Police firing thief: চিঠি লিখি চুৰি কৰা গাড়ীখন ওলাল; আৰক্ষীৰ গুলীত আহত গাড়ী চোৰ - Incident of car theft in Darrang
🎬 Watch Now: Feature Video
দৰং, 27 এপ্ৰিল : যোৱা 25 এপ্ৰিলত দৰঙৰ জনৰাম চকত চিনেমাৰ কায়দাৰে এটা চোৰে এখন নতুনকৈ ক্ৰয় কৰা ব্ৰীজা বাহন চুৰি কৰি লৈ গৈছিল (Car theft in Darrang)৷ আনকি চোৰটোৱে চুৰি কৰি দেৱালত "গাড়ী ৩ দিন পিচত পাবি, হাহাকাৰ নকৰিবি, পুলিচক খবৰ দিলে নাপাবি, কাকোকে নকবি, বেয়া একো কাম নকৰো, টেনশ্যন নলবি" বুলি এক সতৰ্কবাণী লিখি থৈ গৈছিল (Thieves warn car owner) ৷ আব্দুল আজিজ নামৰ লোকজন শুই থকা অৱস্থাত শোৱাপাটীৰ পৰা চাবি চুৰি কৰি লৈ গৈছিল AS-01-FL-7552 নম্বৰৰ গাড়ীখন(Incident of car theft in Darrang) ৷
ইয়াৰ পিচতে গৃহস্থ আজিজে দৰং আৰক্ষীক এই বিষয়ে অৱগত কৰাৰ পিচতে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল ৷ অৱশেষত দুদিনৰ অন্তত অৰ্থাৎ বৃহস্পতিবাৰে দৰং আৰক্ষীয়ে চুৰি হোৱা বাহনখন পৰিলক্ষিত কৰি খেদি খেদি চোৰটোক ধৰিবলৈ চেষ্টা কৰে (Police shoot thief in Darrang) ৷
কিন্তু গাড়ীখনৰ চালকটোৱে আৰক্ষীৰ গাড়ী দেখি দুৰ্ঘটনা হ’বপৰাকৈ গাড়ীখন চলাই ৷ ফলত এই ঘটনাত আৰক্ষী আহত হোৱাৰ লগতে গাড়ীতো অনিষ্ট হয় ৷ যদিও চোৰটোৱে পলায়ন কৰিবলৈ লওঁতেই আৰক্ষীয়ে চোৰটোৰ ভৰিত গুলী কৰি আহত কৰে ৷ চোৰটো বনিয়াপাৰাৰ পবন বনিয়া বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: Car theft in Darrang: ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি পত্ৰ লিখি গাড়ী লৈ উধাও চোৰ
আনহাতে চোৰটোৱে গাড়ীখন লৈ পলাবলৈ লওঁতে পথত থকা দোকান পোহাৰ ভঙাৰ লগতে পশুধনকো খুন্দিয়াই নিহত কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ সম্প্ৰতি চোৰটো আৰক্ষীৰ জিম্মাত আছে ৷