মৰিগাঁও : উমৰাংছ'ৰ কয়লাখনিৰ দুৰ্ঘটনা প্ৰসংগত ৰাজ্যিক কেবিনেটৰ একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ ৷ মৰিগাঁও আয়ুক্তৰ কাৰ্যালয়ত বৃহস্পতিবাৰে অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছতেই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে সমগ্ৰ ঘটনাৰ উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ এজনীয়া আয়োগৰ দ্বাৰা তদন্ত কৰাৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে ।
কেবিনেট বৈঠকৰ পিছতেই মুখ্যমন্ত্ৰীৰ ঘোষণা, “উমৰাংছ'ৰ কয়লাখনি দুৰ্ঘটনাৰ ন্যায়িক তদন্ত কৰাৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে । উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়ধীশ অণিমা হাজৰিকাৰ অধীনত ন্যায়িক আয়োগে তদন্ত কৰিব ৷ ৩ মাহৰ ভিতৰত আয়োগে দাখিল কৰিব লাগিব প্ৰতিবেদন ৷”
আনহাতে, কয়লাখনিত কৰুণ মৃত্যক সাৱটি ল’বলগীয়া হোৱা মৃতকৰ পৰিয়াললৈ ১০ লাখ টকাকৈ এককালীন সাহাৰ্য প্ৰদানৰ কেবিনেটৰ সিদ্ধান্তৰ কথাও ঘোষণা মুখ্যমন্ত্ৰীৰ ৷ কেবিনেটৰ সিদ্ধান্তমৰ্মে মৃতকৰ লগতে নিৰুদ্দিষ্টৰ পৰিয়াললৈ ১০ লাখ টকাৰ এককালীন সাহাৰ্য ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ৷
লগতে তেওঁ সংবাদ মাধ্যমক জনাই যে সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে আৰক্ষীৰ বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰা হ’ব ৷ এই SIT গঠনৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ দিয়া হৈছে । এই ন্যায়িক তদন্তৰ তদাৰকী কৰিব উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অণিমা হাজৰিকাক লৈ গঠিত এজনীয়া আয়োগে ।
মুখ্যমন্ত্ৰীয়ে লগতে জনাই, “এতিয়ালৈকে ৪ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ উমৰাংছ'ৰ দুৰ্ঘটনা ঘটা কয়লাখনিত আছিল ১৪ কোটি লিটাৰ পানী । বর্তমান সময়লৈকে উলিওৱা হৈছে ৪ কোটি লিটাৰ পানী । এতিয়াও ১১ কোটি লিটাৰ পানী আছে খনিটোত । এই পানী নিষ্কাশন কৰিবলৈ ২৫ৰ পৰা ৬০ দিন সময় লাগিব পাৰে ৷”
লগতে উমৰাংছ'ত থকা পৰিত্যক্ত কয়লাখনিসমূহৰ গাঁতবোৰ পুতি পেলাবলৈ ব্যৱস্থা কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীৰ মৰিগাঁৱত ঘোষণা । উল্লেখ্য যে যোৱা ৬ জানুৱাৰীত উমৰাংছ'ৰ এই কয়লিখনিত 'ৰেট হ'ল মাইনিঙ'ৰ জৰিয়তে কয়লা খনন কৰিবলৈ গৈ খনিৰ গাঁতৰ পানীত আবদ্ধ হৈ পৰিছিল শ্ৰমিকৰ এটা দল ।
পৰৱৰ্তী সময়ত ৪ জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হয় যদিও কেইবাজনো শ্ৰমিক এতিয়ালৈকে নিৰুদ্দিষ্ট হৈ আছে । আনকি শেহতীয়াভাৱে উদ্ধাৰকাৰ্য আধাতেই সামৰি নৌসেনাৰ ডুবাৰুও উভতি যায় । সমগ্ৰ দুৰ্ঘটনাটোত মুঠ ২০ গৰাকী শ্ৰমিক আবদ্ধ হৈ পৰাৰ কথা সদৰী হৈছিল যদিও মুখ্যমন্ত্ৰীয়ে বৃহস্পতিবাৰে জনোৱা তথ্য অনুসৰি কয়লাখনিটোত চাৰিজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে নিৰুদ্দিষ্ট হৈ আছে পাঁচজন ।
ইফালে এই অবৈধ খনন আৰু শ্ৰমিকৰ মৃত্যক লৈ সৰ্বস্তৰতে কঠোৰভাৱে সমালোচিত হয় ৰাজ্য চৰকাৰ ৷ আনকি নাম সাঙোৰ খাই পৰে ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোচা আৰু তেওঁৰ পত্নী কণিকা হোজাইৰ নাম ৷ তাৰ মাজতেই বৃহস্পতিবাৰৰ কেবিনেটত ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উমৰাংছ'ৰ কয়লাখনিৰ দুৰ্ঘটনাৰ ন্যায়িক তদন্ত আৰু নিহত তথা নিৰুদ্দিষ্টৰ পৰিয়াললৈ ১০ লাখ টকাকৈ এককালীন বিত্তীয় সাহাৰ্য প্ৰদানৰ সিদ্ধান্ত লয় ।