ETV Bharat / bharat

উচ্চ ন্যায়ালয় পালে নতুন দিল্লী ষ্টেচনৰ পদপিষ্টৰ ঘটনা, ৰে'লৱেৰ পৰা উত্তৰ বিচাৰিলে আদালতে - HC ON DELHI STATION STAMPEDE

নতুন দিল্লী ৰে'ল ষ্টেচনত হোৱা পদপিষ্টৰ ঘটনা সন্দৰ্ভত দাখিল কৰা এখন জনস্বাৰ্থ জড়িত আবেদনত ৰে'লৱেৰ পৰা উত্তৰ বিচাৰিছে দিল্লী হাইকোর্টে ।

HC on Delhi station stampede
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 19, 2025, 7:36 PM IST

নতুন দিল্লী : নতুন দিল্লী ৰে'ল ষ্টেচনত হোৱা পদপিষ্টৰ ঘটনা সন্দৰ্ভত ৰে'লৱেৰ পৰা উত্তৰ বিচাৰিছে দিল্লী উচ্চ ন্যায়ালয়ে । ১৮ জন লোকৰ মৃত্যু হোৱা দিল্লী ষ্টেচনৰ পদপিষ্টৰ ঘটনা সন্দৰ্ভত উচ্চ ন্যায়ালত দাখিল কৰা এক জনস্বাৰ্থ জড়িত আবেদনৰ পৰিপ্ৰেক্ষিতত হাইকোৰ্টে ৰে'লৱেৰ পৰা উত্তৰ বিচাৰিছে ।

মুখ্য ন্যায়াধীশ ডি কে উপাধ্যায়ৰ নেতৃত্বাধীন বিচাৰপীঠে ষ্টেচনত অত্যাধিক যাত্ৰী আৰু প্লেটফৰ্ম টিকটৰ বিষয়ে তথ্য প্ৰদানৰ দাবী কৰা আবেদনৰ ওপৰত শুনানি গ্ৰহণ কৰি ৰে'লৱেক জাননী জাৰি কৰিছে । এই বিষয়টোৰ ওপৰত পৰৱৰ্তী শুনানি ২৬ মাৰ্চত অনুষ্ঠিত হ'ব ।

উচ্চ ন্যায়ালয়ে ৰে'লৱেক কয় যে আপোনালোকে অত্যাধিক যাত্ৰী আৰু প্লেটফৰ্ম টিকট বিক্ৰী নিৰ্ধাৰণ সন্দৰ্ভত বিবেচনা কৰক । আদালতে ৰে'লৱেক এনে ভিৰৰ সৈতে মোকাবিলা কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰিবলৈও নিৰ্দেশ দিয়ে । শুনানিৰ সময়ত ৰে'লৱেক প্ৰতিনিধিত্ব কৰা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে ইয়াক এক প্ৰতিকূল ৰূপত ল'ব নোৱাৰি, নিয়মবোৰ মানিবলৈ ৰে'লৱে বাধ্য ।

শুনানিৰ সময়ত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে দুৰ্ঘটনাৰ দিনা অপ্রত্যাশিত পৰিস্থিতিৰ সৃষ্টি হৈছিল । তেওঁ আদালতক আশ্বাস দিয়ে যে আবেদনত উত্থাপন কৰা প্ৰশ্নসমূহৰ ওপৰত ৰে'লৱেয়ে উচ্চ স্তৰত বিবেচনা কৰিব । এই সন্দৰ্ভত আদালতে কয় যে এই আবেদন কেৱল সাম্প্ৰতিক ভিৰৰ সৈতে জড়িত নহয়, বৰং ৰে'লৱে কম্পাৰ্টমেণ্টৰ ভিতৰত যাত্ৰীসকলৰ অত্যধিক সংখ্যা আৰু প্লেটফৰ্ম টিকটৰ আইনগত ব্যৱস্থাৰ সৈতেও জড়িত । আদালতে কয় যে যদি আইনগত বিধানসমূহ প্ৰয়োগ কৰা গ'লহেঁতেন, তেনেহ'লে হয়তো নতুন দিল্লী ৰে'লৱে ষ্টেচনত এই পৰিস্থিতিৰ সৃষ্টি নহ'লহেঁতেন ।

উল্লেখ্য যে আবেদনখন আইনৰ ছাত্ৰৰ এটা দলে দাখিল কৰিছে । আবেদনকাৰীক প্ৰতিনিধিত্ব কৰা অধিবক্তা আদিত্য ত্ৰিবেদী আৰু শুভী পাষ্টাৰে কয় যে ৰে'ল প্ৰশাসনে ৰে'লৱে আইনৰ ধাৰা 57 আৰু 147ৰ উলংঘন কৰিছে । ধাৰা 57 ত কোৱা হৈছে যে ৰে'ল প্ৰশাসনে প্ৰতিটো ৰে'লৱে কম্পাৰ্টমেণ্টত যাত্ৰীসকলৰ সৰ্বাধিক সংখ্যা নিৰ্ধাৰণ কৰিব লাগিব । ধাৰা 147 ৰ অধীনত কোনো ব্যক্তিৰ হাতত যাত্ৰী টিকট নথকা অৱস্থাত প্লেটফৰ্ম টিকট উপলব্ধ কৰাৰ ব্যৱস্থা আছে । আবেদনখনত কোৱা হৈছে যে প্ৰয়াগৰাজৰ কুম্ভমেলাৰ বাবে ৰে'লৱে এই নিয়মবোৰ মানি চলিব লাগে, যাতে ভিৰ নিয়ন্ত্ৰণ কৰিব পৰা যায় ।

লগতে পঢ়ক :দিল্লী পদপিষ্টৰ ঘটনা : ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ আৰ পি এফ, বাণিজ্যিক কৰ্মচাৰীৰ দক্ষতা বৃদ্ধি কৰিব ৰে'লৱেই - DELHI STATION STAMPEDE
লগতে পঢ়ক :নতুন দিল্লীৰ ৰে'ল ষ্টেচনত পদপিষ্ট হৈ ১৮ যাত্ৰীৰ মৃত্যু - NEW DELHI RAILWAY STATION STAMPEDE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.