ডিব্ৰুগড় : উজনি অসমৰ বৌদ্ধিক আৰু উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয় । ৰাজ্যৰ লগতে বহিঃৰাজ্য আৰু বিদেশী ৰাষ্ট্ৰৰ ছাত্ৰ-ছাত্ৰীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আহিছে । ১৯৬৫ চনত প্ৰতিষ্ঠা লাভ কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ক কেন্দ্ৰীয় চৰকাৰে বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয় হিচাপে উন্নীত কৰিছে ।
শৈক্ষিক উত্তৰণৰ লগতে ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰতো ডিব্ৰুগড় বিশ্ববিদ্যালয়ে বিশ্বজুৰি খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে । ইয়াৰ মাজতে বুধবাৰৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উদুলি-মুদুলি পৰিবেশ দেখিবলৈ পোৱা গৈছে । কিয়নো বুধবাৰৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আৰম্ভ হৈছে আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ, ২০২৫ ।
ৰাজ্যৰ অগ্ৰণী কলা, সংস্কৃতি আৰু সাহিত্য বিষয়ক স্বেচ্ছাসেৱী অনুষ্ঠান ফ'কেলৰ উদ্যোগত আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহযোগত চাৰিদিনীয়াকৈ এই মহোৎসৱখনি অনুষ্ঠিত হৈছে । 'আফ্রিকান সাহিত্য'ক কেন্দ্রীয় বিষয়বস্তু হিচাপে লৈ অনুষ্ঠিত কৰা এই মহোৎসৱত ভাৰতৰ উপৰি বিশ্বৰ ২৫ খন দেশৰ লেখক-সাহিত্যিকে অংশগ্রহণ কৰিছে । মহোৎসৱৰ আটাইকেইটা দিনতে বিভিন্ন দেশৰ বিভিন্ন ভাষা, সাহিত্য-সংস্কৃতিৰ ওপৰত উচ্চমানৰ আলোচনা-চক্ৰ আৰু কৰ্মশালা অনুষ্ঠিত হ'ব ।
বুধবাৰে পুৱাৰ ভাগত বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এক বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠান । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যক ড৹ নগেন শইকীয়াই ।
উদ্বোধনী অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমীয়া চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ জিতেন হাজৰিকা, প্ৰখ্যাত আফ্ৰিকান লেখক টেটে মিছেল কেপামাছি, অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া ভি বি প্যাৰেলাল আদি উপস্থিত থাকে ।
উদ্বোধনী অনুষ্ঠানৰ পাছতে আফ্ৰিকাৰ ওপৰত নিৰ্মিত এখনি তথ্যচিত্ৰ প্ৰদৰ্শন, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আফ্ৰিকান ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয় ।
'আফ্রিকান সাহিত্য'ক কেন্দ্রীয় বিষয়বস্তু হিচাপে লৈ অনুষ্ঠিত কৰা হৈছে এই মহোৎসৱ
বিশ্বৰ ২৫ দেশৰ লেখক-সাহিত্যিকৰ অংশগ্ৰহণেৰে আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ, ২০২৫ অনুষ্ঠিত কৰিবলৈ পাই উৎফুল্লিত ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষ । আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱক লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ পৰমানন্দ সোণোৱালে কয়, "স্বেচ্ছাসেৱী অনুষ্ঠান ফ'কেলৰ উদ্যোগত আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহযোগত দ্বিতীয়বাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ অনুষ্ঠিত কৰিছো । আফ্রিকান সাহিত্যক কেন্দ্রীয় বিষয়বস্তু হিচাপে লৈ অনুষ্ঠিত কৰা হৈছে এই মহোৎসৱ । এই অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে । লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে । আমি আশা কৰিছো এই চাৰিদিনীয়া অনুষ্ঠানত ১০ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি পৃথিৱী বিখ্যাত লেখকসকলৰ সৈতে অন্তৰঙ্গ আলাপ কৰি বহু কথা শিকিব পাৰিব ।"
আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱে বিভিন্ন দেশৰ লেখক-সাহিত্যিকসকলৰ মাজত একতাৰ ভাব সৃষ্টি কৰিব
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আৰম্ভ হোৱা আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ, ২০২৫ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ড৹ নগেন শইকীয়াই কয়, "আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ অনুষ্ঠিত হোৱাটো সঁচাকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাবে এটা ডাঙৰ উৎসৱ । এই অনুষ্ঠানলৈ ২৫ খন দেশৰ ১২০ জন লেখক-সাহিত্যিক আহিছে । এই অনুষ্ঠানে বিভিন্ন দেশৰ লেখক-সাহিত্যিকসকলৰ মাজত একতাৰ ভাব সৃষ্টি কৰিব ।"
প্ৰকৃতি আৰু মানুহক ভাল পাব নোৱাৰিলে লেখক হ'ব নোৱাৰে
ড৹ নগেন শইকীয়াই লগতে কয়, "যিসকলে মানুহ আৰু প্ৰকৃতিক ভাল পাব নোৱাৰে তেনে লোক লেখক আৰু শিল্পী হ'ব নোৱাৰে । ২৫ খন দেশৰ পৰা অহা লেখকসকলৰ দৃষ্টিভংগীত মানুহ আৰু প্ৰকৃতিৰ সম্পৰ্কৰ বিষয়ে আভাস পাম বুলি আশা কৰিছো ।"