thumbnail

Rahul Gandhi disqualify News; ৰাহুল গান্ধীৰ কাৰণে আইন বেলেগ হ’ব নোৱাৰে : পীযুষ হাজৰীকা

By

Published : Mar 25, 2023, 10:29 PM IST

নগাঁও, 25 মাৰ্চ : কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক গুজৰাটৰ আদালতে এটা গোচৰত দোষী সাব্যস্ত কৰাৰ লগে লগে খাৰিজ কৰা হৈছে ৰাহুল গান্ধীৰ সাংসদ পদ । মোডী উপাধিক লৈ তাচ্ছিল্যসূচক মন্তব্য কৰাৰ বাবেই ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰে আদালতে (Rahul Gandhi disqualify issue)।

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হোৱাক লৈ দেশজুৰি চর্চা আৰু বিতৰ্ক অব্যাহত থকাৰ মাজতে শনিবাৰে এই সন্দৰ্ভত মন্তব্য কৰে অসমৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই (Pijush Hazarika reacts on Rahul Gandhi disqualification) ।

শনিবাৰে নগাঁৱত উপস্থিত হৈ সংবাদ মাধ্যমৰ সন্মুখত মন্ত্ৰী পীযুষ হাজৰীকাৰ কয়, ‘‘আইন সকলোৰে বাবে সমান । আদালতে দোষী সাব্যস্ত কৰিলে সকলোৰে পদ খাৰিজ হ’ব । কি ৰাহুল গান্ধী, কি মই অথবা কি ৰূপক শৰ্মা ৷ ৰাহুল গান্ধীৰ কাৰণে আইন বেলেগ হ’ব নোৱাৰে । সেয়ে আদালতৰ ৰায় মানি লওক ৰাহুল গান্ধীয়ে’’ ৷

লগতে পঢ়ক : Rahul Gandhi disqualify issue : ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.