Raas Mahotshav in Rangia: সূৰ্য পাহাৰ সদৃশ গুহাৰ আৰ্হিৰে ৰাস মহোৎসৱৰ মণ্ডপ নিৰ্মাণ

By

Published : Oct 29, 2022, 8:36 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail
ৰাস মহোৎসৱলৈ মাজত মাথোঁ কেইটামান দিন বাকী (Rass Mahotshav in Assam)। ৰঙিয়াৰ তৰণিৰ বাৰোৱাৰী ৰাস মহোৎসৱত সূৰ্য পাহাৰ সদৃশ গুহাৰ আৰ্হিৰে ৰাস মহোৎসৱৰ মণ্ডপ নিৰ্মাণ কৰা হৈছে (Preparation of Raas in Rangia)। বৰ্তমান এই ব্যতিক্ৰমী মণ্ডপ নিৰ্মাণৰ কাম তুংগত চলিছে । দিনে নিশাই দুই শতাধিক কৰ্মচাৰী ব্যস্ত হৈ আছে মণ্ডপ নিৰ্মাণত । সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি এগৰাকী মুছলমান যুৱকৰ নেতৃত্বত চলিছে সূৰ্য পাহাৰ সদৃশ গুহাৰ মণ্ডপ নিৰ্মাণৰ কাম (Rass Puja in Rangia)। অসমৰ ভিতৰতে তৰণিৰ ৰাস মহোৎসৱৰ মণ্ডপ আকৰ্ষণীয় হ’ব বুলি উদ্যোক্তাসকলে আশা প্ৰকাশ কৰিছে । লগতে মণ্ডপৰ ভিতৰত অত্যাধুনিক সৌন্দৰ্য্যৰে মেঘ, ধোঁৱাৰ ব্যৱস্থা কৰা হৈছে । ৮৮ বছৰীয়া ৰাস মহোৎসৱৰ মণ্ডপে আকৰ্ষিত কৰিব ভক্তসকলক । পূৰ্বৰ ক'ভিডকালীন পৰিস্থিতি শাম কটাৰ পিছত পূজা কমিটিবোৰে এইবেলি পূজাভাগ মুকলিমূৰীয়াকৈ অনুষ্ঠিত কৰিবলৈ আগবাঢ়ি আহিছে । উদ‍্যোক্তা সকলে জনোৱা অনুসৰি প্ৰায় ৪০ লাখ টকা ব‍্যয় সাপেক্ষে ৯ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে তৰণি বাৰোৱাৰী ৰাস মহোৎসৱ । লগতে ভক্তগণৰ সুবিধাৰ্থে মণ্ডপৰ প্ৰৱেশদ্বাৰৰ লগতে প্ৰস্থান দ্বাৰৰো সুন্দৰ ব‍্যৱস্থা কৰা হ’ব । ভক্তগণৰ সুৰক্ষা আৰু সুবিধাৰ নিমিত্তে পূজাৰ মণ্ডপত স্বেচ্ছাসেৱকৰ লগতে আৰক্ষীও নিয়োজিত কৰা হ’ব ।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.