Tinsukia Oil Racket Busted: তিনিচুকীয়াৰ তেলচুৰি কাণ্ডত জড়িত এজনৰ আত্মসমৰ্পণ - Tinsukia Oil Racket Busted
🎬 Watch Now: Feature Video
তিনিচুকীয়া, 10 জুন: তিনিচুকীয়াৰ লাংকাচিৰ অইলৰ তেলচুৰি ঘটনাত জড়িত সাংবাদিক, বিজেপি কৰ্মীৰ পাছত পুনৰ আন এজন অভিযুক্তই আজি তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে ৷ তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ শাখা)ৰ মইদুল ইছলামৰ ওচৰত আত্মসমৰ্পণ কৰা ধৃত অভিযুক্তটো মাকুম ধুলিজান গাঁৱৰ বলিন ৰাজপুত বুলি জানিব পৰা গৈছে (One More Arrested to Crude oil smuggling) ৷
এই সন্দৰ্ভত তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলিপে জানিবলৈ দিয়া অনুসৰি ধৃত বলিন ৰাজপুতে আৰক্ষী -অইলৰ সুৰক্ষা কৰ্মীৰ গতিবিধি নিৰীক্ষণ কৰাৰ লগতে আৰক্ষী আহিলে আগতীয়াকৈ উমান দিছিল তেলচুৰি চক্ৰক, লগতে তেলচোৰ চক্ৰক সকলো কৌশলত সহযোগিতা কৰাৰ তথ্য আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে ৷ এই ঘটনাৰ সমান্তৰালভাৱে বলিন ৰাজপুত খাৰুৱা তেল চুৰি, কণ্ডেনচেট চুৰি আৰু ডিজেল চুৰিৰ লগতো জড়িত আছিল ৷ চুৰাং কণ্ডেনচেটৰ পৰা অবৈধভাৱে থিনাৰজাতীয় পদাৰ্থ প্ৰস্তুত কৰিছিল (Crude oil smuggling in Tinsukia) ৷
বলিন ৰাজপুতৰ পৰা আৰক্ষীয়ে আৰু এই তেলচুৰি চক্ৰৰ স’তে জড়িতৰ আৰু অধিক তথ্য লাভ কৰা হৈছে বুলি সদৰি কৰে ৷ ইফালে এই চক্ৰটোৰ সৈতে জড়িত মূল ব্যক্তি গুৱাহাটীৰ সিং উপাধিৰ লোকজনে বহিঃৰাজ্যলৈ পলায়ন কৰে বুলি জানিব দিয়াৰ লগতে ইতিমধ্যে পলাতক তেল চোৰজনক আটক কৰিবলৈ বহিঃৰাজ্যৰ আৰক্ষীৰ স’তে তিনিচুকীয়া আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে অলোচনা কৰাৰ লগতে শীঘ্ৰে আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে বুলিও সদৰি কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামে (Crude oil thieves arrested) ৷ উল্লেখযোগ্য, এই তেল চুৰি চক্ৰৰ সৈতে ধনৰ লেনদেনৰ অভিযোগত তিনিচুকীয়াৰ উপ-আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰাক মুখ্য কাৰ্যালয়লৈ তলব কৰা বুলি জানিব পৰা গৈছে (Tinsukia Oil Racket Busted) ৷
লগতে পঢ়ক: Rana Goswami: অবৈধ কয়লা খনন আৰু তেল চুৰিৰ সৈতে শাসকীয় দল জড়িত; ৰাণা গোস্বামী