কণীৰ হালধীয়া অংশটোক কুহুম বোলে ৷ কণীৰ এই পুষ্টি সমৃদ্ধ অংশটো খালে স্বাস্থ্যজনিত বহু সমস্যাৰ পৰা উপশম পোৱা যায় ৷ ভিটামিন এ, ডি, ই, কে, বি ১, বি ২, বি ৫, বি৬, বি ৯, বি ১২, কেলচিয়াম, মেগনেছিয়াম, আইৰণ, চেলেনিয়াম, কেৰটিনয়ড, লুটিন, জিএক্সান্থিন, ওমেগা-৩ ফেটি এচিড ইয়াত পোৱা যায় ৷ ইয়াক খালে পেশীৰ বিকাশত যথেষ্ট সহায় হয়, মগজু আৰু হৃদযন্ত্ৰৰ বাবে খুবেই উপকাৰী, দৃষ্টিশক্তি বৃদ্ধি কৰাৰ লগতে চুলি আৰু নখৰ বাবেও ই উপকাৰী ৷
কণীৰ কুহুমৰ উপকাৰিতা
পুষ্টিকৰ উপাদানৰে সমৃদ্ধ
কণীৰ কুহুমত ভিটামিন এ, ডি, ই, কে, বি ১, বি ২, বি ৫, বি ৬, বি ৯, বি ১২ আদি গুৰুত্বপূৰ্ণ ভিটামিন আদি কণীৰ কুহুমত পোৱা যায় ৷ ইয়াৰ উপৰিও শৰীৰৰ বাবে অপৰিহাৰ্য ফলিক এচিড, চেলেনিয়াম, আইৰণ আৰু জিংক থাকে কণীৰ কুহুমত ৷
প্ৰ’টিনৰ ভাল উৎস
কণীৰ হালধীয়া অংশত প্ৰ’টিন প্ৰচুৰ পৰিমাণে পোৱা যায়, যিয়ে পেশী গঠন আৰু মেৰামতি কৰাত সহায় কৰে ৷
হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী
কণীৰ কুহুমত প্ৰচুৰ পৰিমাণে ওমেগা-৩ ফেটি এচিড আৰু ফচফ’লিপিড থাকে, যি হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে অতিকৈ উপকাৰী ৷ যদি কণী সঠিক পৰিমাণত খোৱা হয় তেন্তে ই কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিব পাৰে ৷
চকুৰ স্বাস্থ্য
কণীৰ কুহুমত লুটিন আৰু জিএক্সান্থিনৰ দৰে এন্টিঅক্সিডেন্ট থাকে, যিয়ে চকুৰ স্বাস্থ্য উন্নত কৰে আৰু বয়স বৃদ্ধিৰ লগে লগে চকুৰ সমস্যা যেনে মেকুলাৰ ডিজেনেৰেচন আৰু কেটাৰেক্ট ৰোধ কৰে ৷
ছাল আৰু চুলিৰ বাবে উপকাৰী
কণীৰ হালধীয়া অংশটো ছাল আৰু চুলিৰ বাবেও ভাল ৷ ইয়াত বায়’টিন আৰু ফেটি এচিড থাকে, যিয়ে চুলিক মজবুত আৰু চিকচিকিয়া কৰাত সহায় কৰে ৷ ইয়াৰ উপৰিও ই ছালত আৰ্দ্ৰতা আৰু কোমলতা প্ৰদানৰ কাম কৰে ৷
মগজুৰ বাবে উপকাৰী
কণীৰ হালধীয়া অংশত ক’লিন নামৰ এটা পুষ্টিকৰ পদাৰ্থ থাকে, যিয়ে মগজুৰ ক্ষমতা বৃদ্ধি কৰে আৰু মানসিক বিকাশত সহায় কৰে ৷
কণীৰ কুহুম খোৱাৰ সৈতে জড়িত সাৱধানতা
কণীৰ হালধীয়া অংশ সঠিক পৰিমাণত খালে উপকাৰ হয় ৷ অতিৰিক্তভাৱে ইয়াক খালে শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হোৱাৰ লগতে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে ৷ কিছুমান মানুহৰ কণীৰ প্ৰতি এলাৰ্জী হ’ব পাৰে ৷ যদি আপুনি কণীৰ পৰা কোনোধৰণৰ এলাৰ্জী হয় তেন্তে ইয়াক খোৱাটো উচিত নহয় ৷
উৎস:-https://pmc.ncbi.nlm.nih.gov/articles/PMC6470839/
(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)
লগতে পঢ়ক