ETV Bharat / state

তিনিচুকীয়া-বিশ্বনাথৰ তিনি মহিলা নিখোজ মহাকুম্ভত - MAHA KUMBH MELA 2025

কুম্ভ মেলাত বিশ্বনাথ চাৰিআলিৰ মহিলা নিৰুদ্দেশ । স্নান কৰিবলৈ গৈ নিৰুদ্দেশ তিনিচুকীয়াৰ দুগৰাকী মহিলা ।

Women from Tinsukia and Biswanath Chariali go missing in Mahakumbh
মহাকুম্ভত নিখোজ তিনি মহিলা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 30, 2025, 7:06 PM IST

বিশ্বনাথ/তিনিচুকীয়া: কুম্ভ মেলা হিন্দু ধৰ্মৰ এক অন্যতম গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ । এইবাৰ কুম্ভমেলা ১৩ জানুৱাৰী পৌষ পূৰ্ণিমা স্নানৰ পৰা আৰম্ভ হৈছে আৰু এই মেলা ২৬ ফেব্ৰুৱাৰী তথা মহাশিৱৰাত্ৰি স্নানৰ সৈতে সমাপ্ত হ'ব বুলি জ্যোতিষীসকলে প্ৰকাশ কৰিছে । উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হোৱা এই মহাকুম্ভ মেলাত ভিৰ কৰিছে দেশ-বিদেশৰ অগণন ভক্তই ।

ইফালে এই অগণন অগণন ভক্ত ভিতৰত বহু কেইজন ভক্ত মৃত্যুমুখত পৰাৰ লগতে বহু কেইগৰাকী ভক্ত বৰ্তমানলৈকে নিৰুদ্দেশ হৈ থকা খবৰ পোৱা গৈছে । ইয়াৰ মাজতে অসমৰো কেইবাগৰাকীও মহিলা মহাকুম্ভ মেলাত নিখোঁজ হৈ থকাৰ বাতৰিয়ে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য ।

মহাকুম্ভত নিখোজ তিনি মহিলা (ETV Bharat Assam)

মহাকুম্ভত নিৰুদ্দেশ বিশ্বনাথ চাৰিআলিৰ এগৰাকী মহিলা:

বিশ্বনাথ চাৰিআলিৰো এগৰাকী মহিলা নিৰুদ্দেশ হোৱাৰ এক তথ্য পোহৰলৈ আহিছে । মঞ্জু দেৱী আগৰৱালা নামৰ মহিলা গৰাকী ২৯ জানুৱাৰী পুৱা ৬ বজাৰ পৰা সন্ধান পোৱা নাই বুলি জনাই পৰিয়ালৰ লোকে ।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি ২৯ জানুৱাৰীৰ পুৱা ৬ বজাত পৰিয়ালৰ সদস্য সকলৰ সৈতে প্ৰথমে নদীত গা ধুবলৈ যায় । গা ধোৱাৰ পিছত পৰিয়ালৰ আন এগৰাকী সদস্য নিৰুদ্দেশ হৈছিল ৷ কিন্তু সেই গৰাকী সদস্যৰ সন্ধানত নামি পৰাত পূৰ্বৰ স্থানত য'ত মঞ্জু দেৱী ৰৈ আছিল তাৰ পৰা তেৱোঁ নিৰুদ্দেশ হয় । ইফালে বৃহস্পতিবাৰে পুৱাই বিশ্বনাথ জিলা আৰক্ষী আৰু জিলা প্ৰশাসনৰ লোক উপস্থিত হয় নিৰুদ্দেশ মহিলা মঞ্জু আগৰৱালাৰ ঘৰত । উপস্থিত হৈ আৰক্ষীয়ে কুম্ভমেলা কমিটী আৰু প্ৰয়াগৰাজৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰা বুলি উল্লেখ কৰে পৰিয়ালৰ সদস্যসকলে ।

Women from Tinsukia and Biswanath Chariali go missing in Mahakumbh
মহাকুম্ভত নিখোজ জোৎস্না দেৱ (ETV Bharat Assam)

কুম্ভমেলাত নিৰুদ্দেশ তিনিচুকীয়াৰ দুগৰাকী মহিলা:

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত অমৃত স্নান কৰিবলৈ গৈ সন্ধানহীন হৈছে তিনিচুকীয়া জিলাৰ দুগৰাকীকৈ মহিলা । সন্ধানহীন হোৱা এগৰাকী মহিলা তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত বৰহাপজান নিউ মাৰ্কেটৰ ৬১ বছৰীয়া লীলা দেবী । ঘৰৰ কাষৰীয়া লোকৰ সৈতে একেলগে মহাকুম্ভত অমৃত স্নান কৰিবলৈ গৈছিল মহিলাগৰাকীয়ে । মাতৃ সন্ধানহীন হোৱাৰ খবৰ লাভ কৰি ইতিমধ্যে পুত্ৰ অনিল প্ৰসাদে মহাকুম্ভ মেলালৈ যাত্ৰা কৰিছে ।

এই সন্দৰ্ভত ফোনৰ জৰিয়তে সন্ধানহীন লীলা দেৱীৰ পুত্ৰ অনিল প্ৰসাদে কয়, “২৭ জানুৱাৰীত তিনিচুকীয়াৰ পৰা মোৰ মা লীলা দেৱীয়ে মহাকুম্ভত স্নান কৰিবলৈ গৈছিল । তিনিচুকীয়া জিলাৰ পাঁচ-ছয়গৰাকী লোকৰ স’তে গৈছিল কুম্ভলৈ । তাৰে এগৰাকীৰ ম'বাইল ফোন চুৰি হ’ল আৰু মোৰ মাৰ ম'বাইল ফোন নাই । আমি বুধবাৰে আবেলি ৫:৩০ বজাত মহাকুম্ভৰ পিলাৰ নম্বৰ ২৩১ ৰ পৰা সন্ধানহীন হোৱা বুলি খবৰ পাওঁ ।"

তেওঁ লগতে কয়,"বাকীসকলে সুকলমে উভতি আহিছে যদিও মা সন্ধানহীন হৈ আছে । আমি ইতিমধ্যে সন্ধানহীন হোৱাৰ অভিযোগ দাখিল কৰিছো । মাৰ লগত যোৱাসকলে জানিবলৈ দিয়া অনুসৰি মাৰ সৈতে স্নান কৰাৰ পাছত বাকীসকলক আগত যাবলৈ কৈ মায়ে পিছে পিছে গৈছো বুলি কৈছিল । তাৰ পাছতে মা সন্ধানহীন হৈ পৰে । কোনো লোকে যদি মাৰ সন্ধান লাভ কৰে তেন্তে 8472900833 নাইবা 9435562222 ম'বাইল নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছো ।”

ইফালে মহাকুম্ভত সন্ধানহীন হৈছে তিনিচুকীয়া জিলাৰে আন এগৰাকী মহিলা । তিনিচুকীয়াৰ পৰ্বতীয়াৰ জোৎস্না দেৱ নামৰ ৬৫ বছৰীয়া এগৰাকী মহিলা মঙলবাৰৰ পৰা সন্ধানহীন হৈ আছে । দেওবাৰে পুৱা তিনিচুকীয়াৰ পৰা তিনিগৰাকী মহিলাৰ স’তে কুম্ভলৈ ৰাওনা হৈছিল জোৎস্না দেৱে । মঙলবাৰে দিনৰ ২ বজাত হাতৰ পৰা এৰি সন্ধানহীন হৈ পৰে মহিলাগৰাকী । ইতিমধ্যে আন দুগৰাকী মহিলা ললিতা ঝা আৰু গীতাঞ্জলি ঝাই সন্ধানহীন জোৎস্না দেৱক বিচাৰি চলাথ কৰিছে মহাকুম্ভ মেলাস্থলীত ।

লগতে পঢ়ক: কুম্ভমেলাত পদপিষ্ট হৈ মৃত্যু ৩০, আহত ৬০; যোগী প্ৰশাসনে কৰিলে স্পষ্ট - MAHA KUMBH MELA 2025

মহাকুম্ভত পদপিষ্ট হৈ অসমৰ তীৰ্থযাত্ৰীয়ে হেৰুৱালে প্ৰাণ - MAHAKUMBH STAMPEDE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.