সাম্প্ৰতিক সময়ত কম বেছি পৰিমাণে আমি সকলোৱে কঁকাল বিষৰ দৰে সমস্যাৰে ভাৰাক্ৰান্ত হওঁ ৷ সাধাৰণতে কোনো কষ্টকৰ কাম কৰা ব্যক্তিতকৈয়ো দিনটোৰ অধিকাংশ সময় চকীত বহি কাম কৰিবলগা ব্যক্তিৰ ক্ষেত্ৰত এনে সমস্যা অধিক হোৱা দেখা যায় ৷ চকীত বহাৰ ভুল ধৰণৰ বাবেই মূলতঃ এনে সমস্যাৰ সন্মুখীন হ’বলগা হয় ৷ লগতে নিশা কেতিয়াবা শোৱাৰ ভুল ধৰণৰ বাবেও এনে সমস্যা হ’ব পাৰে ৷ কঁকালৰ বিষ হ’লে অধিকাংশ সময়তে আমি তাৎক্ষণিক সকাহৰ বাবে বিষনাশক ঔষধ খাওঁ বা বিষ নিৰাময় কৰিব পৰা মলম লগাওঁ ৷
এনে ব্যৱস্থাৰে আমি পিছে সাময়িকভাৱেহে সকাহ লাভ কৰোঁ ৷ এই ঔষধ বা মলমৰ প্ৰভাৱ কমি আহিলেই বিষৰ সমস্যাই পুনৰ গা কৰি উঠে ৷ সেয়ে আমি নিজৰ বহা বা শোৱাৰ ধৰণৰ লগতে কঁকাল বিষ হ’ব পৰা আন কাৰণসমূহৰ ক্ষেত্ৰত সাৱধান হ’ব লাগে ৷ কিন্তু আমাৰ অজ্ঞতাৰ বাবে আমি কৰা আন এক সাধাৰণ ভুলৰ বাবেও কঁকাল বিষৰ সমস্যাত ভুগিব পাৰোঁ ৷ পুৰুষৰ ক্ষেত্ৰত এই ভুল অধিক পৰিলক্ষিত হয় ৷
সাধাৰণতে আমি মানিবেগ প্ৰায়ে পেণ্টৰ পিছ পকেটত ৰাখোঁ ৷ কিন্তু ইয়াৰ ফলতো আমাৰ পিঠি বা কঁকালৰ বিষ হ’ব পাৰে ৷ শেহতীয়াকৈ আমেৰিকাৰ এখন বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এই বিষয়ত গৱেষণা কৰিছিল ৷ দেখা গৈছে যে পেণ্টৰ পিছফালৰ পকেটত মানিবেগ থোৱাৰ বাবে বহু লোকে কঁকালৰ বিষ, পিঠিৰ বিষ, আনকি ভৰিৰ বিষৰ সমস্যাও ভুগিব লগা হৈছে ৷
চিকিৎসকৰ মতে, পেণ্টৰ ঠিক পিছফালৰ পকেটটো থকা স্থানতে আমাৰ দেহৰ ছাইটিক নাৰ্ভ থাকে ৷ আমি পকেটত মানিবেগ লৈ বহি থকাৰ ফলত ছাইটিক নাৰ্ভ বা ইয়াৰ লগত জড়িত পেশীবোৰৰ ওপৰত চাপ পৰে ৷ দীৰ্ঘদিন সেই চাপত থাকিলে স্নায়ুৰ ক্ষতি হয় ৷ ইয়াৰ ফলত কঁকাল আৰু মেৰুদণ্ডৰ বিষৰ দৰে সমস্যাৰ সৃষ্টি হয় ৷ লগতে আ্মি ভৰি বিষৰ সমস্যাতো ভুগিব পাৰো ৷
এইক্ষেত্ৰত আমি কিছুমান কথা মনত ৰখা প্ৰয়োজন ৷ প্ৰথমতে মানিবেগটো পিছফালৰ পকেটত ৰখাৰ অভ্যাস এৰিব লাগিব ৷ বৰঞ্চ মানিবেগটো সন্মুখৰ পকেটত বা কান্ধত ওলোমাই থোৱা বেগত ৰাখক ৷ ইয়াৰ ফলত আপোনাৰ মানিবেগটো সুৰক্ষিতও হৈ থাকিব ৷ তদুপৰি এনে দিশসমূহৰ প্ৰতিও ধ্যান দিব-
- বিষ অনুভৱ কৰিলে লগে লগে ঔষধ নাখাব ৷ প্ৰয়োজন হ’লে চিকিৎসকৰ পৰামৰ্শ লওক ৷
- গৰম পানীত গা ধুবলৈ চেষ্টা কৰক ৷ প্ৰয়োজন হ’লে পানীত অলপ নিমখ মিহলাই ল’ব, ইয়াৰ সহায়তো দেহৰ উপকাৰ হ’ব ৷
- নিয়মিতভাৱে ব্যায়াম কৰক ৷ ইয়াৰ ফলত ক্ষতিগ্ৰস্ত পেশীবোৰ পুনৰ সক্ৰিয় হ’ব ৷ এনে পৰিস্থিতিত কঁকাল বা পিঠি বিষৰ সমস্যা সমাধান হ’ব ৷
- বিষ হ’লে বৰফৰ টুকুৰা কেইটামান কাপোৰেৰে মেৰিয়াই বিষ হোৱা ঠাইত লগাব ৷ এনে ব্যৱস্থাৰ সহায়তো আপুনি সকাহ লাভ কৰিব ৷
https://www.ijmrhs.com/medical-research/fat-wallet-syndrome-an-epidemic-among-men.pdf
(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)
লগতে পঢ়ক