ETV Bharat / bharat

কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, অষ্টম দৰমহা আয়োগত অনুমোদন কেবিনেটৰ - 8TH CENTRAL PAY COMMISSION

২০২৬ চনত সপ্তম দৰমহা আয়োগৰ কাৰ্যকাল সমাপ্ত হোৱাৰ লগে লগে ই কাৰ্যকৰী হ'ব ।

8th Central Pay Commission
অষ্টম দৰমহা আয়োগ গঠনৰ কথা ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jan 16, 2025, 9:24 PM IST

নতুন দিল্লী: কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কৰ্মচাৰীসকলৰ বাবে এটা সুখবৰ । বৃহস্পতিবাৰে অনুমোদন জনোৱা হ'ল কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে অষ্টম দৰমহা আয়োগ গঠনৰ প্ৰস্তাৱত । কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে । তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীৰ বাবে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠনত অনুমোদন জনাইছে ।

বৃহস্পতিবাৰে নতুন দিল্লীত ৰাষ্ট্ৰীয় মিডিয়া টেণ্টাৰত এক সংবাদমেল সম্বোধনৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, "কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীৰ বাবে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনুমোদন জনাইছে ।"

উল্লেখ্য যে স্বাধীনতাৰ পিছত 1947 চনৰ পৰা বৰ্তমানলৈকে সাতখন দৰমহা আয়োগ গঠন কৰা হৈছে । অন্তিমখন দৰমহা আয়োগ 2016 চনত কাৰ্যকৰী কৰা হৈছিল আৰু ইয়াৰ কাৰ্যকাল ২০২৬ চনত সমাপ্ত হ'ব । আনহাতে, সপ্তম দৰমহা আয়োগৰ কাৰ্যকাল সমাপ্ত হ'বলৈ আগবঢ়াৰ লগে লগে ২০২৫ চনতে অষ্টম দৰমহা আয়োগ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰে কেন্দ্ৰীয় চৰকাৰে । ইয়াৰ উদ্দেশ্য হৈছে সপ্তম দৰমহা আয়োগৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পূৰ্বে নতুন দৰমহা আয়োগ সন্দৰ্ভত পৰামৰ্শ গ্ৰহণ কৰা আৰু ইয়াৰ পৰ্যালোচনাৰ বাবে পৰ্যাপ্ত সময় নিশ্চিত কৰা । বৈষ্ণৱে লগতে জনায় ।

মহাকাশ গৱেষণা সন্দৰ্ভতো কেন্দ্ৰীয় কেবিনেটত সিদ্ধান্ত

বৈষ্ণৱে আৰু কয় যে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাত ইছৰোৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰত তৃতীয় উৎক্ষেপণ পেড (টি এল পি) স্থাপনতো অনুমোদন জনাইছে ।

"তৃতীয় উৎক্ষেপণ পেড প্ৰকল্পত ইছৰোৰ পৰৱৰ্তী প্ৰজন্মৰ উৎক্ষেপণ বাহনৰ বাবে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাত উৎক্ষেপণ আন্তঃগাঁথনি স্থাপনৰ পৰিকল্পনা কৰা হৈছে আৰু লগতে শ্ৰীহৰিকোটাত দ্বিতীয় উৎক্ষেপণ পেডৰ বাবে ষ্টেণ্ডবাই উৎক্ষেপণ পেড হিচাপে সমৰ্থন কৰাৰ পৰিকল্পনা কৰা হৈছে । ইয়াৰ ফলত ভৱিষ্যতৰ ভাৰতীয় মানৱ মহাকাশ ভ্ৰমণ অভিযানৰ উৎক্ষেপণ ক্ষমতাও বৃদ্ধি পাব ।" তেওঁ উল্লেখ কৰে ।

কেনেদৰে ৰূপায়ণ কৰা হ'ব আৰু ইয়াৰ লক্ষ্য কি

টি এল পিক এনেকুৱা বিন্যাসৰ সৈতে ডিজাইন কৰা হৈছে, যিটো যিমান সম্ভৱ সাৰ্বজনীন আৰু অভিযোজনযোগ্য হয় । ই কেৱল এন জি এল ভিক সমৰ্থন কৰাই নহয়, ছেমিক্ৰায়'জেনিক পৰ্যায়ৰ সৈতে এল ভি এম 3 বাহনবোৰৰ লগতে এন জি এল ভিৰ বৰ্ধিত বিন্যাসকো সমৰ্থন কৰিব পাৰে । ইয়াক সৰ্বাধিক পৰ্যায়ত ঔদ্য়োগিক অংশীদাৰিত্বৰ সৈতে সাকাৰ ৰূপ দিয়া হ'ব, য'ত পূৰ্বৰ উৎক্ষেপণ পেড স্থাপনত ইছৰোৰ অভিজ্ঞতাৰ সম্পূৰ্ণ প্ৰয়োগ কৰা হ'ব আৰু বৰ্তমানৰ উৎক্ষেপণ সুবিধাসমূহ সৰ্বাধিক পৰিমাণে উপলব্ধ কৰোৱা হ'ব । এই টি এল পি ৪৮ মাহ অৰ্থাৎ ৪ বছৰৰ ভিতৰত স্থাপনৰ লক্ষ্য ৰখা হৈছে ।

ব্যয় কিমান হ'ব

এই প্ৰকল্পৰ বাবে মুঠ পুঁজিৰ প্ৰয়োজনীয়তা হৈছে ৩,৯৮৪.৮৬ কোটি টকা । ইয়াত উৎক্ষেপণ পেড আৰু সংশ্লিষ্ট সুবিধাসমূহ স্থাপনো অন্তৰ্ভুক্ত আছে ।

লগতে পঢ়ক :ভাৰত মুখ্য সামুদ্ৰিক শক্তি হ'বলৈ সাজু; ৩ নৌসেনা যুঁজাৰু জাহাজ মুকলি কৰি প্ৰধানমন্ত্ৰী - PM MODI INAUGURATES NAVAL WARSHIPS
লগতে পঢ়ক :জেড-ম'ৰ সুৰংগ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে - Z MORH TUNNEL

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.