গুৱাহাটী : বিজেপিৰ ৰাজ্যিক সভাপতিয়ে খেলিব নোৱাৰিব নিৰ্বাচন । পৰৱৰ্তী নতুন ৰাজ্যিক সভাপতিয়ে অৱতীৰ্ণ হ'ব নোৱাৰিব আগন্তুক ২০২৬ৰ বিধানসভা নিৰ্বাচনত । বৃহস্পতিবাৰে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মৰিগাঁৱত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ পাছতে সম্বোধন কৰা সংবাদমেলত এই কথা সদৰী কৰে মুখ্যমন্ত্রীয়ে ।
বিজেপিৰ জিলা সভাপতিৰ দৰে ৰাজ্যিক সভাপতিগৰাকীয়েও বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰিব । মুখ্যমন্ত্রীয়ে সদৰী কৰা অনুসৰি, বৃহস্পতিবাৰে সন্ধিয়া ৭ বজাতে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকী নিৰ্বাচিত হ'ব আৰু নৱ-নিৰ্বাচিত সভাপতিগৰাকীয়ে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে । বিজেপিৰ পৰৱৰ্তী ৰাজ্যিক সভাপতি নিৰ্বাচনৰ বাবে বাজপেয়ী ভৱনত ব্যাপক তৎপৰতা চলি থকাৰ মাজতে মুখ্যমন্ত্রীয়ে কৰা এই ঘোষণাই বিশেষ তাৎপৰ্য বহন কৰিছে ।
লক্ষণীয় বিষয় যে বুধবাৰে মুখ্যমন্ত্রীয়ে নিজেই প্ৰকাশ কৰিছিল যে ৰাজ্যিক বিজেপিৰ সভাপতি পদৰ বাবে বৃহস্পতিবাৰে অৰ্থাৎ আজি সন্ধিয়া ৭ বজালৈ মনোনয়ন-পত্র দাখিল পৰ্ব হ'ব আৰু শুকুৰবাৰে দিনৰ ১১ বজাত সভাপতি নিৰ্বাচন হ'ব । কিন্তু আজি মুখ্যমন্ত্রীয়েই ঘোষণা কৰে যে আজি সন্ধিয়া ৭ বজাত বিজেপিৰ পৰৱৰ্তী ৰাজ্যিক সভাপতি নিৰ্বাচিত হ'ব ।
মুখ্যমন্ত্রীৰ এই ভাষ্যৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে ৰাজ্যিক বিজেপিৰ সভাপতি কোন হ'ব সেয়া হয়তো ইতিমধ্যে দলে চিন্তা-চৰ্চা কৰি নিশ্চিত কৰিছে । কেৱল আনুষ্ঠানিকতাহে বাকী আছে ।
আনহাতে, মুখ্যমন্ত্রীৰ ঘোষণাই এই কথাও নিশ্চিত কৰিলে যে ৰাজ্যিক বিজেপিৰ সভাপতি পদত আৰু নাথাকিব ভৱেশ কলিতা । কাৰণ তেওঁ ২০২৬ৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব ।
ইফালে আজি সংবাদ মাধ্যমৰ আগত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয়, "যদি বহুতে মনোনয়ন দিয়ে মই আঁতৰি আহিম । দলে মোক বহুত দিলে । মই মনোনয়ন দাখিল নকৰিবও পাৰো । আমি দলৰ কাৰ্যকৰ্তা । ২০২৬ৰ নিৰ্বাচনত চৰকাৰ কৰাটো আমাৰ লক্ষ্য । কোন সভাপতি হ'ব সেইটো লক্ষ্য নহয় ।"
ভৱেশ কলিতাৰ এই মন্তব্যৰ পৰাও এটা কথা অনুমান কৰিব পাৰি যে তেওঁ পুনৰ বিজেপিৰ ৰাজ্যিক সভাপতিৰ বাবে মনোনয়ন দাখিল নকৰে ।
ইফালে শুকুৰবাৰে সন্ধিয়া ৰাজ্যিক বিজেপিৰ নতুন সভাপতিৰ নাম ঘোষণা হ'ব বুলি মুখ্যমন্ত্রীয়ে ঘোষণা কৰাৰ পাছতে এই বিষয়টোৱে লৈছে নতুন মোৰ । কাৰণ ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব লোৱাজনে অৱতীৰ্ণ হ'ব নোৱাৰিব ২০২৬ৰ বিধানসভা নিৰ্বাচন । ৰাজ্যিক বিজেপিৰ সদৰ বাজপেয়ী ভৱনত নতুন সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে বাজপেয়ী ভৱনত বৃহস্পতিবাৰে উপস্থিত হয় প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ।
সংবাদ মাধ্যমৰ আগত তেওঁ কয়, "কেন্দ্ৰীয় নেতৃত্বই বিচাৰিলে মই সভাপতিৰ দায়িত্ব ল'বলৈ সাজু আছোঁ । দলে সুবিধা দিলে মই নেতৃত্ব দিবলৈ সাজু । দীৰ্ঘদিন ধৰি দলক সেৱা কৰি আহিছোঁ । ছয়বাৰকৈ নিৰ্বাচন খেলিছোঁ । আশা ৰাখিছোঁ দলে মোক সুযোগ দিব ।" ইফালে বিজেপিৰ ৰাজ্যিক উপ-সভাপতি জয়ন্ত দাসেও দলে দিলে সভাপতিৰ দায়িত্ব লোৱাৰ বাবে সাজু আছোঁ বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে । ৰাজ্যিক বিজেপিৰ সভাপতি পদৰ বাবে চৰ্চাত কেইবাজনো নেতাৰ নাম আছে যদিও কোন হ'ব পৰৱৰ্তী নতুন সভাপতি সেয়া মুখ্যমন্ত্রীৰ ভাষ্য অনুসৰি আজি সন্ধিয়া ৭ বজাত জানিব পৰা যাব ।
আনহাতে, ৰাজ্যিক বিজেপিৰ নতুন সভাপতি নিৰ্বাচনৰ বাবে আজি বাজপেয়ী ভৱনত উপস্থিত হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সুনীল বানচাল আৰু উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰীয় প্ৰভাৰী তথা পুৰী লোকসভা সমষ্টিৰ সাংসদ সম্বিত পাত্র । লগতে আছে অসমৰ প্ৰভাৰী হৰিশ দ্বিবেদী । সন্ধিয়াৰ ভাগত আহিব কেন্দ্ৰীয় মন্ত্রী গজেন্দ্ৰ সিং শ্বেখাৱট । ৰাজ্যিক সভাপতি নিৰ্বাচনৰ বাবে নিয়োজিত কেন্দ্ৰীয় নেতৃত্বই সকলোৰে মতামত গ্ৰহণ কৰিব ।
নিৰ্বাচনী পৰ্যবেক্ষকৰ কেন্দ্ৰীয় নেতৃত্বই ৰাজ্যিক নেতৃবৃন্দৰ লগত কথা পাতি সভাপতি পদৰ বাবে এজন উমৈহতীয়া প্ৰাৰ্থী স্থিৰ কৰিব । নতুন সভাপতি নিৰ্বাচনৰ পূৰ্বে দলৰ বিশেষ পৰ্যবেক্ষকৰ দলে ৰাজ্যিক পৰ্যায়ৰ সকলোৰে লগত কথা পাতি এজন ঐকমত্যৰ প্ৰাৰ্থী নিৰ্বাচিত কৰিব । ইতিমধ্যে এই কথা সদৰী কৰিছিল মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
আনহাতে, মুখ্যমন্ত্রীয়ে সদৰী কৰা অনুসৰি এজনে মনোনয়ন দাখিল কৰিলে তেৱেঁই হ'ব বিজেপিৰ নতুন ৰাজ্যিক সভাপতি । তেনেস্থলত হয়তো দলৰ বিশেষ পৰ্যবেক্ষকৰ দলে নিৰ্বাচন কৰা উমৈহতীয়া প্ৰাৰ্থীজনেই আজি সন্ধিয়া ৭ বজাত মনোনয়ন দাখিল কৰিব আৰু তেওঁৰ নামেই নতুন সভাপতি হিচাপে ঘোষণা কৰা হ'ব । কাৰণ মুখ্যমন্ত্রীয়ে ঘোষণা কৰা অনুসৰি আজি সন্ধিয়া ৭ বজাত ৰাজ্যিক বিজেপিৰ নতুন সভাপতি নিৰ্বাচন কৰা হ'ব ।