নিৰ্বাচনৰ বাবে কেনেদৰে প্ৰস্তুত হৈছে ইউ পি পি এল ? ক'লে প্ৰমোদ বড়োৱে - BTR ELECTION 2025
🎬 Watch Now: Feature Video
Published : Jan 13, 2025, 7:42 PM IST
ৰঙিয়া : বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন সমাগত । অৱশ্যে এতিয়াও নিৰ্বাচনৰ বাবে কোনো দিন-তাৰিখ ঘোষণা কৰা হোৱা নাই । কিন্তু তাৰ মাজতে একপ্ৰকাৰ যেন নিৰ্বাচনৰ বাবে সাজু বি টি এ ডিৰ শাসনাধিষ্ঠিত ইউ পি পি এল । এই কথা প্ৰকাশ পাইছে বি টি এ ডি প্ৰধান প্ৰমোদ বড়োৰ ভাষ্যত ।
সোমবাৰে বি টি এ ডি প্ৰধান প্ৰমোদ বড়োৱে কয়, "নিৰ্বাচনৰ বাবে কথা পাতিবলৈ সময় আছে । এনেইতো ডিচেম্বৰত চৰকাৰৰ কাৰ্যকাল শেষ হয় । কিন্তু ইয়াৰ আগে-পিছে কোনোবা সময়ত নিৰ্বাচন যদি হয়ো তেতিয়াও আমি সাজু আছোঁ । যোৱা চাৰিটা বছৰত মূল মূল বিষয়বোৰৰ ওপৰত আমি ইতিমধ্যে কাম কৰিলোঁ । শান্তি আহিল বি টি আৰ অঞ্চলত । সকলোৱে নিৰাপত্তা পালে । এটা ভাল বাতাৱৰণ আহিল ।"
তেওঁ লগতে কয়, "এইটো সময়ত যিটো নিৰ্বাচন আহিব সেইটো এটা সুস্থ পৰিৱেশত হ'ব । আগৰ সময়ত বন্দুক-বাৰুদ, অলপ ভয়-ভাবুকিত নিৰ্বাচনবিলাক হৈছিল । আজিৰ তাৰিখত গণতন্ত্ৰ শক্তিশালী হ'ল । গতিকে ভাল পৰিৱেশত নিৰ্বাচন হ'ব । ৰাইজে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ।"