ETV Bharat / health

HMPVৰ পিচত এতিয়া মাৰ্বাৰ্গ ভাইৰাছৰ তাণ্ডৱ!...প্ৰাণ কাঢ়িলে ৮ জন লোকৰ - MARBURG VIRUS

HMPV ভাইৰাছে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ পিচত এতিয়া মাৰ্বাৰ্গ ভাইৰাছে বিশ্ববাসীক চিন্তিত কৰি তুলিছে, সম্প্ৰতি এই ভাইৰাছৰ ফলত মৃত্যু হৈছে ৮ জন লোকৰ, সবিশেষ পঢ়ক-

New suspected Marburg outbreak in Tanzania kills eight - WHO
HMPVৰ পিচত এতিয়া মাৰ্বাৰ্গ ভাইৰাছৰ তাণ্ডৱ!...প্ৰাণ কাঢ়িলে ৮ জন লোকৰ (ETV Bharat)
author img

By ETV Bharat Health Team

Published : Jan 16, 2025, 4:04 PM IST

শেহতীয়াকৈ এইচ এম পি ভি ভাইৰাছে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ পিচত এতিয়া মাৰ্বাৰ্গ ভাইৰাছে বিশ্ববাসীক চিন্তিত কৰি তুলিছে ৷ তাঞ্জানিয়াত এই বিপজ্জনক ভাইৰাছৰ ফলত ৮ জন লোকৰ মৃত্যু হৈছে ৷ বিশ্ব স্বাস্থ্য সংস্থাই এই ঘটনাক অতি গুৰুতৰ বুলি অভিহিত কৰি আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য সুৰক্ষাৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰিছে ৷ মাৰ্বাৰ্গ ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়াসকলে ৷

মাৰ্বাৰ্গ ভাইৰাছ এটি বিৰল ৰোগ যদিও মাৰাত্মক ভাইৰাছ, মাৰ্বাৰ্গ আৰু ইবোলা ভাইৰাছ বংশৰেই ৷ এই ভাইৰাছে যিয়ে মানৱ শৰীৰত প্ৰৱেশ কৰি তীব্ৰ আৰু মাৰাত্মক ৰক্তক্ষৰণজনিত জ্বৰৰ (Hemorrhagic fever) সৃষ্টি কৰে ৷ এই ভাইৰাছৰ পোন প্ৰথমবাৰৰ বাবে জাৰ্মানীৰ মাৰ্বাৰ্গ আৰু ছাৰ্বিয়াত ১৯৬৭ চনত আবিৰ্ভাৱ হৈছিল ৷ ই বাদুলিৰ পৰা মানুহলৈ বিয়পে আৰু তাৰ পিছত আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ আহি আনলৈ বিয়পে ৷

জনাই দিও যে, ২০০৪ চনত, মধ্য আফ্ৰিকাৰ এংগোলাত মাৰ্বাৰ্গ ভাইৰাছৰ সৰ্বাধিক আৰু ভয়ংকৰ সংক্ৰমণ হৈছিল । য'ত মৃত্যুৰ হাৰ আছিল ৯০ শতাংশ । সংক্ৰমিত ২৫২ গৰাকী লোকৰ ভিতৰত ২২৭ গৰাকী আক্ৰান্তৰে মৃত্যু হৈছিল ।

লক্ষণ আৰু প্ৰভাৱ

মাৰ্বাৰ্গ ভাইৰাছত আক্ৰান্ত ব্যক্তিৰ উচ্চ জ্বৰ, মূৰৰ বিষ, পেশীৰ বিষ, বমি, ডায়েৰিয়া আৰু আভ্যন্তৰীণ ৰক্তক্ষৰণ আদি লক্ষণ দেখা দিয়ে ৷ এই ভাইৰাছ ইমানেই মাৰাত্মক যে ইয়াৰ সংক্ৰমণৰ ফলত মৃত্যুৰ হাৰ ৮০% পৰ্যন্ত হ’ব পাৰে ৷

তাঞ্জানিয়াৰ পৰিস্থিতি

তাঞ্জানিয়াত মাৰ্বাৰ্গ ভাইৰাছৰ প্ৰাদুৰ্ভাৱে স্বাস্থ্য সেৱাক সতৰ্ক কৰি তুলিছে ৷ এই পৰ্যন্ত ৮ গৰাকী লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে, আৰু বহু লোক আক্ৰান্ত হোৱাৰ সন্দেহ ৷ তাঞ্জানিয়াত উপস্থিত হৈ ডব্লিউ এইচ অ’ৰ দলটোৱে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণ আৰু আক্ৰান্ত লোকসকলৰ চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ইতিমধ্যে সংক্ৰমিত অঞ্চলত স্বাস্থ্য সেৱা শক্তিশালী কৰা হৈছে আৰু স্থানীয় বাসিন্দাসকলক সংক্ৰমণৰ পৰা হাত সাৰিবলৈ সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে ৷

WHO-এ কিয় উদ্বেগ প্ৰকাশ কৰিলে ?

WHOৰ তথ্য অনুসৰি মাৰ্বাৰ্গ ভাইৰাছৰ প্ৰাদুৰ্ভাৱ বিশ্ববাসীৰ বাবে এক ডাঙৰ সতৰ্কবাণী ৷ বিষয়াসকলে কয় যে, এই ভাইৰাছ দ্ৰুতগতিত বিয়পিব পৰাই নহয়, ইয়াৰ ফলত জীৱন আৰু সম্পত্তিৰ বৃহৎ ক্ষতিও হ’ব পাৰে ৷

ইফালে, বিশ্ব স্বাস্থ্য সংস্থাই এই ভাইৰাছ নিয়ন্ত্ৰণৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ৷

(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)

লগতে পঢ়ক

  1. Marburg virus outbreak : ১৮ বছৰ পাছত পুনৰ ভয়ংকৰ ভাইৰাছৰ প্ৰাদুৰ্ভাৱ
  2. HMPV ৰ লক্ষণ আৰু প্ৰতিৰোধ ব্যৱস্থা কি ? জানি লওক কেইটামান কথা
  3. HMPV ত আক্ৰান্ত প্ৰথমগৰাকী ৰোগীৰ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.