Old man Missing: 6 মাহ ধৰি সন্ধানহীন হৈ আছে কুলাৰাম বৰদলৈ

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 4:22 PM IST

thumbnail

মৰিগাঁও, 22 আগষ্ট: মৰিগাঁও জিলাৰ ভুৰাগাঁও আৰক্ষী থানাৰ গেৰুৱাআটিৰ লংকাং বৰিত এজন বৃদ্ধ সন্ধিয়া ঘৰৰ পৰা ওলাই গৈ ছমাহ ধৰি নিখোজ হৈ থকাৰ ঘটনাই পৰিয়ালৰ লোকক চিন্তিত কৰি তুলিছে ৷  

জানিব পৰা মতে, আজিৰ পৰা প্ৰায় ছমাহৰ পূৰ্বে কুলাৰাম বৰদলৈ নামৰ বৃদ্ধ লোকজনে সন্ধিয়া ঘৰৰ পৰা ওলাই গৈছিল ৷ তাৰ পিচৰ পৰা লোকজন ঘৰলৈ উভতি অহা নাছিল ৷ তেওঁৰ ঘৰৰ পৰিয়ালৰ লোকৰ লগতে ওচৰ চুবুৰীয়াই লোকজনক বহুত বিচাৰ খোচাৰ কৰে যদিও কোনো সন্ধান নোপোৱাত তেওঁলোকে বৃদ্ধ লোকজন ঘৰলৈ ঘূৰি আহিব বুলি অপেক্ষা কৰে ৷ কিন্তু দিন বাগৰি বাগৰি ক্ৰমাৎ 6 মাহ পাৰ হোৱাৰ পিচতো লোকজন ঘূৰি নহাত ঘৰৰ লোক অধিক শংকিত হৈ পৰে ৷ 

মঙলবাৰে সংবাদ মাধ্যমৰ যোগেদি লোকজনৰ পৰিয়ালৰ লোকে বৃদ্ধজনৰ কোনো সম্ভেদ পালে আৰক্ষী প্ৰশাসন নাইবা পৰিয়ালৰ লোকক জনাবলৈ অনুৰোধ কৰে ৷

লগতে পঢ়ক: Maligaon flyover accident : মালিগাঁৱৰ উৰণ সেঁতুত বিদ্যুৎস্পৃষ্ট দুই শ্ৰমিক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.