Karam Festival Celebration: ডুমডুমাৰ কৰমৰ থলীত ঝুমুৰ জুৰিলে মন্ত্ৰী সঞ্জয় কিষাণে

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 11:30 AM IST

thumbnail

তিনিচুকীয়া, 27 ছেপ্তেম্বৰ : বিজেপিৰ নেতাৰ ভিৰ বাঢ়িছে তিনিচুকীয়া জিলাৰ ডুমডুমাত আয়োজিত কেন্দ্ৰীয় কৰম সন্মিলনস্থলীত ৷ বিধায়ক বলিন চেতিয়া, বিধায়ক ৰূপেশ গুৱালা আৰু সাংসদ প্ৰদান বৰুৱাক লগত লৈ সদলবলে সোমবাৰে নিশা ডুমডুমাৰ কৰম উৎসৱস্থলীত উপস্থিত হৈছিল মন্ত্ৰী পীযুষ হাজৰীকা ৷

মঙলবাৰে নিশা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, বিধায়ক ৰূপেশ গোৱালা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাচা উপস্থিত হয় ডুমডুমা কেন্দ্ৰীয় কৰম উৎসৱস্থলীত ৷ ডুমডুমাৰ কেন্দ্ৰীয় কৰম সন্মিলৰ মুকলি সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী সঞ্জয় কিষাণে পৰিৱেশন কৰিলে ঝুমুৰ ৷ আনহাতে ঝুমুৰ উপভোগ কৰি অতি আনন্দ অনুভৱ কৰা বুলি উল্লেখ কৰি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয়, ‘‘চাহ জনগোষ্ঠীৰ পবিত্ৰ কৰম পৰৱ অসমীয়া জাতীয় জীৱনৰ এক অবিচ্ছেদ্য অংগ ৷

লগতে পঢ়ক: Karam Festival Celebration: মাদলৰ ছেৱে ছেৱে প্ৰথমবাৰলৈ ঝুমুৰ নাচিলে পীযুষ হাজৰীকাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.