Republic Day 2023 : আৰক্ষী-গাঁওৰক্ষী বাহিনীক সষ্টম হৈ থকাৰ আহ্বান নলবাৰীৰ এছপিৰ

By

Published : Jan 21, 2023, 6:56 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

আগন্তুক গণৰাজ্য দিৱসৰ (74th Republic day of India) প্ৰাকক্ষণত অসামাজিক আৰু অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে সষ্টম হ'বলৈ শনিবাৰে নলবাৰী আৰক্ষী থানা চৌহদত গাঁওৰক্ষী বাহিনী আৰু আৰক্ষীৰ মাজত এক সজাগতামূলক সভাৰ আয়োজন কৰা হয় (awareness meeting in Nalbari police station) । সভাত উপস্থিত থাকে নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিং ।

গণৰাজ্য দিৱসলৈ মাজত আৰু কেইটামান দিন বাকী । গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত সষ্টম হৈ পৰিছে নলবাৰী আৰক্ষী তথা গাঁওৰক্ষী বাহিনী (74th Republic day in Assam) । শনিবাৰে আৰক্ষী, গাঁওৰক্ষী বাহিনীৰ লগতে সচেতন লোকসকলৰ উপস্থিতিত নলবাৰী আৰক্ষী থানা চৌহদত এক সজাগতামূলক সভাৰ আয়োজন কৰা হয় ।

উক্ত সভাত উপস্থিত থাকে নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিং, নলবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লিণ্টু বৰাৰ লগতে গাঁওৰক্ষী বাহিনীকে আদি কৰি কেইবাজনো গুণী-মানী ব্যক্তি (Nalbari SP asked people to aware of miscriminant) । জিলাখনৰ বিভিন্ন প্ৰান্তত সংঘটিত অপৰাধজনিত ঘটনা, বাল্য বিবাহকে আদি কৰি বিভিন্ন অসামাজিক কৰ্মৰ বিৰুদ্ধে সজাগ আৰু সচেতন হৈ আৰক্ষী তথা গাঁওৰক্ষী বাহিনীক তাৎক্ষণিক পদক্ষেপৰ নিৰ্দেশ দিয়ে নলবাৰী জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে (Nalbari SP awareness meeting ahead of Republic day) ।

লগতে ৰাইজকো অপৰাধ আৰু অসামাজিক কৰ্মৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনৰ লগত সু-সম্পৰ্ক গঢ়ি তাৎক্ষণিকভাৱে খবৰ দিবলৈ আহ্বান জনায় সুধাকৰ সিঙে । আনহাতে, গ্ৰামাঞ্চলত গৰুচুৰিৰ ঘটনা নিতৌ বৃদ্ধি সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আৰক্ষী অধীক্ষক সুধাকৰ সিঙে কয় যে প্ৰতিটো অঞ্চলত নিয়োজিত গাঁওৰক্ষী বাহিনীক অধিক সজাগ হৈ থাকিবলৈ নিৰ্দেশ প্ৰদানৰ লগতে ৰাইজকো সজাগ হৈ অপৰাধৰ বিৰুদ্ধে থিয় দিবলৈ আহ্বান জনোৱা হৈছে ।

উল্লেখ্য, এইবাৰ দেশজুৰি পালন কৰা হ'ব ৭৪ সংখ্যক গণৰাজ্য দিৱস । সমগ্ৰ দেশৰ লগতে অসমতো গণতন্ত্ৰ দিৱসৰ প্ৰাকমুহূৰ্তত ব্যাপক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে । বিশেষকৈ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা বাহিনীক সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে গৃহ বিভাগৰ তৰফৰ পৰা । অৱশ্যে অসমত এতিয়ালৈকে গণৰাজ্য দিৱস বৰ্জনৰ কোনো আহ্বান জনোৱা হোৱা নাই আলফা বা অন্যান্য বিদ্ৰোহী সংগঠনৰ তৰফৰ পৰা ।

লগতে পঢ়ক :Republic Day 2023 : সমাগত গণতন্ত্ৰ দিৱস, ১০ হাজাৰ ত্ৰিৰংগা প্ৰস্তুত বিহাৰৰ মুছলমান পৰিয়ালৰ

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.