ETV Bharat / bharat

এফ ডি আই উলংঘন; BBC ৱৰ্ল্ড ছাৰ্ভিচ ইণ্ডিয়াক ৩.৪৪ কোটিৰ জৰিমনা ED ৰ - ED PENALTY ON BBC

ED-এ BBC WS India প্ৰতিষ্ঠানটোৰ তিনিজন পৰিচালকক ১.১৪কোটি টকাতকৈ অধিক জৰিমনা বিহিছে । তদন্তকাৰী সংস্থাটোৱে ফেমাৰ অধীনত ব্ৰিটিছ সম্প্ৰচাৰকৰ বিৰুদ্ধে এক ন্যায়িক আদেশো জাৰি কৰে।

ED Penalty on BBC
বি বি চি ৱৰ্ল্ড ছাৰ্ভিচ ইণ্ডিয়াক ৩.৪৪ কোটিৰ জৰিমনা ই ডিৰ (Getty Images)
author img

By ETV Bharat Assamese Team

Published : Feb 22, 2025, 9:20 AM IST

নতুন দিল্লী : প্ৰত্যক্ষ বিদেশী বিনিয়োগ চমুকৈ এফ ডি আই নিয়ম উলংঘনৰ অভিযোগত প্ৰৱৰ্তন সঞ্চালকালয়ে (ই ডি) বি বি চি ৱৰ্ল্ড ছাৰ্ভিচ ইণ্ডিয়াৰ ওপৰত ৩.৪৪ কোটিৰো অধিক জৰিমনা আৰোপ কৰিছে । কেন্দ্ৰীয় সংস্থাটোৰ বিষয়াসকলে শুকুৰবাৰে এই কথা প্ৰকাশ কৰিছে ।

সংস্থাটোৱে ব্ৰিটিছ সম্প্ৰচাৰকৰ তিনিজন পৰিচালকক ১.১৪ কোটি টকাতকৈ অধিক জৰিমনা বিহে । আনহাতে, বি বি চিৰ বিৰুদ্ধে ই ডিয়ে বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইনৰ (ফেমা) অধীনত এক ন্যায়িক আদেশো জাৰি কৰে ।

উল্লেখ্য যে, বিগত ২০২৩ চনৰ ৪ আগষ্টত বি বি চি ৱৰ্লড ছাৰ্ভিচ ইণ্ডিয়া আৰু ইয়াৰ তিনিজন সঞ্চালক আৰু বিত্তীয় মুৰব্বীলৈ উক্ত আইনৰ অধীনত বিভিন্ন 'উলংঘন'ৰ বাবে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল । ইয়াৰ পিছতে এই ন্যায়িক প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল ।

বি বি চি ৱৰ্ল্ড ছাৰ্ভিচ ইণ্ডিয়া হৈছে ১০০ শতাংশ এফ ডি আই কোম্পানী । ই ডিজিটেল মাধ্যমৰ জৰিয়তে বাতৰি আৰু সাম্প্ৰতিক বিষয় আপলোড/সম্প্ৰচাৰত নিয়োজিত । কিন্তু তেওঁলোকৰ এফ ডি আই ২৬ শতাংশলৈ হ্ৰাস কৰা নাছিল আৰু ভাৰত চৰকাৰে জাৰি কৰা নিয়মাৱলীৰ 'সৰ্বাধিক উলংঘন' কৰি ইয়াক ১০০ শতাংশত ৰাখিছিল । সংবাদ সংস্থা PTI ৰ বাতৰিত প্ৰকাশ কৰা হৈছে এই তথ্য ৷

সূত্ৰটোৱে লগতে কয়, ২০১৯ চনৰ ১৮ ছেপ্টেম্বৰত উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য বিভাগে (ডি পি আই আই টি) জাৰি কৰা প্ৰেছ নোট ৪ত চৰকাৰী অনুমোদনৰ পথৰ অধীনত ডিজিটেল মাধ্যমৰ বাবে ২৬ শতাংশ এফ ডি আইৰ সীমা নিৰ্ধাৰণ কৰা হৈছে । বি বি চি ৱৰ্ল্ড ছাৰ্ভিচ ইণ্ডিয়াৰ ওপৰত আৰোপ কৰা মুঠ জৰিমনা হৈছে 3,44,48,850 টকা । লগতে ফেমা, ১৯৯৯ ব্যৱস্থা উলংঘনৰ বাবে ২০২১ চনৰ ১৫ অক্টোবৰৰ পিছত প্ৰতিদিনে 5,000 টকাকৈ জৰিমনা ভৰিব লাগিব বুলিও সূত্ৰটোৱে কয় ।

গাইলছ এণ্টনি হাণ্ট, ইন্দু শেখৰ সিনহা আৰু পল মাইকেল গিবনছ নামৰ বি বি চিৰ পৰিচালক তিনিজনক নিয়ম উলংঘনৰ সময়ত কোম্পানীৰ কাম-কাজ তদাৰক কৰাত তেওঁলোকৰ ভূমিকাৰ বাবে প্ৰত্যেককে ১,১৪,৮২,৯৫০ টকাকৈ জৰিমনা বিহা হৈছে ।

লগতে পঢ়ক :হাইকোৰ্টৰ ন্যায়াধীশৰ ওপৰত লোকপালে দিব নোৱাৰিব সিদ্ধান্ত; উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় - SUPREME COURT ON LOKPAL
লগতে পঢ়ক :'ভোটাৰ টাৰ্ণআউট' পুঁজি বিতৰ্ক : ট্ৰাম্পৰ বিস্ফোৰণত ৰাজনৈতিক উত্তাপ বৃদ্ধি, তদন্ত দাবী বিজেপিৰ - POLITICAL HEAT ON USAID FUND

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.