Weekly Chanakya: অসমৰ সংবাদ মাধ্যমত সংযোজিত হ’ল "সাপ্তাহিক চাণক্য"

By

Published : Feb 1, 2023, 6:50 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

লখিমপুৰ, 1 ফেব্ৰুৱাৰী : অসমৰ সংবাদ জগতত বুধবাৰৰ পৰা নতুনকৈ সংযোজিত হ’ল সাপ্তাহিক চাণক্য (News Paper Weekly Chanakya) ৷ দুৰ্নীতিবিৰোধী যুৱশক্তি অসমৰ প্ৰাক্তন সভাপতি ধৰ্মকান্ত গগৈৰ সম্পাদনাত প্ৰকাশ হোৱা সাপ্তাহিক চাণক্য বাতৰি কাকতখন বুধবাৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত(North Lakhimpur press club) শুভ উন্মোচন কৰা হয় ৷

কাকতখন উন্মোচন কৰে সাংবাদিক জীৱন গোস্বামীয়ে ৷ এই উপলক্ষে আয়োজন কৰা উন্মোচনী অনুষ্ঠানটোৰ আঁতধৰি সম্পাদক ধৰ্মকান্ত গগৈয়ে কয় যে দুৰ্নীতিৰ বিৰুদ্ধে দীর্ঘদিন ধৰি সংগঠনসমূহৰ বেনাৰত যুঁজ দিয়াৰ পাছত এইবাৰ শাণিত কলম লৈ তেওঁ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ চলাই যাব ৷

সাপ্তাহিক চাণক্যৰ জৰিয়তে অসমৰ সমাজ জীৱনৰ জ্বলন্ত সমস্যাসমূহ উত্থাপন কৰাৰ লগতে সামগ্ৰিকভাবে বৌদ্ধিক নেতৃত্ব দিয়াৰ প্ৰয়াস কৰিব ৷  প্ৰাচীন ভাৰতৰ দক্ষ কূটনৈতিক চাণক্যৰ দৰেই সাপ্তাহিক চাণক্যই সমাজ জীৱনক আগুৱাই নিয়াৰ প্ৰয়াস কৰিব ৷

বাতৰি কাকতখনৰ উন্মোচক জীৱন গোস্বামীয়েও সাহিত্যৰ আনুষ্ঠানিক বাটকটীয়া লখিমপুৰ জিলাৰ সকলো ক্ষেত্ৰতে গৌৰৱময় ইতিহাস থকা বুলি জিলাখনৰ অতীত মাধুৰি ৰোমন্থন কৰে ৷ প্ৰাচীন কালৰ চাণক্যৰ দৰেই সাপ্তাহিক চাণক্যয়ো সকলো দিশতে চাণক্যৰ দৰে ভূমিকা গ্ৰহণ কৰি জাতীয় জীৱনক আগুৱাই নিয়াৰ কামনাৰে তেওঁ কাকতখনলৈ শুভেচ্ছা জ্ঞাপন কৰে ৷

এই অনুষ্ঠানতে কাকতখনৰ জন্মৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন (Himanta Biswa Sarma birthday) উপলক্ষে দুটাকৈ কেক্ কটা হয় ৷ অনুষ্ঠানটোত উৰুলি হৰ্ষধ্বনিৰ মাজত কেক্ দুটা কাটে লখিমপুৰৰ আজাদস্থিত বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ চৰণ কুমাৰ দৈমাৰী আৰু অনুসূচীত জাতিৰ নেতা মনোৰঞ্জন দাসে ৷

অসমীয়া যুৱ মঞ্চৰ নেতা অনুপম শইকীয়া, দীপাংক নাথ, চিৰঞ্জিত বৰদলৈকে ধৰি ভালেখিনি লোকে এই কাকত উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে ৷ বক্তাসকলে কাকতখন অসমীয়া জাতীয় জীৱনৰ চাণক্য হোৱাৰ কামনাৰে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে দীৰ্ঘায়ু কামনা কৰে ৷ এনে প্ৰচেষ্টাৰ বাবে সকলোৱে ধৰ্মকান্ত গগৈৰ লগতে কাকতখনৰ কাৰ্যবাহী সম্পাদক ৰাস্নামনি গগৈৰ শলাগ লয় ৷

লগতে পঢ়ক: Himanta Biswa Sarma Birthday: আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 54 সংখ্যক জন্মদিন

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.