ETV Bharat / health

বৃক্কৰ পাথৰৰ সমস্যাৰ ক্ষেত্ৰত বাৰুকৈয়ে দুপৰটেঙা লাভদায়ক নেকি ? কি কয় কয় গৱেষণাই - KIDNEY STONE TREATMENT

আপুনিও বৃক্কৰ পাথৰৰ সমস্যাৰ সৈতে যুঁজি আছে নেকি, তেন্তে কামত আহিব এইবিধ ঔষধ ৷ এই সন্দৰ্ভত গৱেষণাই কি কয় জানো আহক-

Bryophyllum Pinnatum Leaf: An Ayurvedic Remedy for Kidney Stone Treatment research
বৃক্কৰ পাথৰৰ সমস্যাৰ ক্ষেত্ৰত বাৰুকৈয়ে দুপৰটেঙা লাভদায়ক নেকি ? কি কয় কয় গৱেষণাই (ETV Bharat)
author img

By ETV Bharat Health Team

Published : Jan 28, 2025, 5:11 PM IST

Ayurvedic medicine for kidney stones: পানী কমকৈ খোৱা, ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি হোৱা, কেলচিয়ামৰ ঔষধ অত্যধিক পৰিমাণে সেৱন কৰা, চেনি বা ছডিয়াম অত্যধিক সেৱন আদি বহু কাৰণত বৃক্কত পাথৰৰ সৃষ্টি হ’ব পাৰে ৷ কিন্তু এই সমস্যাৰ আয়ুৰ্বেদিক চিকিৎসাৰ বিষয়ে জানেনে ? যদি নাজানে, তেন্তে আজি এই প্ৰতিবেদনৰ জৰিয়তে বিশেষজ্ঞৰ পৰা জানো আহক-

দুপৰটেঙা কেনেকৈ আমাৰ বাবে ফলপ্ৰসূ

NIHৰ মতে, সহজে উপলব্ধ দুপৰটেঙা পাত আপোনাৰ বৃক্কৰ স্বাস্থ্যৰ বাবে অতিকৈ উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ৷ বৃক্কৰ পাথৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি দুপৰটেঙাৰ পাতৰ সহায় ল’ব পাৰে ৷ ইয়াৰ বাবে দুপৰটেঙাৰ পাত এটা লৈ তাৰ পিচত তাত মিশ্ৰি অলপ দিব ৷ এতিয়া এই দুয়োটা বস্তু ভালদৰে পিহি লওক ৷ এইদৰে মিশ্ৰিৰ সৈতে দুপৰটেঙা পাতৰ ৰস সেৱন কৰিলে বৃক্কৰ পাথৰৰ সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰে ৷

কুহুমীয়া পানীৰ লগত খাব পাৰে

যদি আপুনি বিচাৰে তেন্তে এই গছৰ পাত আপোনাৰ খাদ্য পৰিকল্পনাত কুহুমীয়া পানীৰ সৈতেও অন্তৰ্ভুক্ত কৰিব পাৰে ৷ প্ৰথমে দুপৰটেঙাৰ দুটা পাত লওক ৷ এতিয়া এই পাতবোৰ ধুই পৰিষ্কাৰ কৰি লওক ৷ ইয়াৰ পিছত এই পাতবোৰ কুহুমীয়া পানীৰ সৈতে চোবাই খাব পাৰে ৷ প্ৰতিদিনে পুৱা খালী পেটত এই নিয়ম মানি চলিলে কিডনীৰ পাথৰ সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ লাভ কৰিব পাৰে ৷

আপোনাৰ ৰুটিনত যোগাসন অন্তৰ্ভুক্ত কৰক

আপোনাৰ খাদ্য পৰিকল্পনাত পাতেগজা বা দুপৰটেঙা অন্তৰ্ভুক্ত কৰাৰ লগতে কিছুমান যোগাসনো আপোনাৰ ৰুটিনত অন্তৰ্ভুক্ত কৰিব পাৰে ৷ আয়ুৰ্বেদৰ মতে মুদ্ৰাসন, ভূজংগাসন, পচ্চিমোত্তানাসন, কপালভাটি আৰু অনুলোম-ভিলোম আদি যোগাসনে বৃক্কৰ পাথৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰাত সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে ৷ অৱশ্যে এই যোগাসনবোৰ যোগ গুৰুৰ তত্বাৱধানতহে আৰম্ভ কৰিব লাগে ৷

(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)

লগতে পঢ়ক

  1. ছাল-চকু-চুলিৰ বাবে খুবেই উপকাৰী এইবিধ ফলৰ ৰস: বিশেষজ্ঞ
  2. আপুনি শতমূল খায়নে ? উপকাৰিতা জানি তবধ মানিব আপুনি - Asparagus Benefits
  3. আজিয়েই কিনি থৈ দিয়ক এই আয়ুৰ্বেদিক বনৌষধি...ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত কৰিব সহায় - Ayurvedic Herbs For Weight Loss

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.