Protests at Kacharigaon Tea Estate: বোনাচ নিদিয়াৰ অভিযোগত কছাৰীগাঁও চাহ বাগিচাত উত্তাল প্ৰতিবাদ - প্ৰতিবাদী কাৰ্যসূচী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 31, 2023, 2:03 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

ৰঙাপৰা, 31 জানুৱাৰী: আজি পুৱাই প্ৰতিবাদেৰে উত্তাল হৈ পৰিল ৰঙাপৰাৰ কছাৰীগাঁও চাহ বাগিচা (Protests at Kacharigaon Tea Estate) ৷ চাহ বাগিচাৰ শ্ৰমিকসকল একত্ৰিত হৈ বিভিন্ন শ্লগানেৰে উত্তাল কৰি তোলে বাগিচাৰ চৌহদ ৷ বাগিচাৰ শ্ৰমিকৰ অনাদায় হৈ থকা দুৰ্গা পূজাৰ বোনাচ শীঘ্ৰেই প্ৰদান কৰাৰ দাবীত শ্ৰমিকসকলে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ।  

চাহ বাগিচাত কৰ্মৰত শ্ৰমিকৰ অভিযোগ, চাহ বাগিচাৰ কৰ্তৃপক্ষই কৰা বোনাচ চুক্তি অনুসৰি বিগত বৰ্ষৰ ডিচেম্বৰ মাহত ৪ শতাংশ বোনাচ চাহ শ্ৰমিকক আদায় দিয়াৰ কথা আছিল । 2022 বৰ্ষৰ ডিচেম্বৰ মাহতে বোনাচ আদায় দিয়াৰ কথা আছিল যদিও পৰবৰ্তী সময়ত সেই চুক্তি সলনি কৰা হয় (Kacharigaon Tea Estate in Rangapara) ৷

আলোচনা মৰ্মে 2023 বৰ্ষৰ জানুৱাৰী মাহত ৪ শতাংশ বোনাচ আদায় দিয়াৰ কথা পুনৰ ঘোষণা কৰিছিল চাহ বাগিচা কৰ্তৃপক্ষই ৷ কিন্তু জানুৱাৰী মাহৰ আজি শেষৰটো দিন আৰু আজিলৈকে এই চুক্তি কাৰ্যকৰী নকৰিলে বাগিচা কৰ্তৃপক্ষই । কেৱল ইমানেই নহয়, কছাৰীগাঁও চাহ বাগিচাৰ কৰ্তৃপক্ষই চাহ শ্ৰমিকৰ প্ৰাপ্য ছুটিৰ ধনক লৈও খেলি মেলি কৰাৰ অভিযোগ বাগিচাৰ শ্ৰমিকৰ (Tea workers protest over non payment of bonuses in Rangapara) ৷  

চাহ শ্ৰমিকৰ প্ৰাপ্য ছুটিৰ টকা একেলগে দিয়াৰ পৰিবৰ্তে কিস্তি হিচাপে দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে কছাৰীগাঁও চাহ বাগিচাৰ কৰ্তৃপক্ষই ৷ ইয়াৰ পিছতেই এই সিদ্ধান্তৰ প্ৰতি জাঙুৰ খাই উঠে শ্ৰমিক ৰাইজ ৷ প্ৰাপ্য বোনাচ প্ৰদান কৰা আৰু প্ৰাপ্য ছুটিৰ টকা একেলগে আদায় দিয়াৰ দাবী উত্থাপন কৰি শ্ৰমিক ৰাইজে আজি সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷  

উল্লেখ্য যে ৰঙাপৰাৰ কছাৰীগাঁও চাহ বাগিচাত পুৰুষ-মহিলাকে ধৰি বাৰশ কৰ্মচাৰী আছে । এইসকল কৰ্মচাৰীৰ জীৱিকাৰ এক মাত্ৰ পথ হৈছে এই চাহ বাগিচাখন ৷ দুবেলা দুমুঠি যোগাৰ কৰিবলৈ দিনা নিশাই কষ্ট কৰে চাহ শ্ৰমিকসকলে ৷ এওঁলোকৰ কষ্টৰ ফলতে দেশবাসীয়ে লাভ কৰিবলৈ সক্ষম হয় উন্নত মানদণ্ডৰ চাহপাত ৷ কিন্তু এওঁলোকৰ ইমান কষ্টৰ ফলত যদি প্ৰাপ্যখিনিও দিয়া নহয় ৷ তেতিয়া হ’লে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰাটো স্বাভাৱিক কথা ৷

এতিয়া প্ৰশ্ন হয় যে, কথা মতে চাহ শ্ৰমিকৰ বোনাচ আদায় দিব নে কছাৰীগাঁও চাহ বাগিচাৰ কৰ্তৃপক্ষই ? নে এনেকৈয়ে তাৰিখ দি আভুৱা ভাৰিব বাগিচা কৰ্তৃপক্ষই ? পৰবৰ্তী সময়ত বাগিচা কৰ্তৃপক্ষই এইক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ সেয়া হ’ব লক্ষণীয় বিষয় ৷

লগতে পঢ়ক: Labour protest: এটি শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি ম’হমৰা চাহ বাগিচা উত্তাল

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.