ETV Bharat / politics

'২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিক নেতৃত্ব দিব দিলীপ শইকীয়াই - BJP NEW STATE PRESIDENT

অসম প্ৰদেশ বিজেপিৰ নতুন সভাপতি সাংসদ দিলীপ শইকীয়া ৷ শুকুৰবাৰে দুপৰীয়া হ'ব আনুষ্ঠানিক ঘোষণা ৷

Dilip Saikia is the next state BJP President
'২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিক নেতৃত্ব দিব দিলীপ শইকীয়াই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 16, 2025, 8:51 PM IST

গুৱাহাটী: সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অসম বিজেপিৰ নতুন সভাপতি হ’ল সাংসদ দিলীপ শইকীয়া । কেৱল আনুষ্ঠানিকতাহে বাকী ৷ শুকুৰবাৰে দুপৰীয়া আনুষ্ঠানিকভাৱে ঘোষণা হ’ব ৰাজ্যিক সভাপতিৰূপে দিলীপ শইকীয়াৰ নাম ।

কেইবাগৰাকী বিজেপি নেতাৰ নাম ৰাজ্যিক বিজেপিৰ সভাপতি পদৰ বাবে চৰ্চালৈ আহিছিল যদিও অৱশেষত বৃহস্পতিবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সভাপতি পদৰ বাবে একমাত্ৰ মনোনয়নখন দাখিল কৰে সাংসদ দিলীপ শইকীয়াই ।

MP Dilip Saikia submitted nomination for state BJP President
গজেন্দ্ৰ সিং শ্বেখাৱটৰ হাতত মনোনয়ন দাখিল দিলীপ শইকীয়াৰ, সংগী মুখ্যমন্ত্ৰী (ETV Bharat Assam)

ৰাজ্যিক বিজেপিৰ সভাপতি পদৰ প্ৰাৰ্থী প্ৰসংগত বৃহস্পতিবাৰে দুপৰীয়া মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মৰিগাঁৱত ঘোষণা কৰিছিল, “বিজেপিৰ ৰাজ্যিক সভাপতিয়ে খেলিব নোৱাৰিব নিৰ্বাচন । পৰৱৰ্তী নতুন ৰাজ্যিক সভাপতিয়ে অৱতীৰ্ণ হ'ব নোৱাৰিব আগন্তুক ২০২৬ৰ বিধানসভা নিৰ্বাচনত ।”

তেতিয়াই চৰ্চালৈ আহিছিল যে দিলীপ শইকীয়াই বহিব পাৰে বাজপেয়ী ভৱনৰ সভাপতিৰ আসনত ৷ ২০২৬ৰ বিধানসভা নিৰ্বাচনত ৰাজ্যিক সভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰিব দিলীপ শইকীয়াই । পূৰ্ব নিৰ্ধাৰিত অনুসৰি বৃহস্পতিবাৰে সন্ধিয়া ৭ বজাত মনোনয়ন পত্ৰ দাখিলপৰ্ব সম্পন্ন হয় ৷ দহগৰাকী প্ৰস্তাৱক আৰু সমৰ্থকৰ স্বাক্ষৰেৰে একমাত্ৰ মনোনয়ন পত্ৰখন দাখিল কৰে দিলীপ শইকীয়াই ৷

লগে লগে নিশ্চিত হৈ পৰিল যে ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি হ’ব দিলীপ শইকীয়া । শুকুৰবাৰে দিনৰ ১১ বজাত সভাপতিৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব । গুৰুত্বপূৰ্ণ এই সাংগঠনিক নিৰ্বাচনৰ পূৰ্বে দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত নিৰ্বাচনী পৰ্যবেক্ষকৰূপে উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সুনীল বানচাল, উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষেত্ৰীয় প্ৰভাৰী তথা পুৰী লোকসভা সমষ্টিৰ সাংসদ সম্বিত পাত্ৰ আৰু অসমৰ প্ৰভাৰী হৰিশ দ্বিবেদী ।

সন্ধিয়া মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট । মনোনয়ন পত্ৰ দাখিলৰ পিছত মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে ঘোষণা কৰে, “শুকুৰবাৰে দিনৰ ১১ বজাত এখন বৈঠকৰ পিছত দলীয় নীতি-নিয়মসমূহ সম্পন্ন কৰি নিৰ্ধাৰণ কৰা হ’ব নতুন সভাপতিগৰাকীৰ নাম । তাৰ পিছতেই আনুষ্ঠানিকভাৱে ৰাজ্যিক সভাপতিগৰাকীৰ নাম ঘোষণা কৰা হ’ব ।”

উল্লেখযোগ্য যে ৰাজ্যিক বিজেপিৰ শীৰ্ষ সূত্ৰই জনোৱা অনুসৰি ৰাজ্যিক সভাপতি পদৰ বাবে নিৰ্বাচন পৰিহাৰ কৰি চলিবলৈ পৰ্যবেক্ষকৰ দায়িত্বত থকা কেন্দ্ৰীয় নেতৃত্বই ৰাজ্যিক নেতৃবৃন্দৰ লগত আলোচনা কৰি আহিছিল ৷ সেইমৰ্মে সভাপতি পদৰ বাবে এজন উমৈহতীয়া প্ৰাৰ্থী স্থিৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । চৰ্চালৈ আহিছিল প্ৰদান বৰুৱা, ৰামেশ্বৰ তেলী আৰু পল্লৱলোচন দাসৰ নাম । কিন্তু ৰাজ্যিক সভাপতিৰূপে শেষ হাঁহি মাৰিলে সাংসদ দিলীপ শইকীয়াই । একমাত্ৰ দিলীপ শইকীয়াই মনোনয়ন দাখিল কৰাৰ বাবে তেৱেঁই যে বিজেপিৰ নতুন ৰাজ্যিক সভাপতি সেয়া নিশ্চিত হ’ল । এতিয়া অপেক্ষা শুকুৰবাৰৰ দুপৰীয়াৰ আনুষ্ঠানিক ঘোষণাপৰ্বলৈ ।

লগতে পঢক: বিজেপিৰ নতুন ৰাজ্যিক সভাপতিয়ে খেলিব নোৱাৰিব নিৰ্বাচন : ঘোষণা মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.