ETV Bharat / state

মহাকুম্ভ মেলাত প্ৰতিষ্ঠা হ'ল নামঘৰ: প্ৰদৰ্শন হ'ব ভাওনা-সত্ৰীয়া সংস্কৃতি - NAMGHAR AT MAHA KUMBH

২২ৰ পৰা ২৭ জানুৱাৰীলৈ অনুষ্ঠিত হ'ব ভাওনা, সত্ৰীয়া সংস্কৃতি, অখণ্ড ভাগৱত পাঠ ৷

Namghar at Maha Kumbh
মহাকুম্ভ মেলাত প্ৰতিষ্ঠা হ'ল নামঘৰ: প্ৰদৰ্শন হ'ব ভাওনা-সত্ৰীয়া সংস্কৃতি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 16, 2025, 5:17 PM IST

বৰপেটা : উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি আছে মহাকুম্ভ মেলা । দেশ-বিদেশৰ বিভিন্ন সাধু-সন্তই ভিৰ কৰিছেহি এই কুম্ভমেলাত । ইতিমধ্যে আৰম্ভ হৈছে মহাকুম্ভৰ পৱিত্ৰ স্নান । এই স্নানত অংশগ্ৰহণ কৰিছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ কোটিৰো অধিক সাধু-সন্ত তথা ভক্তই ।

ইয়াৰ লগতে প্ৰয়াগৰাজত ইতিহাস ৰচনাৰে অসম আৰু অসমীয়াই মহাকুম্ভ মেলাত পালে সুকীয়া পৰিচয় ৷ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত পোন প্ৰথমবাৰৰ বাবে প্ৰতিষ্ঠা হ'ল অসমৰ সংস্কৃতিৰ পীঠস্থান নামঘৰ ৷ বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান মহাকুম্ভ মেলাত অসমৰ নামঘৰ, থাপনা স্থাপনৰ লগে লগে হৰিনামেৰে মুখৰিত হ'ল মহাকুম্ভ মেলাথলী ৷

মহাকুম্ভ মেলাত প্ৰতিষ্ঠা হ'ল নামঘৰ: প্ৰদৰ্শন হ'ব ভাওনা-সত্ৰীয়া সংস্কৃতি (ETV Bharat Assam)

এইবাৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত প্ৰতিষ্ঠা হ'ল অসমৰ মহাপুৰুষীয়া সমাজৰ অন্যতম আধাৰস্বৰূপ নামঘৰ ৷ এই নামঘৰত অহা ২২ জানুৱাৰীৰ পৰা ২৭ জানুৱাৰীলৈ প্ৰদৰ্শিত হ'ব ভাওনা, সত্ৰীয়া সংস্কৃতিৰ লগতে অনুষ্ঠিত হ'ব অখণ্ড ভাগৱত পাঠ ৷ আনহাতে, ইয়াত অংশগ্ৰহণ কৰিব উত্তৰ-পূৰ্বাঞ্চলৰ ১২৮ গৰাকী সন্ত, সত্ৰাধিকাৰ তথা ধৰ্মীয় গুৰুৱে ৷ অসমৰ পৰা ৬০ গৰাকী ধৰ্মীয় গুৰুৱে ইয়াত অংশগ্ৰহণ কৰিব ৷

প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত নামঘৰ প্ৰতিষ্ঠা কৰাৰ পিছত নাম-প্ৰসংগ, ভাগৱত পাঠ অনুষ্ঠিত হয় ৷ নামঘৰ মুকলি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে উত্তৰ প্ৰদেশৰ উদ্যোগ মন্ত্ৰী নন্দ গোপাল গুপ্তা নন্দীৰ লগতে বিশ্ব হিন্দু পৰিষদৰ কেন্দ্ৰীয় সংগঠক দীনেশ চন্দ্ৰ ৷

নামঘৰ উদ্বোধনী অনুষ্ঠানত অখিল ভাৰতীয় শ্ৰীপঞ্চ নিৰ্মোহী অনী আখাড়াৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ৰাজেন্দ্ৰ দাস মহাৰাজৰ বিশেষ উপস্থিতিতে উত্তৰ গুৱাহাটীস্থিত আশ্ৰমৰ শ্ৰীশ্ৰী ১০০৮ শ্ৰীমহন্ত মহামণ্ডলেশ্বৰ স্বামী শ্ৰীকেশৱ দাসজী মহাৰাজে অনুষ্ঠানৰ আঁত ধৰি বিশ্বৰ সৰ্ববৃহৎ ধৰ্মীয় উৎসৱ মহাকুম্ভ মেলাত নামঘৰ উদ্বোধন কৰা কাৰ্যত আৱেগিক হৈ পৰে ৷

ইয়াতে ২২ জানুৱাৰীৰ পৰা ২৭ জানুৱাৰীলৈ প্ৰতিদিনে ভাওনা, সত্ৰীয়া সংস্কৃতি, অখণ্ড ভাগৱত পাঠ, বৰগীতৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শিত হ'ব ৷ মহাকুম্ভ মেলাত কেইবাগৰাকীও সত্ৰাধিকাৰ প্ৰভুৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ১২৮ গৰাকী সন্ত তথা ধৰ্মীয় গুৰুৱে অংশগ্ৰহণ কৰিব ৷

লগতে পঢ়ক :সামাজিক মাধ্যমত ভাইৰেল হৈ থকা কোন এইজন IITian বাবা ? - MAHA KUMBH MELA 2025
লগতে পঢ়ক :ত্ৰিবেণী সংগমস্থলীত ১৩ আখাড়াৰ সাধুৰ অমৃত স্নান - MAHAKUMBH 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.