Mother Language Day 2023 : কলগাছিয়াত আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন

By

Published : Feb 21, 2023, 10:48 PM IST

thumbnail

জনীয়া, ২১ ফেব্ৰুৱাৰী : মঙলবাৰে কলগাছিয়াত উদযাপন কৰা হয় ২৪ সংখ্যক আন্তৰ্জাতিক মাতৃভাষা দিৱস (mother language day observed at kalgachia) । নতুন সাহিত্য পৰিষদৰ কলগাছিয়া শাখাৰ উদ্যোগত আৰু বৰপেটা জিলা সমিতিৰ সহযোগত এই আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন কৰা হয় (notun sahitya parishad observed mother language day) । এই উপলক্ষে মঙলবাৰে বিয়লি ২.৩০ বজাত কলগাছিয়াৰ জ্যোতি-ৰাভা-নজৰুল সংঘৰ বাকৰিত এক মনোজ্ঞ আলোচনা-চক্ৰ অনুষ্ঠত হয় ।

আনহাতে, নতুন সাহিত্য পৰিষদৰ কলগাছিয়া শাখাৰ সভাপতি মোঃ নুৰুল আমিনৰ সঞ্চালনাত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে কলগাছিয়া শাখাৰ সম্পাদক ছায়েদ আলীয়ে । উদ্দেশ্য ব্যাখ্যাৰ মাজতে ছায়েদ আলীয়ে ভাষণত কয়, "মাতৃভাষা জীয়াই থাকিলেহে সাহিত্য-সংস্কৃতি জীয়াই থাকিব । সকলোৱে নিজ নিজ মাতৃভাষা জীয়াই ৰাখিব লাগিব ।" লগতে তেওঁ "জামালপুৰীয়া" নিজা ভাষাত স্বৰচিত গল্প পাঠ কৰে (mother language day 2023) ।

সম্বৰ্ধনা অনুষ্ঠান পৰিচালনা কৰে সাংবাদিক শ্বহিদুল ইছলামে । উদ্বোধনী ভাষণ আগবঢ়ায় নৱজ্যোতি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ এম মোজাম্মেল হুছেইনে । আনহাতে, বক্তা হিচাপে বক্তব্য ৰাখে বৰপেটা জিলা সমিতিৰ সভাপতি হোম বাহাদুৰ ছেত্ৰী, ৰাজ্যিক সদস্য নাগেশ্বৰ দাস, ড৹ চুলতান আলী আহমেদ আদি ব্যক্তিসকলে ।

উল্লেখ্য যে, ২০০০ চনৰ পৰা ৰাষ্ট্ৰসংঘই ২১ ফেব্ৰুৱাৰীৰ দিনটো আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে পালন কৰি আহিছে (international mother language day) । ১৯৫২ চনৰ এই দিনটোতে পূব পাকিস্তানত (এতিয়াৰ বাংলাদেশ) উৰ্দু ভাষাক ৰাষ্ট্ৰীয় ভাষাৰ পৰিৱৰ্তে বাংলা ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ দাবীত ৰাজপথলৈ ওলাই আহিছিল ছাত্ৰ সমাজ । এই ভাষা আন্দোলনত আৰক্ষীৰ গুলীত শ্বহীদ হৈছিল কেইবাজনো ছাত্ৰ নেতা । পৰৱৰ্তী সময়ত অৰ্থাৎ ১৯৫৬ চনত পাকিস্তান চৰকাৰে এই দাবী মানি লৈ বাংলা ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছিল । 

লগতে পঢ়ক :Mother Language Day : আন্তৰ্জাতিক মাতৃ ভাষা দিৱসত অসমীয়া ভাষাৰ সংকট সম্পৰ্কীয় আলোচনা চক্ৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.