ETV Bharat / state

আহোমৰ স্মৃতিস্বৰূপ ৰাজকাৰেং সংৰক্ষণৰ আহ্বান যোৰহাটবাসীৰ - AHOM RAJKARENG RESERVATION

আহোমৰ শেষ ৰাজধানী যোৰহাটত থকা ৰাজকাৰেং এতিয়া অৱহেলিত ! স্থানীয় লোক তথা সংগঠনে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।

Ahom Rajkareng
আহোমৰ স্মৃতিস্বৰূপ ৰাজকাৰেং সংৰক্ষণৰ আহ্বান যোৰহাটবাসীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 30, 2025, 3:11 PM IST

যোৰহাট : ৬০০ বছৰীয়া আহোম ৰাজত্বৰ শেষ ৰাজধানী আছিল যোৰহাট । যোৰহাট চহৰৰ মাজমজিয়া তথা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক কাৰ্যালয়ৰ চৌপাশে আৱৰি থকা ৪০০ বিঘা ভূমিতেই আছিল আহোম ৰাজত্বৰ শেষ ৰাজধানীৰ স্মৃতিস্বৰূপ ৰাজকাৰেং আৰু আহোম ৰাজত্বকালৰ ঐতিহাসিক কীৰ্তি চিহ্ন । কিন্তু কালক্ৰমত ৪০০ বিঘাৰ ৰাজকাৰেং এতিয়া আছেগৈ মাত্ৰ ১২ বিঘা ৩ কঠা ১২ লেচাৰ ।

অৱশ্যে অৱশিষ্ট ভূমিতে ৰাজকাৰেঙৰ স্মৃতিসৌধ আদি নিৰ্মাণৰ কথা কৈছিল অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । কিন্তু চৰকাৰে দিয়া সেই প্ৰতিশ্ৰুতি বাস্তৱত ৰূপায়ণ নোহোৱাৰ বাবে ৰাজকাৰেঙৰ অৱশিষ্ট ভূমিও এতিয়া নাইকীয়া হোৱাৰ আশংকা ঘনীভূত হৈছে ।

আহোমৰ স্মৃতিস্বৰূপ ৰাজকাৰেং সংৰক্ষণৰ আহ্বান যোৰহাটবাসীৰ (ETV Bharat Assam)

আহোমৰ শেষ ৰাজধানী, ৰাজকাৰেং আৰু ঐতিহাসিক কীতিচিহ্নসমূহ ৰক্ষণাবেক্ষণ, সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ ক্ষেত্ৰত কৰা অৱহেলাৰ বাবে চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে জাতীয় সংগঠনৰ লগতে যোৰহাটৰ ৰাইজ ।

চৰকাৰৰ প্ৰতিশ্ৰুতি আৰু অৱহেলা

উক্ত বিষয় সন্দৰ্ভত যোৰহাট জিলা আটাছুৰ সভাপতি ৰাজীৱ গগৈয়ে কয়, "যোৰহাটৰ ঐতিহাসিক ৰাজকাৰেং উদ্ধাৰ আৰু সংৰক্ষণৰ স্বাৰ্থত আমি ৰাজকাৰেং উদ্ধাৰ সমিতি বুলি এখন সমিতি গঠন কৰিছিলো আৰু উদ্ধাৰ সমিতিয়ে ৰাজকাৰেঙৰ প্ৰাককলনসহ প্ৰকল্প ২০২৪ বৰ্ষৰ ২৪ জানুৱাৰীত মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছিলো আৰু সেয়া কৰা হৈছিল মুখ্যমন্ত্ৰীৰ পৰামৰ্শমতেই । কাৰণ ২০২৩ বৰ্ষৰ ১৩ অক্টোবৰত মুখ্যমন্ত্ৰীয়ে আহোমৰ শেষ ৰাজধানী ৰাজকাৰেং পৰিভ্ৰমণ কৰিছিল আৰু ৪০০ বিঘাৰ পৰা গৈ প্ৰায় ১২ বিঘা মাটি থকাৰ বাবে উদ্বেগ প্ৰকাশ কৰি উক্ত স্থানত ৰাজকাৰেং ঐতিহ্য সংৰক্ষণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰু এক প্ৰাককলন প্ৰস্তুত কৰি তেওঁলৈ প্ৰেৰণ কৰিবলৈ কৈছিল ।"

কিন্তু সময় বাগৰাৰ লগে লগে এইক্ষেত্ৰত চৰকাৰে গুৰুত্ব নিদিয়াৰ বাবে উক্ত ভূমিত চৰকাৰী কাৰ্যালয় বনাবলৈ চেষ্টা কৰা হৈছে আৰু অহোম ৰাজত্বকালৰ এইসমূহ সমল সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ ক্ষেত্ৰত চৰকাৰে ভেঁকোভাওনা কৰিছে বুলিও উদ্বেগ প্ৰকাশ কৰে আটাছুৰ নেতা ৰাজীৱ গগৈয়ে ।

ইতিহাস হ'ব নেকি আহোমৰ ৰাজধানী

আনহাতে জাতীয়তাবাদী শক্তিশালী কণ্ঠ হিচাপে পৰিচিত অৰ্জুনমণি ভুঞাই কয়, "অসমৰ শিক্ষিত নগৰী হ'ল যোৰহাট । জিলাখনৰ ১০০০ বছৰীয়া ইতিহাস যদি আমি চাও তেতিয়া আমি দেখিম যে কছাৰীসকলে ৰাজধানী পাতিছিল ডিমাপুৰত, তাৰ পূৰ্বে যোৰহাটত কছাৰীসকলৰ ৰাজধানী আছিল । তেওঁলোকে যোৰহাটৰ পৰাই শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল । মোৱামৰীয়া বিদ্ৰোহৰ পিছত ১৭৮৯ চনত পূৰ্ণানন্দ বুঢ়াগোঁহায়ে শিৱসাগৰৰ পৰা আহি যোৰহাটখনক সু-সংগঠিত ৰূপত গঢ় দিবলৈ চেষ্টা কৰিছিল । তাৰ সমান্তৰালভাৱে ১৭৯৪ চনত গৌৰীনাথ সিংহই যোৰহাটত ৰাজধানী পাতিছিল । হাজাৰ বছৰীয়া ইতিহাস প্ৰসিদ্ধ যোৰহাটৰ কীৰ্তিচিহ্ন সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধন কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসন আৰু ৰাজঘৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে । ৬০০ বছৰীয়া শাসনকালত আহোমৰ শেষ ৰাজধানী যোৰহাটত যি ৰাজকাৰেং আছিল তাত চৰকাৰে কাৰ্যালয় বনাবলৈহে ব্যৱস্থা কৰিছে ৷ আনহাতে ৰজাদিনীয়া যিসমূহ পুখুৰী আছিল সেইসমূহত পূজা-পাতলৰহে ব্যৱস্থা কৰিছে । সেয়েহে সময়ৰ সোঁতত ইতিহাস প্ৰসিদ্ধ এইসমূহ সম্পদ যাতে বিলীন নহয় তাৰ বাবে চৰকাৰে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব লাগে ।"

চৰকাৰলৈ আহ্বান

আন এগৰাকী সমাজ সচেতন যুৱক ধ্ৰুৱ বৰাই কয়, "৬০০বছৰীয়া আহোম ৰাজত্ব কালত যোৰহাট আছিল আহোমৰ শেষ ৰাজধানী । ফলত বহুতো ৰজাদিনীয়া কীৰ্তিচিহ্ন আৰু সমল সংৰক্ষিত হৈ আছিল । আহোম যুগৰ ৰাজত্বকালৰ কীৰ্তিচিহ্নসমূহৰ লগতে ৰাজকাৰেং চৰকাৰে যিদৰে ৰক্ষণাবেক্ষণ দিব লাগিছিল, তেনে কৰাত বিফল হৈছে । সেয়েহে চৰকাৰক আমি অনুৰোধ জনাইছো চৰকাৰে এই ইতিহাস প্ৰসিদ্ধ সমলসমূহ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ ব্যৱস্থা কৰক ।"

উল্লেখ্য যে যোৰহাটত থকা ৰাজকাৰেং সংৰক্ষণৰ বাবে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ কৰি আহিছে । কিন্তু চৰকাৰী পক্ষই কোনো পদক্ষেপ নোলোৱাত পুনৰ এবাৰ জাঙুৰ খাই উঠিছে সংগঠনসমূহ ।

লগতে পঢ়ক :দিল্লীতকৈ গুৱাহাটীৰ ৰাস্তাবোৰ ভাল: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা - DELHI ASSEMBLY ELECTIONS 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.