হায়দৰাবাদ : অনুৰাগীসকলে আই চি চি পুৰুষ চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ বাবে গভীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে । তাৰ মাজতে পাকিস্তান ক্ৰিকেট বোৰ্ডে (পি চি বি) চেম্পিয়নছ ট্ৰফীৰ টিকটৰ মূল্য ঘোষণা কৰিছে । ভাৰতৰ তুলনাত এই টিকটৰ মূল্য যথেষ্ট সস্তা ।
চেম্পিয়নছ ট্ৰফীৰ টিকৰ মূল্য
পি চি বিৰ মতে চেম্পিয়নছ ট্ৰফী ২০২৫ টিকটৰ মূল্য ১০০০ পাকিস্তান টকা (পি কে আৰ) । যাৰ মূল্য ভাৰতীয় মুদ্ৰাত ৩১০ টকাৰ সমান । যাক লৈ বিভিন্ন মহলত চৰ্চা হৈছে । কিয়নো ভাৰতত ১ কিলোগ্ৰাম পনীৰৰ দামো তাতকৈ বেছি । ভাৰতত ১ কিলোগ্ৰাম পনীৰৰ গড় মূল্য প্ৰায় ৪০০ টকা ।
পি টি আইৰ প্ৰতিবেদন অনুসৰি পি চি বিয়ে কৰাচী, লাহোৰ আৰু ৰাৱালপিণ্ডিত গ্ৰুপ পৰ্যায়ৰ খেলৰ বাবে নিম্নতম টিকটৰ মূল্য ১০০০ পি কে আৰ নিৰ্ধাৰণ কৰিছে । যাৰ লক্ষ্য হৈছে প্ৰতিযোগিতাখন সকলো শ্ৰেণীৰ অনুৰাগীৰ বাবে উপলব্ধ কৰা । ৰাৱালপিণ্ডিত পাকিস্তান বনাম বাংলাদেশৰ দৰে গুৰুত্বপূৰ্ণ খেলত টিকটৰ মূল্য ২০০০ পি কে আৰ (ভাৰতীয় মূদ্ৰাত ৬২০ টকা)ৰ পৰা আৰম্ভ হয় । ছেমি ফাইনেলত টিকটৰ মূল্য ২৫০০ পি কে আৰ (ভাৰতীয় মূদ্ৰাত ৭৭৬ টকা) পৰা আৰম্ভ হয় ।
প্ৰিমিয়াম দৰ্শনৰ অভিজ্ঞতা লাভ কৰিবলৈ গ্ৰুপ-পৰ্যায়ৰ খেলৰ বাবে ১২,০০০ পি কে আৰ (ভাৰতীয় হিচাপত ৩৭২৬ টকা) আৰু ছেমি ফাইনেলত ২৫০০০ পি কে আৰ (ভাৰতীয় হিচাপত ৭৭৬৪ টকা)ৰ বাবদ ভি ভি আই পি টিকট উপলব্ধ হ'ব । স্থানৰ ওপৰত নিৰ্ভৰ কৰি প্ৰিমিয়াৰ ষ্টেণ্ডৰ বাবে টিকটৰ মূল্য পি কে আৰ ৩৫০০ৰ পৰা পি কে আৰ ৭০০০ (১০৮৬-২১৭০ টকা)লৈকে হয় ।
ভাৰতৰ খেলবোৰ ডুবাইত হ'ব
ভাৰতীয় দলটোক পাকিস্তানলৈ প্ৰেৰণ নকৰাৰ বি চি চি আইৰ সিদ্ধান্তৰ বাবে ভাৰতৰ সকলোবোৰ মেচ ডুবাইত অনুষ্ঠিত হ'ব । অৱশ্যে এই খেলবোৰৰ টিকটৰ মূল্য এতিয়াও প্ৰকাশ কৰা হোৱা নাই । লক্ষণীয়ভাৱে যদি ভাৰতে ছেমিফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে আৰু ফাইনেললৈ অগ্ৰসৰ হয়, তেন্তে ছেমি ফাইনেল ১ আৰু ফাইনেল দুয়োখন ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ।
এই বছৰৰ চেম্পিয়নছ ট্ৰফীত আয়োজক পাকিস্তানকে ধৰি ৮ টা দল আছে । যিবোৰ ডিফেণ্ডিং চেম্পিয়ন আৰু পূৰ্বৱৰ্তী সংস্কৰণৰ ৰানাৰ্ছ আপ ভাৰত, ইংলেণ্ড, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, নিউজীলেণ্ড, বাংলাদেশ আৰু আফগানিস্তান । প্ৰথমবাৰৰ বাবে শ্ৰীলংকা আৰু দ্বিতীয়বাৰৰ বাবে ৱেষ্ট ইণ্ডিজ চেম্পিয়নছ ট্ৰফীৰ অংশ নহ'ব ।