ETV Bharat / state

কোন হ’ব BJPৰ নতুন ৰাজ্যিক সভাপতি; ভৱেশ, প্ৰদান নে পল্লৱ লোচন ? - STATE BJP TO ELECT NEW PRESIDENT

অসম বিজেপিৰ সভাপতিৰ দৌৰত ভৱেশ কলিতা, প্ৰদান বৰুৱা আৰু পল্লৱ লোচন দাস । সন্ধিয়া ৭বজালৈ মনোনয়ন দাখিলৰ সময়সীমা আৰু শুকুৰবাৰে হ'ব ফলাফল ঘোষণা ৷

Who will be the next Assam BJP chief ?
কোন হ’ব BJPৰ নতুন ৰাজ্যিক সভাপতি ? (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jan 16, 2025, 2:17 PM IST

গুৱাহাটী : কোন হ'ব ৰাজ্যিক বিজেপিৰ নতুন সভাপতি ? আজি (বৃহস্পতিবাৰ) সন্ধিয়া ইয়াৰ কিছু আভাস পোৱা যাব যদিও ছবিখন স্পষ্ট হ'ব শুকুৰবাৰে দিনৰ ১১ বজাত । লক্ষণীয় বিষয় যে এজন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিলে তেওঁৱেই হ'ব পৰৱৰ্তী নতুন সভাপতি । কিন্তু একাধিক মনোনয়ন দাখিল হ'লে কাইলৈ দিনৰ ১১ বজাত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু নতুন সভাপতিৰ নাম ঘোষণা কৰা হ'ব । সেয়ে আজি সন্ধিয়াৰ ভিতৰত কোনে কোনে মনোনয়ন দাখিল কৰে সেয়া লক্ষণীয় হ'ব ।

উল্লেখ্য যে, ৰাজ্যিক বিজেপিৰ এক সুত্ৰই সদৰী কৰা মতে, পৰৱৰ্তী সভাপতি পদৰ দৌৰত আছে বৰ্তমানৰ সভাপতি ভৱেশ কলিতা । ভৱেশ কলিতাৰ লগতে সভাপতিৰ দৌৰত আছে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু প্ৰাক্তন সাংসদ তথা বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাস । সেয়ে নিৰ্বাচন অনুষ্ঠিত হোৱাটো প্ৰায় নিশ্চিত ।

ইতিমধ্যে বুধবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি, ১৭ জানুৱাৰীত ৰাজ্যিক সভাপতি নিৰ্বাচনৰ অসমৰ পৰ্যবেক্ষক হিচাপে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতৰ উপস্থিতিত ৰাজ্যিক বিজেপিৰ সভাপতি নিৰ্বাচন অনুষ্ঠিত হ’ব ।

বৰ্তমান বিজেপিৰ ৰাজ্যিক সভাপতিকলৈ বাজপেয়ী ভৱনত ব্যাপক চৰ্চা চলিছে । কাৰ নেতৃত্বত আগন্তুক পঞ্চায়ত নিৰ্বাচনকে ধৰি ২০২৬ৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব, কাৰ কান্ধত পৰিব এই গধূৰ দায়িত্ব - এই বিষয়কলৈ এতিয়া ৰাজ্যিক বিজেপিৰ ভিতৰচ’ৰাত চলিছে ব্যাপক চৰ্চা ।

ৰাজ্যিক বিজেপিৰ নতুন সভাপতি নিযুক্তি দিয়াৰ সমগ্ৰ প্ৰক্ৰিয়াটো সম্পন্ন কৰাৰ বাবে আজি বাজপেয়ী ভৱনত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব । মুখ্যমন্ত্ৰীয়ে সদৰী কৰা অনুসৰি এই বৈঠকত থাকিব বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সুনীল বানচাল, ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰ আৰু অসমৰ প্ৰভাৰী হৰিশ দ্বিৱেদী ।

লগতে পঢ়ক : '২৬ ত কাৰ নেতৃত্বত বিজেপি নামিব নিৰ্বাচনত: ১৭ জানুৱাৰীত দেখিব ৰাইজে

তদুপৰি সন্ধিয়াৰ ভাগত সভাপতি নিৰ্বাচনৰ বাবে মতামত ল’বলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত । মুখ্যমন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী, জ্যেষ্ঠ নেতাসহ আৰ এছ এছৰ নেতাৰো মতামত গ্ৰহণ কৰিব ৰাষ্ট্ৰীয় নেতৃবৰ্গই ।

লক্ষণীয় বিষয় যে, একাধিক মনোনয়ন পৰিলে দলৰ ৰাজ্যিক পৰিষদৰ সদস্যসকলৰ ভোটৰে জৰিয়তে সভাপতিজন নিৰ্বাচিত কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে সদৰী কৰিছে । মুখ্যমন্ত্ৰীয়ে সদৰী কৰা অনুসৰি দলৰ পৰম্পৰা অনুসৰি দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সুনীল বানচাল, ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰ আৰু অসমৰ প্ৰভাৰী হৰিশ দ্বিৱেদীয়ে দলৰ নেতৃবৃন্দৰ লগত কথা পাতি সভাপতি পদৰ বাবে যিমানদূৰ সম্ভৱ এজন উমৈহতীয়া প্ৰাৰ্থী স্থিৰ কৰিব ।

Who will be the next Assam BJP chief ?
কোন হ’ব BJPৰ নতুন ৰাজ্যিক সভাপতি ? (ETV Bharat)

আনহাতে অসমৰ সভাপতি নিৰ্বাচনৰ নিৰ্বাচনী পৰ্যবেক্ষক কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতো এই প্ৰক্ৰিয়াটোত চামিল হ'ব । নতুন সভাপতি নিৰ্বাচনৰ পূৰ্বে দলৰ বিশেষ পৰ্যবেক্ষকৰ দলে ৰাজ্যিক পৰ্যায়ৰ সকলোৰে লগত কথা পাতি এজন ঐক্যমতৰ প্ৰাৰ্থী নিৰ্বাচিত কৰিব । কাইলৈ দিনৰ ১১ বজাত সকলো জল্পনা-কল্পনাৰ অন্ত পৰিব আৰু ৰাজ্যিক বিজেপিয়ে লাভ কৰিব নতুন সভাপতি । লগে লগে বিগত প্ৰায় চাৰি মাহ ধৰি চলা ডাঙৰ সংগঠন পৰ্বৰ সামৰণি পৰিব ।

লক্ষণীয় বিষয় যে নতুন সভাপতিৰ নেতৃত্বতে ২০২৬ৰ বিধানসভাৰ নিৰ্বাচনত অৱৰ্তীণ হ’ব শাসকীয় দল । তাৰ পূৰ্বে আছে পঞ্চায়ত নিৰ্বাচনৰ উপৰি কেইবাখনো স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন । তেনেস্থলত যথেষ্ট গুৰুদায়িত্ব পালন কৰিব লাগিব নতুন সভাপতিয়ে ।

লগতে পঢ়ক : কোন হ'ব ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি: তত্বাৱধায়ক নিযুক্তিৰ পাছতে বাজপেয়ী ভৱনত বিশেষ তৎপৰতা

লগতে পঢ়ক : লক্ষ্য ’২৬ : এইবাৰ সংখ্যালঘু সমষ্টিত বিজেপিৰ চকু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.