ডিব্ৰুগড় : এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে ডিব্ৰুগড়ৰ লাহোৱাল । অসম আৰক্ষীয়ে নাৰীজনিত অপৰাধৰ ঘটনা ৰোধ কৰিবলৈ চেষ্টা চলাই থকাৰ সময়তে বৃহস্পতিবাৰে পোহৰলৈ আহে লাহোৱালত সংঘটিত হোৱা এক ভয়ংকৰ ঘটনা । শ শ লোকে এগৰাকী যুৱতীৰ মৃত্যুৰ তদন্ত বিচাৰি লাহোৱাল থানা ঘেৰাও কৰাৰ পাছতে এই ভয়ংকৰ ঘটনা পোহৰলৈ আহে ।
ঘটনা সন্দৰ্ভত এগৰাকী স্থানীয় ব্যক্তিয়ে কয়, "৯ জানুৱাৰীৰ পৰা পাঁচদিন ধৰি সন্ধানহীন হৈ আছিল বকুল মাজগাঁও চাপৰি লাইনৰ এগৰাকী ২২ বছৰীয়া যুৱতী । কিন্তু ৯ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ থকা যুৱতীগৰাকীক মৃত অৱস্থাত ১৩ জানুৱাৰীত উদ্ধাৰ কৰা হয় । স্থানীয় ৰাইজে চেঁচা নদীত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰে যুৱতীগৰাকীৰ মৃতদেহ ।"
ইফালে ১৩ জানুৱাৰীত স্থানীয় ৰাইজে মৃতদেহ প্ৰত্যক্ষ কৰা পাছতে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে । পৰিয়ালৰ মতে, মৃতদেহত আঘাতৰ চিন স্পষ্টকৈ থকাৰ লগতে উলংগ অৱস্থাত আছিল । ৯ জানুৱাৰীৰ পুৱা যুৱতীগৰাকীৰ প্ৰেমিক লাহোৱাল টিমনাৰ বৰুণ মূড়াই ফোন কৰি ঘৰৰ পৰা মাতি আনিছিল যুৱতীগৰাকীক । ইয়াৰ পাছৰে পৰা যুৱতীগৰাকী সন্ধানহীন হৈ আছিল ।
কিন্তু পৰিয়ালে ৯ জানুৱাৰীত যুৱতীগৰাকী সন্ধানহীন হোৱাৰ অভিযোগ কৰি লাহোৱাল আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল । যুৱকজনৰ বিৰুদ্ধে পৰিয়ালে আৰক্ষীৰ ওচৰত গুৰুতৰ অভিযোগ দিয়াৰ পাছতো আৰক্ষীয়ে কোনোধৰণৰ তদন্ত নকৰাৰ অভিযোগ উঠে । ফলত মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতো যুৱকজনৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত বৃহস্পতিবাৰে শতাধিক লোকে থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।
আনহাতে, যুৱতীগৰাকীৰ প্ৰেমিকে ধৰ্ষণ কৰাৰ পিছত হত্যা কৰি উলংগ অৱস্থাত চেঁচা নৈত পেলাই দিয়াৰ অভিযোগ কৰিছে পৰিয়াল তথা স্থানীয় ৰাইজে । সেয়ে ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাই প্ৰতিবাদকাৰী ৰাইজে ।
আৰক্ষীয়ে তদন্ত নকৰাৰ অভিযোগ পৰিয়ালৰ
লাহোৱালৰ চেঁচা নদীত অৰ্ধগলিত যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে লাহোৱাল আৰক্ষী থানা ঘেৰাও কৰে ৰাইজে । এই ঘটনাক লৈ লাহোৱাল আৰক্ষী আৰু অভিযুক্ত যুৱকজনৰ পৰিয়ালে কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই যদিও যুৱতীগৰাকীৰ পৰিয়ালে লাহোৱাল আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ।
হত্যাৰ বলি হোৱা যুৱতীগৰাকীৰ ভগ্নীয়ে কয়- "মোলৈ ৯ জানুৱাৰীত পুৱা ৪ বজাত বৰুণ মূড়া নামৰ যুৱকজনে ফোন কৰিছিল । ফোনটো বাইদেউক দিবলৈ কৈছিল । ফোনত কথা পতাৰ পাছতে ঘৰৰ পৰা ওলাই গৈছিল বাইদেউ ।"
ইফালে পৰিয়ালে কামলৈ যোৱা বুলি ভাবিছিল যদিও ভুক্তভোগী যুৱতীগৰাকী গধূলিলৈকে ঘৰলৈ উভতি নহাত ফোন কৰা যুৱকজনৰ ঘৰলৈ বিচাৰি যোৱাত যুৱকজনে তেওঁ ক'ত আছে নাজানো বুলি কয় । ইয়াৰ পাছতে সেইদিনাই পৰিয়ালে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে । কিন্তু লাহোৱাল আৰক্ষীয়ে এজাহাৰ লাভ কৰিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে । পৰিয়ালৰ মতে যুৱতীগৰাকীৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছে যদিও তাৰ প্ৰতিবেদন পৰিয়ালে লাভ কৰা নাই ।
আৰক্ষীৰ জালত ধৰ্ষণ তথা হত্যাকাণ্ডৰ মূল অভিযুক্ত
ইফালে ৰাইজৰ তীব্ৰ হেঁচাত এই ঘটনাৰ মূল অভিযুক্ত বৰুণ মূড়াক গ্ৰেপ্তাৰ কৰে লাহোৱাল আৰক্ষীয়ে । আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি লাহোৱালৰ টিমনা চাহ বাগিচাত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে মূল অভিযুক্তক । বৰ্তমান আৰক্ষীয়ে বৰুণ মূড়াক সোধা-পোছা কৰি থকাৰ লগতে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।