ETV Bharat / entertainment

৪২ বছৰে কেমেৰাৰ আঁৰত থকা জাহ্নু বৰুৱা এইবাৰ অভিনেতাৰ ৰূপত - FILMMAKER JAHNU BARUA PAATAL LOK 2

আপুনি আংকল কেন নাইবা হিউৱেন বৰুৱাক চিনি পায়নে ? জাহ্নু বৰুৱাৰে হোৱা ই টিভি ভাৰতৰ গৌতম বৰুৱাৰ এক বিশেষ বাৰ্তালাপ ৷

Jahnu Barua
জাহ্নু বৰুৱা এইবাৰ অভিনেতাৰ ৰূপত (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Jan 30, 2025, 7:04 PM IST

হায়দৰাবাদ : জাহ্নু বৰুৱা ৷ নামটোৰ পিছত আৰু সুকীয়াকৈ এটা পৰিচয় দিয়াৰ প্ৰয়োজনীয়তা নিশ্চয় নাথাকে ৷ অসমীয়া সমাজ আৰু সংস্কৃতিৰ সৈতে সংপৃক্ত হৈ থকা যি কেইগৰাকী বৰেণ্য ব্যক্তিৰ নাম সমগ্ৰ জাতিটোৱে মনত ৰাখিছে বা আগলৈও ৰাখিব সেইসকলৰ ভিতৰত জাহ্নু বৰুৱাও এজন ।

মূলতঃ এগৰাকী ছবি নিৰ্মাতাই বোলক বা ছবি পৰিচালকেই বোলক, জাহ্নু বৰুৱা কেৱল অসমীয়া ছবি জগতৰে নহয়, ভাৰতীয় ছবি জগতৰো এগৰাকী সমূখ শাৰীৰ ব্যক্তিত্ব ৷

ই টিভি ভাৰতৰ গৌতম বৰুৱাৰে হোৱা জাহ্নু বৰুৱাৰ বিশেষ বাৰ্তালাপ (ETV Bharat Assam)

কিন্তু জাহ্নু বৰুৱাৰ এইবাৰ এটা সুকীয়া পৰিচয় পাব দৰ্শকে ৷ কেৱল অসমৰ দৰ্শকেই নহয়, সমগ্ৰ দেশ-বিদেশৰ দৰ্শকেও ৷ কিয়নো বিগত প্ৰায় ৪২ টা বছৰে ৰূপালী পৰ্দা আৰু কেমেৰাৰ আঁৰত থাকিয়েই মাতৃভূমি অসমলৈ ১২ টাতকৈও অধিক ৰাষ্ট্ৰীয় পুৰস্কাৰ কঢ়িয়াই অনা, বিদেশতো অসমীয়া বোলছবিৰ এটা সুকীয়া পৰিচয় দিবলৈ সক্ষম হোৱা স্বনামধন্য ছবি পৰিচালক জাহ্নু বৰুৱাক দৰ্শকে এইবাৰ দেখিব এগৰাকী অভিনেতাৰূপে ৷

প্ৰথমবাৰলৈ কেমেৰাৰ সমুখত দেখা যাব জাহ্নু বৰুৱাক ৷ ১৯৮২ চনত 'অপৰূপা' আছিল বৰুৱাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া ছবি ৷ হিন্দী ভাষাতো নিৰ্মাণ হৈছিল ছবিখন ৷ নাম আছিল 'অপেক্ষা' ৷ বিজু ফুকন, সুহাসিনী মূলে, ফাৰুক শ্বেখ, গিৰীশ কাৰ্নাডকে ধৰি সেই সময়ৰ অসমীয়া আৰু হিন্দী ছবিজগতৰ অনেক তাৰকা শিল্পীয়ে অভিনয় কৰা এইখন ছবিৰ জৰিয়তেই ভাৰতীয় ছবি জগতে মোল বুজি পাইছিল এইগৰাকী পৰিচালকৰ ৷

তাৰ পিছৰে পৰা আজি ৪৩ টা বছৰে জাহ্নু বৰুৱা কেৱল এটা নাম হৈয়েই নাথাকিল ৷ এটা অনুষ্ঠান হৈ পৰিল ৷ হালধীয়া চৰায়ে বাওধান খায়, সাগৰলৈ বহু দুৰ, ফিৰিঙতি, কুশল, বনানী, তৰা, পখী, কণিকাৰ ৰামধেনু আদিকে ধৰি অনেক ছবিৰ জৰিয়তে বুটলি অনা ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে আই অসমীৰ আঁচল ভৰাই দিলে জাহ্নু বৰুৱাই ৷

JAHNU BARUA INTERVIEW
ছটাকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ কঢ়িয়াই অনা জাহ্নু বৰুৱাৰ 'মেইনে গান্ধীকো নেহী মাৰা' (Photo : ETV Bharat Assam)

২০০৫ চনত অনুপম খেৰ, উৰ্মিলা মাটোণ্ডকাৰ, বোমান ইৰাণী, ৰজত কাপুৰ আদিৰ দৰে বহু তাৰকাক লৈ জাহ্নু বৰুৱাই পৰিচালনা কৰা "মেইনে গান্ধীকো নেহী মাৰা" ছবিখনে আজুৰি আনিছিল ছটাকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ ৷ কেৱল সিমানেই নহয়, ২০০৩ ত পদ্মশ্ৰী আৰু ২০১৫ ত পদ্মভূষণেৰে ভাৰত চৰকাৰে সন্মানিতও কৰিলে অসম মাতৃৰ এইগৰাকী সু-সন্তানক ৷ ভাৰতীয় ছবি পৰিচালক সন্থাৰ সভাপতিৰ আসনতো অধিষ্ঠিত হোৱা জাহ্নু বৰুৱা বহু বছৰ পূৰ্বেই মুম্বাইৰ বাসিন্দা হ'ল যদিও শিপা এৰি দিয়া মানুহ নহয় তেওঁ ৷ অসমীয়া মানুহে, অসমীয়া জাতিয়ে যিকোনো বিপদকালত সদায়ে ওচৰত পাই আহিছে এইগৰাকী বিশ্ব পৰিচিত ছবি পৰিচালকক ৷

অভিনেতাৰূপে ক'ত দেখা পাব জাহ্নু বৰুৱাক:

অ' টি টি প্লেটফ'ৰ্ম আমাজ'ন প্ৰাইমত ২০২০ ত এখন অতি জনপ্ৰিয় থ্ৰিলাৰ ৱেব ছিৰিজ চলিছিল ৷ নাম আছিল- 'পাতাল লোক' ৷ সেই ছিৰিজৰে নতুন সংস্কৰণ 'পাতাল লোক ২' আৰম্ভ হৈছে আমাজ'ন প্ৰাইমত ৷ দেশজুৰি এতিয়া তুমুল চৰ্চা আৰম্ভ হৈছে অবিনাশ অৰুণ ধাৱাৰে পৰিচালিত 'পাতাল লোক ২' ক লৈ ৷ এইবাৰৰ ছিজনত ৱেব ছিৰিজখনৰ পটভূমি নাগালেণ্ড ৷

কিয় ? নাগালেণ্ড ইমান অস্থিৰ কিয় ? নগা বিদ্ৰোহৰ আঁৰৰ প্ৰকৃত কাৰণবোৰ আন্তৰিকতাৰে কোনোবাই বিচাৰ কৰি চাব খোজেনে ? ভাৰতৰ একাষৰীয়া এখন ৰাজ্য বুলি নাগালেণ্ডক বা উত্তৰ-পূবক একাংশ মূলসুতিৰ ভাৰতীয়ই অৱজ্ঞা কৰে কিয় ? 'পাতাল লোক ২' ত এইধৰণৰ চিন্তা উদ্ৰেককাৰী বহু প্ৰশ্নৰ উত্তৰ দিছে আংকল কেন নামৰ চৰিত্ৰটোৱে ৷ ৱেব ছিৰিজখনৰ এটা অন্যতম প্ৰধান চৰিত্ৰ নগা বিদ্ৰোহী নেতা আংকল কেন ৷ আংকল কেন আন কোনো নহয় ৷ জাহ্নু বৰুৱা ৷

JAHNU BARUA INTERVIEW
জাহ্নু বৰুৱা পৰিচালিত 'ভগা খিৰিকী' (Photo : ETV Bharat Assam)

আংকল কেনে কাক প্ৰতিনিধিত্ব কৰিছে:

জাহ্নু বৰুৱাই অভিনয় কৰা চৰিত্ৰটো হৈছে আংকল কেন ৷ এজন নগা বিদ্ৰোহী নেতা ৷ আংকল কেনে প্ৰতিনিধিত্ব কৰিছে দশক দশকজুৰি অৱহেলিত হৈ থকা নগা জাতিৰ বিদ্ৰোহী সত্তাটোক ৷ যাৰ বাবে সৃষ্টি হৈছে বিদ্ৰোহ ৷ প্ৰচলিত ৰাজনৈতিক ব্যৱস্থা আৰু চৰকাৰী প্ৰশাসন ব্যৱস্থাই বীতশ্ৰদ্ধ কৰি তুলিছে আংকল কেনক ৷ আংকল কেনৰ এই বিদ্ৰোহৰ ফিৰিঙতি জ্বলিছিল তেওঁৰ নিজৰ ঘৰখনৰ পৰাই ৷ কিয়নো তেওঁৰ পিতৃ আছিল এগৰাকী অতি দুৰ্নীতিগ্ৰস্ত ৰাজনৈতিক নেতা ৷

JAHNU BARUA INTERVIEW
জাহ্নু বৰুৱাৰ 'সাগৰলৈ বহু দূৰ' (Photo : ETV Bharat Assam)

আংকল কেনৰ বিদ্ৰোহ আছিল পিতৃয়ে প্ৰতিনিধিত্ব কৰি থকা দুৰ্নীতিগ্ৰস্ত সেই ৰাজনৈতিক ব্যৱস্থাটোৰ বিৰুদ্ধে ৷ নগা জাতি স্বাধীনচিতিয়া ৷ আত্মনিয়ন্ত্ৰণ বিচাৰে নগা জাতিয়ে ৷ আংকল কেন হৈছে সেই সত্তাটোৰ প্ৰতিনিধি ৷ ইয়াৰ বাবে দীঘলীয়া সংগ্ৰাম চলিছে আৰু চলি থাকিব ৷ নগা সমস্যাৰ গভীৰলৈ গৈ মূল গুৰি বিচাৰি পোৱাত 'পাতাল লোক ২' ত এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে জাহ্নু বৰুৱাই অভিনয় কৰা আংকল কেন নামৰ এই চৰিত্ৰটোৱে ৷

JAHNU BARUA INTERVIEW
জাহ্নু বৰুৱা পৰিচালিত 'ফিৰিঙতি' (Photo : ETV Bharat Assam)

৪২ বছৰে কেমেৰাৰ পিছফালে থকা মানুহজন কিয় ওলাই আহিল দৰ্শকৰ আগলৈ:

"অভিনেতা হোৱাৰ মোৰ কোনো ইচ্ছা নাই বা হাবিয়াসো নাই ৷ অত বছৰে পৰ্দাৰ আঁৰত থাকিয়েই কাম কৰিলো ৷ মোৰ বহুতৰে লগত ভালভাব নাই ৷ বিশেষকৈ সেই সকলৰ লগত যি সকলে আমাৰ উত্তৰ পূবক এখন একাষৰীয়া ৰাজ্য হিচাপে গন্য কৰি সদায় অৱজ্ঞাৰ দৃষ্টিৰে চায় বা অসন্মান কৰে ৷ মোলৈ মাজে-সময়ে অভিনয়ৰ প্ৰস্তাৱ আহি থাকে ৷ কাকোৱেই মই সন্মতি নিদিও ৷ কিন্তু এইবাৰ যেতিয়া পাতাল লোক ২ ৰ প্ৰস্তাৱটো আহিল তেতিয়া মই দেখিলো যে এওঁলোকে সঁচাকৈয়ে আমাৰ উত্তৰ পূবৰ বিষয়ে, নাগালেণ্ডৰ প্ৰকৃত সমস্যাৰাজিৰ বিষয়ে ভালকৈ অধ্যয়ন কৰিহে কামটো হাতত লৈছে ৷ সেয়ে মই না কৰিব নোৱাৰিলো ৷" ই টিভি ভাৰতৰ আগত এইদৰে মন্তব্য কৰিলে জাহ্নু বৰুৱাই ৷

JAHNU BARUA INTERVIEW
জাহ্নু বৰুৱা (Photo : ETV Bharat Assam)

অষ্ট্ৰেলিয়া-ব্ৰিটেইনৰ সৈতে কি কামত এতিয়া ব্যস্ত জাহ্নু বৰুৱা:

২০১৮ চনতে অসমীয়া দৰ্শকে পাইছিল জাহ্নু বৰুৱাৰ শেষৰখন ছবি 'ভগা খিৰিকী' ৷ এতিয়া ২০২৫ হ'ল ৷ কিয় ইমান দীঘলীয়া বিৰতি ? ইয়াৰ উত্তৰত বৰুৱাই ক'লে- "আচলতে যোৱা দীঘলীয়া সময়জুৰি মই দুখন বিদেশী ৰাষ্ট্ৰৰ লগত তিনিটা ডাঙৰ প্ৰজেক্টত ব্যস্ত হৈ আছো ৷ এটা অষ্ট্ৰেলিয়াৰ লগত আৰু এটা ইউ কেৰ লগত ৷ মই মোৰ কামবোৰ খুব লাহে লাহে কৰো ৷ এই প্ৰজেক্ট কেইটাৰ প্ৰি-প্ৰডাক্সনৰ কাম কৰি আছো ৷ এনেয়ো মই আগতীয়াকৈ ঢোল কোবাই বৰ ভাল নাপাওঁ ৷ অষ্ট্ৰেলিয়া আৰু ইউ কেৰ দুয়োটা প্ৰজেক্ট ইংৰাজী আৰু অসমীয়াতে হ'ব ৷"

হিউৱেন বৰুৱা কোন আছিল:

আজিৰ প্ৰজন্মৰ বহু অসমীয়াই হয়তো নাজানে ভাৰতৰ এগৰাকী আগশাৰীৰ চলচ্চিত্ৰ সম্পাদক হিউৱেন বৰুৱাৰ বিষয়ে ৷ আজিৰ প্ৰজন্মই কিয়, পুৰণি চামৰো বহুতেই নাজানে এই কথা ৷ হিউৱেন বৰুৱা আন কোনো নহয় ৷ জাহ্নু বৰুৱাৰেই ছদ্মনাম ৷ হিউৱেন বৰুৱা নাম লৈ তেওঁ অনেক ছবিৰ সম্পাদনা কৰিছে ৷ আমি যেতিয়া হিউৱেন বৰুৱাৰ বিষয়টো উলিয়াইছিলো তেতিয়া পোনপটীয়াকৈ একো নকৈ স্বভাৱজাত হাঁহিটোৰেই জাহ্নু বৰুৱাই যেন বহু প্ৰশ্নৰ উত্তৰ দি গ'ল !

লগতে পঢ়ক : সত্ৰীয়া সংস্কৃতিৰ সাধনাত ব্ৰতী পদ্মভূষণ যতীন গোস্বামীৰ কথাৰে....

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.