বস্তাত ভৰাই দেওপাহাৰ বনাঞ্চলত এৰি দিয়াৰ উদ্দেশ্যে লৈ যায় । ইয়াৰ মাজতে ৰাইজৰ জুম দেখি গুৱাহাটী অভিমুখে গৈ থকা মন্ত্ৰী অতুল বৰাই(Minister Atul Bora)গাড়ীৰ পৰা নামি অজগৰডাল দেখি ৰাইজক নিৰাপদ দূৰত্বত থাকিবলৈ আহ্বান জনায় ।

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.